< Mattiyu 28 >

1 Bayan ranar Asabbaci, da sassafe, a ranar farko ta mako, Maryamu Magdalin tare da ɗaya Maryamun, suka je don su ga kabarin.
তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
2 Sai aka yi wata babbar girgizar ƙasa. Don wani mala’ikan Ubangiji ya sauka daga sama, ya je kabarin, ya gungurar da dutsen, ya kuma zauna a kai.
চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
3 Kamanninsa yana kama da walƙiya, tufafinsa kuma fari fat kamar dusan ƙanƙara.
তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
4 Masu gadin kabarin kuma suka ji tsoro ƙwarai, suka yi rawan jiki, suka zama kamar matattu.
কিন্তু সেই মহিলা কেইজনীক,
5 Mala’ikan ya ce wa matan, “Kada ku ji tsoro, domin na san cewa kuna neman Yesu wanda aka gicciye ne.
দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
6 Ai, ba ya nan, ya tashi kamar yadda ya faɗa. Ku zo ku ga inda ya kwanta.
তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
7 Sai ku tafi da sauri ku gaya wa almajiransa cewa, ‘Ya tashi daga matattu, ya kuma ya sha gabanku zuwa Galili. Can za ku gan shi.’ Ga shi na faɗa muku.”
এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”।
8 Sai matan suka bar kabarin da hanzari, da tsoro, sai dai cike da farin ciki, suka tafi a guje don su gaya wa almajiransa.
তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
9 Kwaram, sai ga Yesu ya gamu da su ya ce, “Gaisuwa.” Sai suka zo kusa da shi, suka rungumi ƙafafunsa, suka yi masa sujada.
তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
10 Sai Yesu ya ce musu, “Kada ku ji tsoro, ku tafi ku gaya wa’yan’uwana, su tafi Galili. A can za su gan ni.”
১০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
11 Yayinda matan nan suna cikin tafiya, sai waɗansu daga cikin masu gadin suka shiga gari, suka ba wa manyan firistoci labarin duk abin da ya faru.
১১পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
12 Da manyan firistoci da dattawa suka taru, sai suka ƙulla wata dabara, suka ba wa sojojin kuɗi mai yawa.
১২তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,
13 Suka ce musu, “Ku, za ku ce, ‘Almajiransa ne sun zo da dare suka sace shi, lokacin da muke barci.’
১৩“আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা।
14 In wannan labari ya kai kunnen gwamna, za mu lallashe shi, mu kuma kāre ku daga duk wata wahala.”
১৪এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দূৰত ৰাখিম”।
15 Sai sojojin suka karɓi kuɗin, suka kuma yi kamar yadda aka umarce su. Wannan labarin kuwa shi ne ake bazawa ko’ina a cikin Yahudawa, har yă zuwa yau.
১৫তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
16 Sa’an nan almajiransa goma sha ɗaya, suka tafi Galili, suka je dutsen da Yesu ya gaya musu.
১৬পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;
17 Da suka gan shi, sai suka yi masa sujada, amma waɗansu suka yi shakka.
১৭আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
18 Sai Yesu ya zo wurinsu ya ce, “An ba ni dukan iko a sama da kuma ƙasa.
১৮তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
19 Saboda haka ku tafi, ku mai da dukan al’umman duniya su zama almajiraina, kuna yi musu baftisma a cikinsunan Uba, da na Ɗa, da na Ruhu Mai Tsarki,
১৯এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
20 kuna kuma koya musu, su yi biyayya da duk abin da na umarce ku, kuma tabbatacce, ina tare da ku kullum, har ƙarshen zamani.” (aiōn g165)
২০মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”। (aiōn g165)

< Mattiyu 28 >