< Ƙidaya 14 >

1 A daren nan, sai dukan jama’ar suka tā da murya, suka yi kuka da ƙarfi.
পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।
2 Dukan Isra’ilawa suka yi gunaguni a kan Musa da Haruna, dukan taron kuwa suka ce musu, “Da ma mun mutu a Masar! Ko kuma a wannan hamada ma!
আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!
3 Don me Ubangiji yana kawo mu wannan ƙasa yă bar mu kawai mu mutu da takobi? A kuma kwashe matanmu da’ya’yanmu ganima. Ashe, bai fi mana mu koma Masar ba?”
যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”
4 Sai suka ce wa junansu, “Mu naɗa wa kanmu shugaba, mu koma Masar.”
পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
5 Sai Musa da Haruna suka fāɗi rubda ciki a gaban jama’ar Isra’ilawa da suka taru a can.
তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।
6 Yoshuwa ɗan Nun da Kaleb ɗan Yefunne waɗanda suke tare da masu leƙo asirin ƙasar, suka yayyage tufafinsu
দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
7 suka ce wa dukan taron Isra’ilawa, “Ƙasar da muka ratsa, muka kuma leƙi asirinta, tana da kyau sosai.
ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ।
8 In Ubangiji ya ji daɗinmu, zai kai mu ƙasan nan, ƙasar da take zub da madara da zuma, yă kuwa ba mu ita.
যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
9 Sai dai kada ku tayar wa Ubangiji. Kada kuma ku ji tsoron mutane ƙasar, domin za mu gama da su. Kāriyarsu ta gama, amma Ubangiji yana nan tare da mu. Kada ku ji tsoronsu.”
কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
10 Amma taron jama’a suka ce za su jajjefe su da duwatsu. Sai ɗaukakar Ubangiji ta bayyana a Tentin Sujada ga dukan Isra’ilawa.
১০কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।
11 Ubangiji ya ce wa Musa, “Har yaushe mutanen nan za su rena ni? Har yaushe za su ƙi gaskata da ni, duk da yawan mu’ujizan da nake yi a cikinsu?
১১পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
12 Zan buge su duka da annoba, in hallaka su, amma zan mai da kai al’umma mai girma, da kuma ƙarfi fiye da su.”
১২মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”
13 Sai Musa ya ce wa Ubangiji, “Ai, Masarawa za su ji game da wannan! Da ikonka ka fitar da mutanen nan daga cikinsu.
১৩মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।
14 Za su kuwa gaya wa mutanen wannan ƙasa. Sun riga sun ji cewa kai, ya Ubangiji, kana tare da waɗannan mutane, kuma cewa kai, ya Ubangiji, an gan ka fuska da fuska, cewa girgijenka ya tsaya bisansu, cewa kana tafiya a gabansu cikin ginshiƙin girgije da rana, da ginshiƙin wuta kuma da dare.
১৪আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
15 In ka kashe dukan mutanen nan gaba ɗaya, al’ummai da suka ji wannan labari game da kai za su ce,
১৫এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
16 ‘Ubangiji ya kāsa kai waɗannan mutane a ƙasar da ya yi alkawari da rantsuwa ne, shi ya sa ya kashe su a hamada.’
১৬‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।
17 “Yanzu bari Ubangiji yă nuna ikonsa, kamar dai yadda ka furta.
১৭এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
18 ‘Ubangiji mai jinkiri fushi ne, mai yawan ƙauna, mai gafarta zunubi da tawaye. Duk da haka ba ya ƙyale mai laifi, babu horo. Yana horin’ya’ya saboda zunubin iyayensu har tsara ta uku, da ta huɗu.’
১৮তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
19 Bisa ga ƙaunarka mai girma, ka gafarta zunubin mutanen nan, kamar dai yadda ka gafarta musu daga lokacin da suka bar Masar har zuwa yanzu.”
১৯বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
20 Ubangiji ya amsa ya ce, “Na gafarta musu, yadda ka roƙa.
২০তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।
21 Duk da haka, muddin ina raye, kuma muddin ɗaukakar Ubangiji ta cika dukan duniya,
২১তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,
22 ko ɗaya daga cikinsu da suka ga ɗaukakata da mu’ujizai da na yi a Masar, da kuma a cikin hamada, da suka ƙi yin mini biyayya, suka kuma gwada ni har sau goma,
২২তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
23 ba ko ɗayansu da zai gan ƙasar da na yi alkawari da rantsuwa zan ba wa kakanninsu. Ba ko ɗaya da ya rena ni, da zai taɓa ganinta.
২৩তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,
24 Amma domin Kaleb bawana ya kasance da ruhu dabam, ya kuma bi ni da zuciya ɗaya, zan kai shi cikin ƙasar da ya je, zuriyarsa kuwa za su gāje ta.
২৪কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
25 Da yake Amalekawa da Kan’aniyawa suna zama a kwarin, gobe sai ka koma baya, ka nufi wajen hamada ta hanyar Jan Teku.”
২৫অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
26 Ubangiji ya ce wa Musa da Haruna,
২৬পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে,
27 “Har yaushe wannan muguwar al’umma za tă yi gunaguni a kaina? Na ji koke-koken waɗannan Isra’ilawa masu gunaguni.
২৭“মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
28 Saboda haka ka gaya musu cewa, ‘Muddin ina raye, in ji Ubangiji, zan yi muku daidai da abin da na ji kuke faɗa.
২৮তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম
29 A cikin wannan hamadan, jikunanku za su fāɗi, kowanne a cikinku mai shekara ashirin ko fiye, wanda aka ƙirga shi cikin ƙidaya, wanda kuma ya yi gunaguni a kaina, da zai shiga wannan ƙasa.
২৯তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
30 Ba ko ɗaya daga cikinku da zai shiga ƙasar da na ɗaga hannu na rantse, za tă zama gidanku, sai dai Kaleb ɗan Yefunne da Yoshuwa ɗan Nun.
৩০মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
31 Amma game da’ya’yanku da kuka ce za a kwashe ganima, zan kawo su cikin ƙasar, su ji daɗin ƙasar wadda kuka ƙi.
৩১কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
32 Amma ku, jikunanku za su fāɗi a wannan hamada.
৩২কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।
33 ’Ya’yanku za su zama makiyaya a nan, shekaru arba’in suna shan wahala domin rashin amincinku, har sai mutum na ƙarshe a cikinku ya kwanta a hamada.
৩৩আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
34 Shekaru arba’in, shekara ɗaya a madadi kwana ɗaya cikin kwanakin arba’in da kuka ɗauka kuka leƙi asirin ƙasa, za ku sha wahala saboda zunubanku, ku kuma san abin da ake nufi da sa ni in yi gāba da ku.’
৩৪তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।
35 Ni, Ubangiji na faɗa, zan kuwa aikata waɗannan abubuwa a kan dukan muguwar jama’an nan da suka haɗa kai, suka tayar mini. Za su sadu da ƙarshensu a wannan hamada; a nan za su mutu.”
৩৫মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
36 Saboda haka mutanen da Musa ya aika, su leƙo asirin ƙasar, waɗanda suka komo, suka sa taron jama’a su yi gunaguni a kansa saboda sun kawo rahoto mai banrazana a kan ƙasar,
৩৬পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,
37 waɗannan mutanen da suka kawo rahoto mai banrazana a kan ƙasar, annoba ta buge su, suka kuwa mutu a gaban Ubangiji.
৩৭দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।
38 Daga cikin mutanen da suka leƙo asirin ƙasar, Yoshuwa ɗan Nun, da Kaleb ɗan Yefunne ne, kaɗai suka rayu.
৩৮দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
39 Da Musa ya gaya wa dukan Isra’ilawa wannan labari, sai suka yi baƙin ciki ƙwarai.
৩৯মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে।
40 Kashegari da sassafe suka haura ta wajen ƙasa mai tudu suka ce, “Mun yi zunubi, za mu tafi inda Ubangiji ya yi alkawari.”
৪০পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”
41 Amma Musa ya ce, “Don me kuke rashin biyayya da umarnin Ubangiji? Wannan ba zai yiwu ba!
৪১তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।
42 Kada ku haura, domin Ubangiji, ba ya tare da ku. Magabtanku za su ci nasara a kanku,
৪২তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।
43 gama Amalekawa da Kan’aniyawa za su kara da ku a can. Domin kun juya daga Ubangiji, ba zai kasance da ku ba, za a kuma karkashe ku da takobi.”
৪৩কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
44 Duk da haka, suka yi tsammani ba zai zama haka ba, sai suka haura ta wajen ƙasa mai tudu, Musa da akwatin alkawarin Ubangiji dai ba su gusa daga sansanin ba.
৪৪তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।
45 Sai Amalekawa da Kan’aniyawa mazaunan ƙasar tudu, suka gangaro suka auka musu, suka bubbuge su suka kokkore su har Horma.
৪৫তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।

< Ƙidaya 14 >