< Firistoci 19 >

1 Ubangiji ya ce wa Musa,
পাছত যিহোৱাই মোচিক ক’লে,
2 “Yi wa taron jama’ar Isra’ila gaba ɗaya magana, ka ce musu, ‘Ku zama masu tsarki, domin Ni, Ubangiji Allahnku, mai tsarki ne.
“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।
3 “‘Dole kowannenku yă girmama mahaifiyarsa da mahaifinsa, dole kuma ku kiyaye Asabbacina. Ni ne Ubangiji Allahnku.
তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
4 “‘Kada ku juyo ga gumaka, ko ku yi wa kanku allolin da aka yi zubi da ƙarfe. Ni ne Ubangiji Allahnku.
তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে সাঁচত ঢলা মূৰ্ত্তি নিৰ্ম্মাণ নকৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
5 “‘Sa’ad da kuka miƙa hadaya ta salama ga Ubangiji, ku miƙa ta yadda za tă karɓu a madadinku.
যেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্রহণ হ’বৰ কাৰণে ইয়াকে কৰিবা।
6 Za a ci ta a ranar da kuka miƙa ta, ko kuwa a kashegarin; duk abin da ya rage har kwana ta uku dole a ƙone shi.
তোমালোকে তাক উৎসৰ্গ কৰা দিনা বা তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব; তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব।
7 In aka ci ta a rana ta uku, marar tsabta ce, ba kuma za a karɓe ta ba.
তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিণলগীয়া আৰু অগ্ৰাহ্য হ’ব।
8 Duk wanda ya ci ta zai zama da laifi domin ya ƙazantar da abin da yake da tsarki ga Ubangiji, dole a raba mutumin nan da mutanensa.
কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
9 “‘Sa’ad da kuka yi girbin amfanin gonarku, kada ku girbe har zuwa gefen gonar, ko ku yi kalan girbinku.
যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
10 Kada ku koma gonar inabinku kuna kala, ko ku tattara’ya’yan inabin da suka fāffāɗi. Ku bar su domin matalauta da kuma baƙi. Ni ne Ubangiji Allahnku.
১০আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
11 “‘Kada ku yi sata. “‘Kada ku yi ƙarya. “‘Kada ku ruɗe juna.
১১তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
12 “‘Kada ku rantse bisa ƙarya da sunana, ta haka har ku ƙasƙantar da sunan Allahnku. Ni ne Ubangiji.
১২আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
13 “‘Kada ku zalunci maƙwabcinku, ko ku yi masa ƙwace. “‘Kada ku riƙe albashin ma’aikaci yă kwana.
১৩তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
14 “‘Kada ku zagi kurma, ko ku sa abin tuntuɓe a gaban makaho, amma ku ji tsoron Allahnku. Ni ne Ubangiji.
১৪তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
15 “‘Kada ku yi rashin adalci cikin shari’a; kada ku nuna sonkai ga matalauci, ko ku goyi bayan mai arziki, amma ku shari’anta maƙwabci cikin gaskiya.
১৫তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
16 “‘Kada ku yi ta yawo kuna yaɗa ƙarya a cikin mutanenku. “‘Kada ku yi wani abin da zai sa ran maƙwabcinku cikin hatsari. Ni ne Ubangiji.
১৬তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
17 “‘Kada ka yi ƙiyayyar ɗan’uwanka a zuciya. Ka tsawata wa maƙwabcinka da gaske don kada ka sami rabo cikin laifinsa.
১৭তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
18 “‘Kada ka nemi yin ramuwa, ko ka riƙe wani cikin mutanenka a zuciya, amma ka ƙaunaci maƙwabcinka kamar kanka. Ni ne Ubangiji.
১৮তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
19 “‘Ku kiyaye farillaina. “‘Kada ku sa dabbobin da ba iri ɗaya ba su yi barbara. “‘Kada ku yi shuki iri biyu a gonarku. “‘Kada ku sa rigar da aka saƙa da yadi iri biyu.
১৯তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
20 “‘In wani ya kwana da mace wadda take baiwa, wadda aka yi wa wani alkawari amma bai fanshe ta ba, ko kuwa ba a’yantar da ita ba, dole a yi hukuncin da ya dace. Duk da haka ba za a kashe su ba, domin ba a’yantar da ita ba.
২০ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী, তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ’ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ড নহ’ব; কিয়নো তাই মুক্ত হোৱা নাই।
21 Dole mutumin da ya kwana da ita yă kawo rago a ƙofar Tentin Sujada domin hadaya don laifi ga Ubangiji.
২১তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ, যিহোৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ আনিব।
22 Da ragon hadaya don laifin ne firist zai yi kafara saboda mutumin a gaban Ubangiji saboda zunubin da ya yi, za a kuwa gafarta zunubinsa.
২২তেতিয়া পুৰোহিতে যিহোৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰ-ছাগটোৰ দ্বাৰাই, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ’ব।
23 “‘Sa’ad da kuka shiga ƙasar kuka kuma shuka kowane irin itace mai’ya’ya na ci, ku ɗauki’ya’yan itatuwan nan a matsayi an hana ku ci. Shekara uku za ku ɗauka a matsayi an hana ku, ba za ku ci su ba.
২৩তোমালোকে যেতিয়া দেশত সোমাই, খাদ্যৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তাক খাব নালাগে।
24 A shekara ta huɗu, dukan’ya’yansu za su zama tsarkakakku, hadaya ta yabo ga Ubangiji.
২৪পাছত চতুৰ্থ বছৰত তাৰ সকলো ফল যিহোৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ’ব।
25 Amma a shekara ta biyar, za ku iya cin’ya’yan itatuwan. Ta haka girbinku zai ƙaru. Ni ne Ubangiji Allahnku.
২৫আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
26 “‘Kada ku ci wani abinci tare da jini a cikinsa. “‘Kada ku yi duba ko sihiri.
২৬তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
27 “‘Ba za ka aske gefe-gefe na gashin kanka ba, ko ku aske gemunku.
২৭তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
28 “‘Kada ku tsattsaga jikunanku saboda matattu, ba kuwa za ku yi wa kanku zāne-zāne a jiki ba. Ni ne Ubangiji.
২৮আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
29 “‘Kada ka ƙasƙantar da’yarka ta wurin mai da ita karuwa, in ba haka ba ƙasar za tă juya ga karuwanci tă kuma cika da mugunta.
২৯তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
30 “‘Ku kiyaye Asabbacina, ku kuma girmama wuri mai tsarkina. Ni ne Ubangiji.
৩০তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
31 “‘Kada ku juya ga masu duba, ko ku nemi shawarar bokaye, gama za ku ƙazantu ta wurinsu. Ni ne Ubangiji Allahnku.
৩১ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
32 “‘Ku miƙe tsaye a gaban tsofaffi, ku nuna bangirma ga waɗanda suka tsufa, ku kuma girmama Allahnku. Ni ne Ubangiji.
৩২তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
33 “‘Sa’ad da baƙo yana zama tare da ku a ƙasarku, kada ku wulaƙanta shi.
৩৩আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
34 Dole ku ɗauki baƙon da yake zama tare da ku kamar haifaffe ɗan ƙasa. Ku ƙaunace shi kamar kanku, gama dā ku ma baƙi ne a Masar. Ni ne Ubangiji Allahnku.
৩৪তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
35 “‘Kada ku yi amfani da mudun ƙarya sa’ad da kuke awon tsawo, nauyi, ko yawan abu.
৩৫তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা;
36 Ku yi amfani da ma’auni na gaskiya da mudu na gaskiya, da kuma magwaji na gaskiya. Ni ne Ubangiji Allahnku, wanda ya fitar da ku daga Masar.
৩৬তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক ঐফা আৰু ঠিক হীন ৰাখিবা; মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
37 “‘Ku kiyaye dukan farillaina da kuma dukan dokokina, ku kuma bi su. Ni ne Ubangiji.’”
৩৭এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰি, সেই অনুসাৰে আচৰণ কৰিবা। মই যিহোৱা’।”

< Firistoci 19 >