< Firistoci 13 >

1 Ubangiji ya ce wa Musa da Haruna,
পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
2 “Sa’ad da wani yana da kumburi, ko ɓamɓaroki, ko tabo a fatar jikinsa da zai iya zama cutar fatar jiki, dole a kawo shi ga Haruna firist, ko kuwa ga ɗaya a cikin’ya’yansa maza wanda yake firist.
“যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে, বা চোকোৰা বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁক হাৰোণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ’ব।
3 Firist zai bincika mikin da yake a fatar mai cutar, in gashin a mikin ya juya ya zama fari, mikin kuma ya zama kamar ya fi zurfin fatar jiki, wannan cutar kuturta ce. Sa’ad da firist ya bincike shi, zai furta shi marar tsarki.
তেতিয়া পুৰোহিত জনে তেওঁৰ গাৰ ছালত থকা সেই ঘাটো চাব; যদি সেই ঘাৰ নোম বগা হৈ উঠে, আৰু ঘা যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেতিয়া সেই ঘা কুষ্ঠৰোগৰ ঘা; তেওঁৰ সেই ঘা চোৱাৰ পাছত পুৰোহিতে তেওঁক অশুচি বুলি জনাব।
4 In tabon a fata jikinsa fari ne amma bai zama ya fi zurfin fatar jikin ba, gashin a cikinsa kuma bai juya ya zama fari ba, firist ɗin zai kaɗaice mai cutar na kwana bakwai.
আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।
5 A rana ta bakwai firist zai bincike shi, in kuwa ya ga cewa mikin bai canja ba, bai kuwa yaɗu a fatar jikin ba, zai kaɗaice shi na waɗansu ƙarin kwana bakwai.
পাছত সপ্তম দিনা পুৰোহিত জনে সেই ঘা হোৱা লোকজনক চাই যদি তেওঁৰ দৃষ্টিত ঘা সেই একেদৰে থাকে বা ছালত ব্যাপি যোৱা নাই, তেতিয়া পুৰোহিত জনে তেওঁক আকৌ সাত দিনলৈ আতৰত ৰাখিব।
6 A rana ta bakwai ɗin firist zai sāke bincike shi, in kuwa mikin ya bushe bai kuwa yaɗu a fatar jikin ba, firist ɗin zai furta shi mai tsarki; ƙurji ne kawai. Dole mutumin yă wanke rigunansa, zai kuma tsarkaka.
আৰু সপ্তমদিনা পুৰোহিত জনে তেওঁক আকৌ চাব; তেতিয়া যদি সেই ঘা শুকাবলৈ ধৰে, আৰু ছালত যদি বিয়পি যোৱা নেদেখে, তেতিয়া পুৰোহিতে তেওঁক শুচি বুলি জনাব; সেয়ে কেৱল চোকোৰা বন্ধা ঘা হে; পাছত তেওঁ নিজ বস্ত্ৰ ধুই শুচি হ’ব।
7 Amma in ƙurjin ya yaɗu a fatar jikinsa bayan ya nuna kansa ga firist don a furta shi tsarkake, dole yă sāke bayyana a gaban firist.
কিন্তু তেওঁৰ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুউৱাৰ পাছত যদি সেই চোকোৰা বন্ধা ঘা ছালত বিয়পি যায়, তেতিয়া তেওঁ পুনৰায় নিজকে পুৰোহিতক দেখুৱাব লাগিব।
8 Firist ɗin zai bincike shi, in ƙurjin ya yaɗu a fatar jikinsa, zai furta shi marar tsarki; cuta ce mai yaɗuwa.
তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চোকোৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব; সেয়ে কুষ্ঠৰোগ।
9 “Sa’ad da wani yana da cutar fatar jiki, dole a kawo shi ga firist.
কোনো এজন লোকৰ কুষ্ঠৰোগৰ ঘা হ’লে, তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
10 Firist zai bincike shi, in kuwa farin kumburi a fatar jikin ya juyar da gashin fari in kuma akwai sabon miki a kumburi,
১০তেতিয়া পুৰোহিতে তেওঁক চাব; যদি তেওঁৰ ছালত বগা ধৰণৰ টেমুনা বান্ধে, আৰু তাৰ দ্বাৰাই তাৰ নোম বগা হৈ উঠে, আৰু সেই টেমুনাত কেঁচা মঙহ থাকে,
11 to, cutar fatar jikin ne mai ƙarfi kuma firist zai furta shi marar tsarki. Ba zai kaɗaice shi ba, domin ya riga ya zama marar tsarki.
১১তেতিয়া তেওঁৰ গাৰ ছালত সেয়ে পুৰণি কুষ্ঠৰোগ; তাতে পুৰোহিতে তেওঁক অশুচি বুলি জনাব; তেওঁ সেই লোকজনক আতৰত নাৰাখিব, কিয়নো তেওঁ আগৰে পৰা অশুচি।
12 “In cutar ta fashe ko’ina a fatar jiki, har iyakar ganin firist, ta rufe dukan fatar jikin mai fama da cutar, daga kai har zuwa ƙafa,
১২যদি ছালৰ সকলোতে সেই কুষ্ঠৰোগ ব্যাপি যায়, আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে, সিমানলৈকে সেই ঘা থকা লোকজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠৰোগেৰে ঢাকে,
13 firist zai bincike shi, in cutar ta riga ta rufe dukan jikinsa, zai furta wannan mutum tsarkakakke ne. Da yake ya juya fari fat, tsarkakakke ne.
১৩তেতিয়া তেওঁৰ গোটেই গা কুষ্ঠৰোগেৰে ঢকা দেখি, পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব; তেওঁৰ গোটেই গা বগা হোৱাত তেওঁ শুচি।
14 Amma sa’ad da sabon miki ya bayyana a jikinsa, zai furta shi marar tsarki.
১৪কিন্তু যেতিয়া সেই ঘাত কেঁচা মঙহ দেখা যায়, তেতিয়া তেওঁ অশুচি হ’ব।
15 Sa’ad da firist ɗin ya ga sabon miki, zai furta shi marar tsarki. Sabon mikin marar tsarki, yana da cuta mai yaɗuwa.
১৫তেতিয়া পুৰোহিতে সেই কেঁচা মঙহ দেখি, তেওঁক অশুচি বুলি ক’ব, কিয়নো সেই কেঁচা মঙহ অশুচি; সেয়ে কুষ্ঠৰোগ।
16 A ce sabon mikin ya canja ya juya fari, dole yă je wurin firist.
১৬আৰু সেই কেঁচা মঙহ যদি পুনৰায় বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব।
17 Firist zai bincike shi, in kuma mikin ya juya ya zama fari, firist zai furta mai cutar tsarkakakke; to, zai zama tsarkakakke.
১৭তেতিয়া পুৰোহিতে সেই লোকজনৰ বগা হৈ উঠা ঘাটো চাব, আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব।
18 “Sa’ad da wani yana da kumburi a fatar jikinsa ya kuma warke,
১৮আৰু গাৰ ছালত ফোঁহোৰা হৈ ভাল হোৱাৰ পাছত,
19 kuma a inda ƙurjin yake, wani farin kumburi ko tabo ja-ja, fari-fari ya bayyana, dole yă gabatar da kansa ga firist.
১৯যদি সেই ফোঁহোৰাৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে, বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুউৱা হ’ব।
20 Firist zai bincike shi, in kuma ya zama ya fi fatar jiki zurfi kuma gashinsa ya juya ya zama fari, firist ɗin zai furta shi marar tsarki. Cuta ce mai yaɗuwa da ta fasu a inda ƙurjin yake.
২০তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
21 Amma in sa’ad da firist ya bincike shi, ya tarar babu farin gashi a ciki, kuma bai yi zurfi fiye da fatar jikin ba, ya kuma bushe, sai firist ɗin ya kaɗaice shi har kwana bakwai.
২১কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
22 In yana yaɗuwa a cikin fatar jikin, firist zai furta shi marar tsarki; cuta mai yaɗuwa ce.
২২পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
23 Amma in tabon bai canja ba, bai kuma yaɗu ba, tabo ne kawai daga ƙurji, kuma firist zai furta shi tsarkakakke.
২৩কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
24 “Sa’ad da wani yana da ƙuna a fatar jikinsa, wurin kuwa ya yi ja-ja, ko fari-fari, ko kuwa farin tabo ya bayyana a sabon miki na ƙunan,
২৪যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
25 firist zai bincike tabon, idan kuma gashin a cikinsa ya juya ya zama fari, kuma ya yi zurfi fiye da fatar jikin, cuta ce mai yaɗuwa da ta fasu daga ƙunan. Firist zai furta shi marar tsarki; cuta ce mai yaɗuwa.
২৫তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।
26 Amma in firist ɗin ya bincike shi bai kuwa ga wani farin gashi a wurin ba, in kuma bai yi zurfi fiye da fatar jikin ba, ya kuma bushe, to, firist ɗin zai kaɗaice shi na kwana bakwai.
২৬কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে, আৰু সেই দাগ ছালতকৈ দ নহয়, কিন্তু শুকাই গ’ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
27 A rana ta bakwai ɗin firist zai bincike shi, in kuma cutar tana yaɗuwa a cikin fatar jikin, firist ɗin zai furta shi marar tsarki, cutar fatar jiki ce mai yaɗuwa.
২৭পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব; তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
28 In kuma wurin bai canja ba, bai kuma yaɗu cikin fatar jikin ba amma ya bushe, kumburi ne daga ƙuna, firist ɗin kuwa zai furta shi tsarkakakke; tabo ne kawai daga ƙuna.
২৮আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু ছালত ব্যাপি নাযায়, কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব, কিয়নো সেয়ে জুইয়ে পোৰা ঘাৰ দাগহে মাথোন।
29 “In namiji ko ta mace tana da miki a kai ko kuwa a gemu,
২৯কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা থুঁতৰিৰ তলত ঘা হ’লে,
30 firist zai bincike mikin, in ya yi zurfi fiye da fatar jiki, gashin ya zama rawaya, ya kuma zama siriri, firist zai furta wannan mutum marar tsarki; ƙaiƙayi ne, cuta mai yaɗuwa ce na kai ko na gemu.
৩০পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
31 Amma in, sa’ad da firist ya bincika wannan irin mikin, bai yi zurfi fiye da fatar jiki ba kuma babu baƙin gashi a cikinsa, firist ɗin zai kaɗaice mutum mai fama da cutar, kwana bakwai.
৩১আৰু পুৰোহিতে সেই খজুৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয়, আৰু তাত ক’লা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাতদিন আতৰ কৰি ৰাখিব।
32 A rana ta bakwai ɗin firist zai bincika mikin in kuwa ƙaiƙayin bai bazu ba, ba rawayan gashi kuma a ciki, babu zurfin da yake fiye da fatar jiki,
৩২পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
33 dole a yi masa aski, sai dai ba zai aske wurin cutar ba, kuma firist zai kaɗaice shi kwana bakwai.
৩৩তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
34 A rana ta bakwai firist zai bincike ƙaiƙayin, idan bai bazu a fatar jikin ba, bai kuma yi zurfin fiye da fatar jikin ba, firist ɗin zai furta shi tsarkakakke. Dole kuma yă wanke rigunansa, zai kuwa zama tsarkakakke.
৩৪পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
35 Amma in ƙaiƙayin ya yaɗu a cikin fatar jikin bayan aka furta shi tsarkakakke,
৩৫কিন্তু পুৰোহিতে শুচি কৰোঁৱাৰ পাছত, যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যায়,
36 firist ɗin zai bincike shi, in kuma ƙaiƙayin ya yaɗu a fatar jikin, firist ɗin ba ya bukatar neman ganin rawayan gashi; mutumin marar tsarki ne.
৩৬তেন্তে পুৰোহিতে তেওঁক পুনৰায় চাব; যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব; সেই লোকজন অশুচি।
37 In fa a ganinsa bai canja ba kuma baƙin gashi ya fito a cikinsa, ƙaiƙayin ya warke ke nan. Mutumin tsarkakakke ne, firist ɗin kuwa zai furta shi tsarkakakke.
৩৭কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে, আৰু তাৰ মাজত ক’লা নোম গজে, তেন্তে সেই ৰোগ ভাল হ’ল; তেওঁ শুচি; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
38 “Sa’ad da namiji ko ta mace tana da farare wurare a fatar jiki,
৩৮আৰু যদি কোনো পুৰুষ বা স্ত্ৰীৰ গাৰ ছালত ঠায়ে ঠায়ে বগা দাগ হয়,
39 firist ya bincika su, in kuma wuraren toka-toka ne, to, ƙurji marar lahani ne ya faso a fatar jikin; wannan mutum tsarkakakke.
৩৯তেন্তে পুৰোহিতে সেই লোকজনক চাব; যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গোম বৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা; আৰু তেওঁ শুচি।
40 “Mutumin da ya rasa gashi kansa ya zama mai sanƙo ke nan, duk da haka mutumin tsattsarka ne.
৪০আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা; কিন্তু তেওঁ শুচি।
41 In ya rasa gashin goshinsa yana kuma da sanƙo a goshinsa, shi tsarkakakke ne.
৪১আৰু যদি তেওঁৰ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা; তেৱোঁ শুচি।
42 Amma in yana da miki ja-ja da ya yi fari a sanƙonsa ko a goshinsa, cuta mai yaɗuwa ce take fasuwa a kai ko a goshin.
৪২কিন্তু যদি তেওঁৰ টকলা বা টপা মূৰত ৰঙচীয়া বগা ঘা হয়, তেন্তে সেয়ে তাৰ টকলা মূৰত বা টপা মূৰত হোৱা কুষ্ঠ ৰোগ।
43 Sai firist ya bincike shi, in kuma kumburarren miki a kansa ko goshinsa ja-ja da fari-fari kamar cutar fatar jiki mai yaɗuwa ne,
৪৩তেতিয়া পুৰোহিতে তেওঁক চাব; যদি গাৰ ছালত হোৱা কুষ্ঠ ৰোগৰ দৰে তেওঁৰ টকলা বা টপা মূৰত সেই ঘা দমলা ৰঙচীয়া বগা হয়,
44 mutumin ya kamu da cutar kuma marar tsarki ne. Firist ɗin zai furta mutumin marar tsarki saboda mikin da yake a kansa.
৪৪তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি; অৱশ্যে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; তাৰ কুষ্ঠৰোগৰ ঘা তেওঁৰ মূৰতে আছে।
45 “Mutum mai wannan cuta mai yaɗuwa dole yă sa yagaggun riguna, yă kuma bar gashin kansa ba gyara, yă rufe sashe ƙasa na fuskarsa, sa’an nan yă riga cewa, ‘Marar tsarki! Marar tsarki!’
৪৫যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব।
46 Muddin yana da cutar zai ci gaba da kasance marar tsarki. Dole yă yi zama shi kaɗai; dole yă yi zama waje da sansani.
৪৬যিমান দিন তেওঁৰ গাত সেই কুষ্ঠৰোগ ঘা থাকিব, সিমান দিন তেওঁ অশুচি হৈ থাকিব; তেওঁ অশুচি হোৱাত আৰু তেওঁৰ সেই ৰোগ যেন ব্যাপি নাযায় সেই কাৰণে তেওঁ অকলে থাকিব; তেওঁৰ থকা ঠাই ছাউনিৰ বাহিৰত হ’ব।
47 “In akwai cutar fatar jiki a riguna, duk wani rigar ulu ko na lilin,
৪৭আৰু নোমৰ কি শণ সুতাৰ এটা বস্ত্ৰত, কুষ্ঠৰোগৰ কোনো দাগ থাকিলে
48 duk wani kayan zare, ko saƙa na lilin, ko ulu, duk wani kayan fata, ko wanda aka yi da fata,
৪৮বা শণৰ কি নোমৰ দীঘ সুতা বা বাণী সুতাত, বা কোনো ছালত, কি ছালেৰে সজা
49 in kuma cutar a cikin rigar, ko fatar, ko kayan saƙan kore-kore ne, ko ja-ja, to, cutar fatar jiki da ake samu a riguna ce mai yaɗuwa, kuma dole a nuna wa firist.
৪৯কোনো বস্ত্ৰত, বস্ত্ৰ বা ছালত, বা দীঘ সুতাত বা বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠৰোগ দাগ, তাক পুৰোহিতক দেখুউৱা যাব।
50 Firist ɗin zai bincike cutar fatar jikin da take a rigar, yă kuma kaɗaice kayan da abin ya shafe shi kwana bakwai.
৫০পাছত পুৰোহিতে সেই দাগ চাই, দাগ থকা বস্তুটো সাতদিন আতৰ কৰি ৰাখিব।
51 A rana ta bakwai ɗin zai bincike shi, in cutar rigar ta yaɗu, ko a tariyar zaren, ko a wadarin, ko a fatar, ko kuwa a duk abin da ake amfani da shi, to wannan muguwar cutar riga ce; kayan marar tsarki ne.
৫১পাছত সপ্তমদিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত, বা দীঘ সুতা কি বাণী সুতাত, বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠৰোগৰ দাগ; সেয়ে অশুচি বস্তু।
52 Dole yă ƙone rigar, ko tariyar zaren, ko kayan da aka saƙa na ulu ko lilin, ko kuwa na kaya da aka yi da fatar, wanda cutar ta fāɗa wa, domin cutar rigar muguwa ce, dole a ƙone kayan.
৫২এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।
53 “Amma in sa’ad da firist ya bincike shi, cutar rigar ba ta yaɗu a rigar, ko a tariyar zare, ko a kayan da aka saƙa, ko a kayan da aka yi da fata ba,
৫৩কিন্তু পুৰোহিতে চাই যদি সেই দাগ কাপোৰত, বা দীঘ সুতাত কি বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত সেই দাগ ব্যাপি যোৱা নেদেখে,
54 zai umarta cewa a wanke kayan da cutar ta shafa. Sa’an nan zai kaɗaice shi na waɗansu kwana bakwai.
৫৪তেতিয়া পুৰোহিতে সেই দাগ থকা বস্তুটো ধুবলৈ আজ্ঞা দিব; পাছত আৰু সাতদিন সেই বস্তুটো আতৰত ৰাখিব।
55 Bayan an wanke kayan da cutar ta shafa, firist zai bincike shi, in kuwa cutar rigar ba tă canja yadda take ba, ko da yake ba tă yaɗu ba, marar tsarki ce.
৫৫সেই দাগ থকা বস্তু ধোৱাৰ পাছত পুৰোহিতে সেই দাগ চাব; আৰু সেই দাগ ব্যাপি নগলেও যদি আন বৰণ ধৰা নাই, তেন্তে সেয়ে অশুচি; যি ঠাইতে সেই দাগে বস্তুটোক অশুচি নকৰক, তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
56 In sa’ad da firist ya bincike shi, cutar rigar ta bushe bayan da aka wanke kayan, sai yă yage sashen da cutar ta shafa na rigar, ko fatar, ko tariyar zaren, ko kuwa na kayan da aka saƙa.
৫৬কিন্তু ধোৱাৰ পাছত পুৰোহিতে চাই যদি সেই দাগ গোমা দেখে, তেন্তে তেওঁ সেই বস্ত্ৰৰ পৰা, বা ছালৰ পৰা, বা দীঘ সুতা বা বাণী সুতাৰ পৰা তাক চিঙি পেলাব।
57 Amma in ya sāke bayyana a rigar, ko a tariyar zaren, ko a kayan da aka saƙa, ko a kayan da aka yi da fatar, to, yana yaɗuwa ke nan, kuma dole a ƙone duk abin da yake da cutar rigar da wuta.
৫৭তথাপিও যদি সেই বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত, বা ছালেৰে সজা কোনো বস্ত্ৰত তাক পুনৰাই দেখা যায়, তেন্তে সেয়ে ব্যাপি যোৱা কুষ্ঠ; সেই দাগ থকা যিয়ে বস্তু তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
58 Rigar, ko tariyar zare, ko kayan da aka saƙa, ko kuwa duk kayan da aka yi da fatar da aka wanke, aka kuma fid da cutar rigar, dole a sāke wanke shi, zai kuwa zama tsarkakakke.”
৫৮আৰু ধোৱাৰ পাছত সেই দাগ বস্ত্ৰৰ পৰা বা দীঘ সুতা কি বাণী সুতাৰ পৰা, বা ছালৰ কোনো বস্তুৰ পৰা এৰাই, তেন্তে দ্বিতীয়বাৰ তাক ধোৱা হ’ব; তেতিয়া সেয়ে শুচি হব।
59 Waɗannan su ne ƙa’idodi game da cutar fatar jiki na rigar ulu, ko rigar lilin, tariyar zare, ko kayan da aka saƙa, ko kuwa duk wani abin da aka yi da fata, don furta su tsarkakakke, ko kuwa marar tsarki.
৫৯নোমৰ বা শণ সুতাৰ বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অশুচি বুলি কোৱা নিয়ম এই।”

< Firistoci 13 >