< Firistoci 24 >
1 Ubangiji ya ce wa Musa,
১পাছত যিহোৱাই মোচিক ক’লে,
2 “Ka umarci Isra’ilawa su kawo tsabtataccen mai na zaitun da aka matse, don ƙuna fitilun yadda harshen wutar ba zai taɓa mutuwa ba.
২“সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া।
3 Za a ajiye su waje da labulen Wuri Mafi Tsarki a Tentin Sujada, Haruna zai riƙa kula da fitilun a gaban Ubangiji, daga yamma zuwa safiya. Wannan za tă zama dawwammamiyar farilla wa tsararraki masu zuwa.
৩সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলি থকা নিয়ম-চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থ’ব লাগিব। এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
4 Dole a ci gaba da shirya fitilu a kan wurin ajiye fitila na zinariya, a gaban Ubangiji.
৪পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা।
5 “Ɗauki gari mai laushi a gasa dunƙulen burodi goma sha biyu, a yi amfani da humushi biyu na garwan gari don kowace burodi.
৫তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব।
6 A shirya su jeri biyu, guda shida a kowane jeri a kan teburin da aka yi da zinariya zalla, a gaban Ubangiji.
৬তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা।
7 Za a zuba turare a kowane layin dunƙulen burodin don yă kasance abin tunawa a bisa burodin. Turaren zai ƙone a madadin burodin don yă zama kamar hadayar da aka miƙa da wuta ga Ubangiji.
৭আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
8 Za a shirya wannan gurasa a gaban Ubangiji kowane Asabbaci, a madadin Isra’ilawa a matsayin madawwamin alkawari.
৮আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব।
9 Wannan burodin zai zama na Haruna da’ya’yansa maza, waɗanda za su ci a tsattsarkan wuri, gama sashe ne mafi tsarki na rabonsu na kullum na hadayar da aka yi da wuta ga Ubangiji.”
৯আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।”
10 To, ɗan wata mutuniyar Isra’ila wanda mahaifinsa mutumin Masar ne, ya je cikin Isra’ilawa, sai faɗa ta tashi tsakaninsa da wani mutumin Isra’ila a cikin sansani.
১০পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল।
11 Ɗan mutuniyar Isra’ila ya saɓi Sunan Ubangiji, ya kuma la’ana shi, saboda haka aka kawo shi wa Musa. (Sunan mahaifiyarsa Shelomit ne,’yar Dibri na kabilar Dan.)
১১তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।
12 Suka sa shi a gidan tsaro sai lokacin da nufin Ubangiji ya nuna musu abin da za su yi da shi.
১২লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল।
13 Sai Ubangiji ya ce wa Musa,
১৩তেতিয়া যিহোৱাই মোচিক ক’লে,
14 “Ka kai mai saɓon nan waje da sansani. Duk waɗanda suka ji maganar da mai saɓon nan ya yi su ɗibiya hannuwansu a kansa, taron jama’a kuwa gaba ɗaya su jajjefe shi da duwatsu.
১৪“তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক।
15 Faɗa wa Isra’ilawa cewa, ‘Duk wanda ya zagi Allahnsa, alhakin zai rataya a wuyansa,
১৫আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব।
16 duk wanda ya saɓi sunan Ubangiji, dole a kashe shi. Dole jama’a gaba ɗaya su jajjefe shi da duwatsu. Ko baƙo, ko haifaffen ɗan ƙasa, sa’ad da ya saɓi Sunan Ubangiji, dole a kashe shi.
১৬আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
17 “‘Duk wanda ya kashe mutum, dole a kashe shi.
১৭আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
18 Duk wanda ya kashe dabbar wani, dole yă biya, rai domin rai.
১৮আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ।
19 Duk wanda ya yi wa maƙwabcinsa rauni, sai a yi masa abin da ya yi;
১৯আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;
20 karaya don karaya, ido don ido, haƙori don haƙori. Kamar yadda ya yi wa wani rauni, shi ma a yi masa.
২০অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।
21 Duk wanda ya kashe dabba, dole yă biya, amma duk wanda ya kashe mutum, dole a kashe shi.
২১যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
22 Za ku kasance da doka iri ɗaya wa baƙo da kuma wa haifaffen ɗan ƙasa. Ni ne Ubangiji Allahnku.’”
২২তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
23 Sai Musa ya yi wa Isra’ilawa magana, suka kuwa kai mai saɓon waje da sansani, suka jajjefi shi da duwatsu. Isra’ilawa suka yi yadda Ubangiji ya umarci Musa.
২৩তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।