< Mattiyu 5 >

1 Ganin taron mutane, sai ya hau kan gefen dutse ya zauna. Almajiransa kuwa suka zo wurinsa,
তেতিয়া যীচুৱে বহু লোকৰ ভিৰ দেখা পাই পাহাৰৰ ওপৰলৈ গ’ল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকল তেওঁৰ ওচৰলৈ আহিল।
2 sai ya fara koya musu. Yana cewa,
তেওঁ মাত লগাই তেওঁলোকক এই বুলি উপদেশ দিবলৈ ধৰিলে,
3 “Masu albarka ne waɗanda suke matalauta a ruhu, gama mulkin sama nasu ne.
আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
4 Masu albarka ne waɗanda suke makoki, gama za a yi musu ta’aziyya.
শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।
5 Masu albarka ne waɗanda suke masu tawali’u, gama za su gāji duniya.
নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন অধিকাৰ কৰিব।
6 Masu albarka ne waɗanda suke jin yunwa da ƙishirwa don gani an yi adalci, gama za a ƙosar da su.
ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।
7 Masu albarka ne waɗanda suke masu jinƙai, gama za a nuna musu jinƙai.
দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে দয়া পাব।
8 Masu albarka ne waɗanda suke masu tsabtar zuciya, gama za su ga Allah.
নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
9 Masu albarka ne waɗanda suke masu ƙulla zumunci, gama za a kira su’ya’yan Allah.
মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
10 Masu albarka ne waɗanda ake tsananta musu don gani an yi adalci, gama mulkin sama nasu ne.
১০ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
11 “Masu albarka ne ku, sa’ad da mutane suke zaginku, suna tsananta muku, suna kuma faɗin kowace irin muguwar magana a kanku saboda ni.
১১যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
12 Ku yi murna ku kuma yi farin ciki, domin ladarku mai yawa ne a sama, gama haka suka tsananta wa annabawan da suka riga ku.
১২আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
13 “Ku ne gishirin duniya, amma in gishiri ya rabu da daɗin ɗanɗanonsa, yaya za a sāke mai da daɗin ɗanɗanonsa? Ba shi da sauran amfani, sai dai a zubar da shi mutane kuma su tattaka.
১৩তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।
14 “Ku ne hasken duniya. Birnin da yake a bisan tudu ba ya ɓoyuwa.
১৪তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে।
15 Mutane ba sa ƙuna fitila su rufe ta da murfi. A maimako, sukan ajiye ta a kan wurin ajiye fitila, takan kuma ba da haske ga kowa a cikin gida.
১৫মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।
16 Haka ma, bari haskenku yă haskaka a gaban mutane, domin su ga ayyukanku masu kyau, su kuwa yabi Ubanku da yake cikin sama.
১৬এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
17 “Kada ku yi tsammani na zo ne domin in kawar da Doka ko kuma Annabawa; ban zo domin in kawar da su ba ne, sai dai domin in ciccika su.
১৭নাভাবিবা যে মই বিধানবা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ, কিন্তু সিদ্ধকৰিবলৈহে আহিলোঁ।
18 Gaskiya nake gaya muku, kafin sama da ƙasa sun shuɗe, babu ko ɗan wasali, babu wani ɗigo ta kowace hanya da zai ɓace daga Dokar, sai an cika kome.
১৮কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
19 Duk wanda ya karya ɗaya daga cikin mafi ƙanƙanta na umarnan nan, ya kuma koya wa waɗansu su yi haka, za a ce da shi mafi ƙanƙanta a mulkin sama. Amma duk wanda ya aikata, ya kuma koyar da waɗannan umarnai, za a kira shi mai girma a cikin mulkin sama.
১৯এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
20 Gama ina faɗa muku cewa in dai adalcinku bai fi na Farisiyawa da na malaman dokoki ba, faufau, ba za ku shiga mulkin sama ba.
২০কিয়নো মই তোমালোকক কওঁ, তোমালোকৰ ধাৰ্মিকতা, ধর্মীয় অধ্যাপক আৰু ফৰীচী সকলতকৈ অধিক নহলে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত প্রৱেশ কৰিব নোৱাৰিবা।
21 “Kun dai ji an faɗa wa mutanen dā cewa, ‘Kada ka yi kisankai; kuma duk wanda ya yi kisankai za a hukunta shi.’
২১তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ-বধ নকৰিবাআৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব।
22 Amma ina gaya muku, duk wanda ya yi fushi da ɗan’uwansa, za a hukunta shi. Kuma duk wanda ya ce wa ɗan’uwansa ‘Raka,’za a kai shi gaban Majalisa. Amma duk wanda ya ce, ‘Kai wawa!’ Zai kasance a hatsarin shiga jahannama ta wuta. (Geenna g1067)
২২কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব। (Geenna g1067)
23 “Saboda haka, in kana cikin ba da baikonka a kan bagade, a can kuwa ka tuna cewa ɗan’uwanka yana riƙe da kai a zuci,
২৩এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
24 sai ka bar baikonka a can gaban bagade. Ka je ka shirya tukuna da ɗan’uwanka; sa’an nan ka zo ka ba da baikonka.
২৪তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
25 “Ka yi hanzari ka shirya al’amura da maƙiyinka wanda yake ƙararka a kotu. Ka yi haka, tun kana tare da shi a kan hanya, in ba haka ba, zai miƙa ka ga alƙali, alƙali kuma yă miƙa ka ga ɗan sanda, mai yiwuwa kuwa a jefa ka a kurkuku.
২৫তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
26 Gaskiya nake gaya maka, ba za ka fita ba, sai ka biya kobo na ƙarshe.
২৬মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
27 “Kun dai ji an faɗa, ‘Kada ka yi zina.’
২৭“তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
28 Amma ina gaya muku, duk wanda ya dubi mace, sa’an nan ya yi sha’awarta a zuci, ya riga ya yi zina ke nan da ita a zuciyarsa.
২৮কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
29 In idonka na dama yana sa ka yin zunubi, ƙwaƙule shi ka yar. Zai fiye maka ka rasa ɗaya daga cikin gaɓoɓin jikinka, da a jefa jikinka ɗungum a cikin jahannama ta wuta. (Geenna g1067)
২৯যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। (Geenna g1067)
30 In kuma hannunka na dama yana sa ka yin zunubi, yanke shi ka yar. Zai fiye maka ka rasa ɗaya daga cikin gaɓoɓin jikinka, da a jefa jikinka ɗungum a cikin jahannama ta wuta. (Geenna g1067)
৩০যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।” (Geenna g1067)
31 “An kuma faɗa, ‘Duk wanda ya saki matarsa, dole yă ba ta takardar saki.’
৩১এইদৰেও কোৱা হৈছিল, ‘যি কোনোৱে নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্যাক ত্যাগ-পত্ৰ দিয়ক।’
32 Amma ina gaya muku, duk wanda ya saki matarsa in ba a kan laifin zina ba, ya sa ta zama mazinaciya ke nan, kuma duk wanda ya auri macen da mijinta ya sake, shi ma yana zina ne.
৩২কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
33 “Har wa yau dai kun ji an faɗa wa mutane a dā, ‘Kada ka karya alkawarinka, sai dai ka cika alkawaran da ka yi wa Ubangiji.’
৩৩পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
34 Amma ina gaya muku, Kada ku yi rantsuwa sam, ko da sama, domin kursiyin Allah ne;
৩৪কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
35 ko da ƙasa, domin matashin ƙafafunsa ne; ko kuma da Urushalima, domin birnin Babban Sarki ne.
৩৫আৰু পৃথিৱীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
36 Kada kuma ka rantse da kanka, domin ba za ka iya mai da ko gashi ɗaya yă zama fari ko baƙi ba.
৩৬এনে কি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
37 Abin da ya kamata ku ce kawai, shi ne, I, ko A’a. Abin da ya wuce haka kuwa daga wurin Mugun nan yake.
৩৭কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
38 “Kun dai ji an faɗa, ‘Ido domin ido, haƙori kuma domin haƙori.’
৩৮তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
39 Amma ina gaya muku, Kada ku yi tsayayya da mugun mutum. In wani ya mare ka a kumatun dama, juya masa ɗayan ma.
৩৯কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
40 In kuma wani yana so yă yi ƙararka yă ƙwace rigarka, to, ba shi mayafinka ma.
৪০কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
41 In wani ya tilasta ka yin tafiya mil ɗaya, to, tafi tare da shi mil biyu.
৪১যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
42 Ka ba wa duk wanda ya roƙe ka abu, kada kuma ka hana wa wanda yake neman bashi daga gare ka.
৪২যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
43 “Kun dai ji an faɗa, ‘Ka ƙaunaci maƙwabcinka, ka kuma ƙi abokin gābanka.’
৪৩তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
44 Amma ina gaya muku, ku ƙaunaci abokan gābankukuma ku yi wa waɗanda suke tsananta muku addu’a,
৪৪কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
45 don ku zama’ya’yan Ubanku na sama. Shi yakan sa ranarsa ta haskaka a kan mugaye da masu kirki; yakan kuma sako ruwan sama a bisa masu adalci da marasa adalci.
৪৫তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
46 In masoyarku kawai kuke ƙauna, wace lada ce gare ku? Ko masu karɓar haraji ma ba haka suke yi ba?
৪৬কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
47 In kuwa kuna gai da’yan’uwanku ne kaɗai, me kuke yi fiye da waɗansu? Marasa bin Allah ma ba haka suke yi ba?
৪৭তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
48 Saboda haka sai ku zama cikakku, yadda Ubanku na sama yake cikakke.
৪৮এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।

< Mattiyu 5 >