< Firistoci 8 >
1 Ubangiji ya ce wa Musa,
১পাছত যিহোৱাই মোচিক ক’লে,
2 “Kawo Haruna da’ya’yansa maza, ka ɗauki rigunansu, man keɓewa, bijimi domin hadaya don zunubi,’yan raguna biyu da kuma kwandon da yake da burodi marar yisti,
২“তুমি হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক, লগত বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহিটো লোৱা।
3 ka kuma tara dukan jama’a a ƙofar Tentin Sujada.”
৩আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত গোটেই সমাজক গোটোৱা।”
4 Sai Musa ya yi yadda Ubangiji ya umarce shi, jama’a kuwa suka taru a ƙofar Tentin Sujada.
৪সেয়ে মোচিয়ে যিহোৱাৰ আজ্ঞাৰ দৰে কৰিলে আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সমাজ গোট খালে।
5 Sai Musa ya ce wa jama’ar, “Ga abin da Ubangiji ya umarta a yi.”
৫তেতিয়া মোচিয়ে গোট খোৱা সমাজখনক ক’লে, “যিহোৱাই এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে।”
6 Sa’an nan Musa ya kawo Haruna da’ya’yansa maza gaba, ya kuma wanke su da ruwa.
৬এইদৰে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ওচৰলৈ আনি পানীৰে গা ধুৱালে।
7 Ya sa wa Haruna taguwa, ya ɗaura igiya kewaye da shi, ya sa masa riga, ya sa masa efod. Ya kuma ɗaura masa efod wanda aka yi masa saƙar gwaninta.
৭তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।
8 Ya sa masa ƙyallen maƙalawa a ƙirji, ya kuma sa Urim da Tummim a ƙyallen maƙalawa a ƙirjin.
৮তেওঁৰ বুকুত বুকুপতা দিলে আৰু বুকুপতাত পুৰীম আৰু তুস্মীম দিলে।
9 Sai ya naɗa masa rawani, daga gaban rawanin ya sa allon zinariya, wato, kambi tsattsarka, kamar yadda Ubangiji ya umarce shi.
৯আৰু তেওঁৰ মূৰত পাগুৰি পিন্ধালে, আৰু পাগুৰিটোৰ ওপৰত আগফালে পবিত্ৰ মুকুটস্বৰূপ সোণৰ পচাখন লগাই দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
10 Sa’an nan Musa ya ɗauki man keɓewa ya keɓe tabanakul da kuma kowane abin da yake cikinsa, ta haka ya tsarkake su.
১০মোচিয়ে অভিষেকাৰ্থক তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি পবিত্ৰ কৰিলে।
11 Ya yayyafa mai a kan bagade sau bakwai, yana keɓe bagade da dukan kayayyaki, da daro, da abin da yake tsaya a kai, don yă tsarkake su.
১১তাৰ পৰা অলপ তেল লৈ যজ্ঞবেদীৰ ওপৰত সাতবাৰ ছটিয়ালে আৰু বেদী আৰু তাৰ সকলো সজুলি, প্ৰক্ষালন-পাত্ৰ আৰু তাৰ খুৰা পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
12 Ya zuba man keɓewa a kan Haruna, ya kuma keɓe shi don yă tsarkake shi.
১২তেওঁ অভিষেকাৰ্থক তেলৰ কিছু লৈ, হাৰোণৰ মুৰত ঢালি দিলে আৰু তেওঁক পবিত্ৰ কৰিবৰ অৰ্থে অভিষেক কৰিলে।
13 Sa’an nan ya kawo’ya’yan Haruna maza, ya sa musu taguwoyi, ya ɗaɗɗaura igiyoyi kewaye da su, ya kuma sa musu huluna yadda Ubangiji ya umarce shi.
১৩মোচিয়ে হাৰোণৰ পুত্ৰসকলক আগলৈ আনি তেওঁলোককো অঙ্গৰক্ষক বস্ত্ৰ পিন্ধাই, কঁকালত টঙালি বান্ধি মুৰত পাগুৰি মাৰি দিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
14 Sa’an nan ya miƙa bijimi domin hadaya don zunubi, sai Haruna da’ya’yansa suka ɗibiya hannuwansu a bijimin.
১৪তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে।
15 Musa ya yanka bijimin ya ɗauki jinin, ya sa yatsarsa ya zuba a dukan ƙahonin bagade don yă tsarkake bagaden. Ya zuba sauran jinin a gindin bagade. Ta haka ya tsarkake shi don yă yi kafara dominsa.
১৫তেওঁ তাক কাটিলে আৰু মোচিয়ে তাৰ কিছু তেজ লৈ, আঙুলিৰে বেদীৰ চাৰিওফালৰ শিঙত লগাই বেদীটো পাপৰ পৰা মুক্ত কৰিলে; আৰু বাকী তেজখিনি লৈ, বেদীৰ মূৰত ঢালি দিলে আৰু তাক প্ৰায়চিত্ত কৰি পবিত্ৰ কৰিলে।
16 Musa ya ɗebo dukan kitsen da yake kewaye da kayan ciki, da kuma wanda ya rufe hanta, da ƙodojin, da kuma kitsensu, ya kuma ƙone su a kan bagade.
১৬পাছত নাড়ী-ভুৰু লাগি থকা আটাই তেল আৰু কলিজাৰ ওচৰত থকা, তেলীয়া ভাগ, ঘিলা দুটা আৰু তাৰ তেল আতৰোৱাৰ পাছত, মোচিয়ে সেইবোৰ বেদীত দগ্ধ কৰিলে।
17 Amma bijimin da fatarsa da namansa da kuma ƙashinsa ya ƙone su a bayan sansani, yadda Ubangiji ya umarce shi.
১৭কিন্তু গৰুটো, ইয়াৰ ছাল, মাংস আৰু গোবৰেৰে সৈতে ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
18 Sa’an nan ya miƙa ɗan rago domin hadaya ta ƙonawa, sai Haruna da’ya’yansa maza suka ɗibiya hannuwansu a kan ɗan rago.
১৮পাছত মোচিয়ে আন এটা মতা মেৰ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে।
19 Sa’an nan Musa ya yanka ɗan ragon, ya kuma yayyafa jinin a kowane gefe na bagaden.
১৯তেওঁ তাক কাটিলে আৰু বেদীৰ চাৰিওঁফালে তাৰ তেজ ছটিয়াই দিলে।
20 Ya yanka ragon gunduwa-gunduwa ya ƙone kan, ya kuma ƙone gunduwa-gunduwan da kitsen.
২০মোচিয়ে মেৰটো খণ্ড খণ্ড কৰি কাটিলে, আৰু তাৰ মূৰ, আন খণ্ডবোৰ আৰু তেল জুইত পুৰিলে।
21 Ya wanke kayan cikin da ƙafafun a ruwa, ya kuma ƙone dukan ragon a bisa bagade kamar hadaya ta ƙonawa, mai daɗin ƙanshi, hadaya ce da aka ƙone da wuta ga Ubangiji, yadda Ubangiji ya umarce shi.
২১তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
22 Sai ya miƙa ɗayan ɗan ragon, ɗan ragon naɗin, sai Haruna da’ya’yansa maza suka ɗibiya hannuwansu a kan ɗan ragon.
২২তাৰ পাছত মোচিয়ে দ্বিতীয় মতা মেৰটো আনিলে, এইটো অভিষেকৰ মেৰ; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰৰ মূৰত হাত দিলে।
23 Musa kuwa ya yanka ɗan ragon ya ɗibi jinin ya sa leɓatun kunnen dama na Haruna, ya kuma sa a babbar yatsarsa ta hannun dama da kuma a babbar yatsar ƙafarsa ta dama.
২৩হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজলৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে।
24 Musa ya kuma kawo’ya’yan Haruna gaba, ya sa jini a leɓatun kunnuwansu na dama, ya kuma sa a manyan yatsotsinsu na hannun dama da kuma a manyan yatsotsinsu na ƙafafunsu na dama. Sa’an nan ya yayyafa jinin a kowane gefen bagade.
২৪পাছত তেওঁ হাৰোণৰ পুত্ৰসকলক নিজৰ ওচৰলৈ আনিলে আৰু তেওঁ সেই তেজৰ অলপমান তেওঁলোকৰো সোঁ কাণত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিলে। তাৰ পাছত অৱশিষ্ট তেজখিনি বেদীৰ চাৰিওফালে ছটিয়াই দিলে।
25 Ya ɗibi kitsen, da wutsiya mai kitse, da kuma dukan kitsen da ke kewaye da kayan ciki, da wanda ya rufe hanta, ƙodoji biyu da kitsensu da kuma cinya ta dama.
২৫পাছত তেওঁ তেল খিনি, নেজডাল, নাড়ী-ভুৰুত লাগি থকা আটাই তেল, কলিজা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ, ঘিলা দুটাৰ সৈতে তাৰ তেল আৰু পাছফালৰ সোঁ কৰঙনটো ল’লে।
26 Sa’an nan daga cikin kwandon burodi marar yisti wanda yake a gaban Ubangiji, ya ɗauko dunƙulen burodi, da kuma guda da aka yi da mai, da kuma ƙosai; ya sa waɗannan a sassan kitsen, da kuma a cinya ta dama.
২৬আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত হ’ল।
27 Ya sa waɗannan a hannuwan Haruna da’ya’yansa, suka kuma kaɗa su a gaban Ubangiji a matsayin hadaya ta kaɗawa.
২৭আৰু হাৰোণ ও তেওঁৰ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি, যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে।
28 Sa’an nan Musa ya karɓe su daga hannuwansu ya ƙone a bagade a bisa hadaya ta ƙonawa a matsayin hadaya ta naɗi, mai daɗin ƙanshi, hadaya ce da aka ƙone da wuta ga Ubangiji.
২৮তেতিয়া মোচিয়ে, তেওঁলোকৰ হাতৰ পৰা সেইবোৰ লৈ, বেদীত হোম-বলিৰ ওপৰত দগ্ধ কৰিলে; এয়ে সুঘ্ৰাণৰ অৰ্থে দিয়া অভিষেকৰ নৈবেদ্য। এয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ।
29 Ya kuma ɗauki ƙirjin; rabon Musa na ɗan ragon naɗi, ya kaɗa shi a gaban Ubangiji, a matsayin hadaya ta kaɗawa, yadda Ubangiji ya umarce shi.
২৯পাছত তেওঁ আমঠুটো লৈ যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে; অভিষেকৰ মেৰৰ এই আমঠুটো মোচিৰ ভাগ হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰে মোচিয়ে এই সকলোকে কৰিলে।
30 Sai Musa ya ɗibi man keɓewa da jini daga bagade, ya yayyafa su a kan Haruna da rigunansa, da kuma a kan’ya’yansa da rigunansu, don yă tsarkake Haruna da rigunansa da kuma’ya’yansa da rigunansu.
৩০পাছত মোচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ, হাৰোণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি, হাৰোণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁ পুত্ৰসকলক আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে।
31 Sai Musa ya ce wa Haruna da’ya’yansa maza, “Ku dafa naman a ƙofar Tentin Sujada, ku kuma ci shi a can tare da burodi daga kwandon naɗi, yadda na umarta, cewa, ‘Haruna da’ya’yansa maza za su ci shi.’
৩১সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা।
32 Sa’an nan ku ƙone sauran naman da kuma burodin.
৩২যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব, সেইবোৰ জুইত পুৰি ভস্ম কৰিবা।
33 Kada ku bar ƙofar Tentin Sujada har kwana bakwai, sai ranakun naɗi suka cika, gama naɗinku zai ɗauki kwana bakwai.
৩৩আৰু তোমালোকে সাত দিনলৈকে, অৰ্থাৎ তোমালোকক নিযুক্ত কৰা দিন শেষ নোহোৱালৈকে, সাক্ষাৎ কৰা তম্বু দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা। কাৰণ তোমালোকক নিযুক্ত কৰোঁতে সাতদিন লাগিব।
34 Abin da aka yi a yau umarni ne daga Ubangiji don yin kafara saboda ku.
৩৪আজি যেনেকৈ কৰা গ’ল, তোমালোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তেনেকৈ কৰিবলৈ যিহোৱাই আজ্ঞা দিলে।
35 Dole ku kasance a ƙofar Tentin Sujada dare da rana har kwana bakwai, ku kuma yi abin da Ubangiji yake bukata, don kada ku mutu; gama abin da aka umarce ni ke nan.”
৩৫এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্য্যমানে যিহোৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালোঁ।”
36 Saboda haka Haruna da’ya’yansa maza suka yi kome da Ubangiji ya umarta ta wurin Musa.
৩৬যিহোৱাই মোচিৰ দ্বাৰাই যি সকলো কৰিবলৈ আজ্ঞা দিছিল, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই সকলোকে কৰিলে।