< Mahukunta 6 >

1 Isra’ilawa suka sāke yin mugayen ayyuka a gaban Ubangiji, sai ya ba da su ga Midiyawa shekara bakwai.
পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
2 Da Midiyawa suka matsa musu sosai, sai Isra’ilawa suka yi wa kansu mafakai a rammukan duwatsu, kogona da kuma mafaka.
মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।
3 Duk lokacin da Isra’ilawa suka yi shuka sai Midiyawa da Amalekawa da waɗansu mutane daga gabashi sukan kai musu hari.
ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
4 Sukan yi sansani a ƙasar sun lalatar da hatsi har zuwa Gaza kuma ba sa barin wani abu mai rai wa Isra’ila, ko tumaki ko shanu ko jakuna.
তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।
5 Sukan zo da dabbobinsu da tentinsu kamar tarin fāri. Yana da wuya a ƙidaya yawan mutanen da kuma raƙumansu; sukan mamaye ƙasar don su lalatar da ita.
তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
6 Midiyawa suka talauce Isra’ilawa ƙwarai, har ya sa suka yi kuka ga Ubangiji don taimako.
মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।
7 Sa’ad da Isra’ilawa suka yi kuka ga Ubangiji saboda Midiyawa,
ইস্ৰায়েলৰ সন্তান সকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।
8 sai ya aika musu da annabi, wanda ya ce, “Ga abin da Ubangiji, Allah na Isra’ila ya ce na fitar da ku daga Masar, daga ƙasar bauta.
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
9 Na ƙwace ku daga ikon Masarawa da kuma daga dukan hannuwan masu danniya. Na kore su a gabanku na kuma ba ku ƙasarsu.
মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
10 Na ce muku, ‘Ni ne Ubangiji Allahnku; kada ku bauta allolin Amoriyawa, waɗanda kuke zama a ƙasarsu.’ Amma ba ku saurare ni ba.”
১০মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
11 Sai mala’ikan Ubangiji ya zo ya zauna a ƙarƙashin itacen oak a Ofra na Yowash mutumin Abiyezer, inda ɗansa Gideyon yake sussukar alkama a wurin matsin inabi don yă ɓoye daga Midiyawa.
১১সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।
12 Sa’ad da mala’ikan Ubangiji ya bayyana wa Gideyon, sai ya ce masa, “Ubangiji yana tare da kai, jarumi.”
১২এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
13 Gideyon ya ce, “Ranka yă daɗe, in Ubangiji yana tare da mu, me ya sa waɗannan abubuwa suka faru da mu? Ina dukan abubuwan al’ajabinsa waɗanda kakanninmu suka gaya mana game su sa’ad da suka ce, ‘Ashe, ba Ubangiji ne ya fitar da mu daga Masar ba?’ Amma yanzu Ubangiji ya rabu da mu ya kuma sa mu hannun Midiyawa.”
১৩গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”
14 Sai Ubangiji ya juya wajensa ya ce, “Ka je da ƙarfin da kake da shi ka ceci Isra’ila daga hannun Midiyawa. Ba Ni ne nake aikan ka ba?”
১৪যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”
15 Gideyon ya ce, “Amma Ubangiji, yaya zan iya ceci Isra’ila? Kabilata ce marar ƙarfi duka a Manasse, kuma ni ne ƙarami a iyalina.”
১৫গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”
16 Ubangiji ya ce, “Zan kasance tare da kai, za ka kuwa fatattake dukan Midiyawa gaba ɗaya.”
১৬যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”
17 Gideyon ya ce, “In lalle na sami tagomashi a gabanka, to, ka ba ni wata alamar da ta nuna lalle kai kake magana da ni.
১৭গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।
18 Ina roƙonka ka dakata har in komo in kawo maka hadayata in ajiye a gabanka.” Sai Ubangiji ya ce, “Zan jira har ka dawo.”
১৮দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
19 Sai Gideyon ya shiga ciki, ya gyara’yar akuya ya dafa, da garin efa ya yi burodi marar yisti. Da ya sa naman a kwando, romon kuma a tukunya, sai ya fito da su waje ya miƙa masa su a ƙarƙashin itacen oak.
১৯তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
20 Mala’ikan Allah ya ce masa, “Ka ɗauko naman da burodi marar yisti ka sa su a kan wannan dutse, ka zuba romon a kai.” Gideyon kuwa ya yi haka.
২০তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।
21 Da kan sandan da yake a hannunsa, mala’ikan Ubangiji ya taɓa naman da burodi marar yistin. Sai wuta ta fito daga dutsen ta cinye naman da burodin. Mala’ikan kuwa ya ɓace.
২১তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।
22 Sa’ad da Gideyon ya gane mala’ikan Ubangiji ne, sai ya ce, “Ya Ubangiji Mai Iko Duka! Na ga mala’ikan Ubangiji ido da ido.”
২২গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”
23 Amma Ubangiji ya ce masa, “Salama! Kada ka ji tsoro, ba za ka mutu ba.”
২৩তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”
24 Saboda haka Gideyon ya gina wa Ubangiji bagade a can, ya kuma kira shi, Ubangiji Salama ne. Har wa yau bagaden yana a Ofra ta mutanen Abiyezer.
২৪তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।
25 A wannan dare Ubangiji ya ce masa, “Ka ɗauki bijimi na biyu daga garken mahaifinka, wannan mai shekara bakwai. Ka rushe bagaden mahaifinka na Ba’al ka sare ginshiƙin Ashera kusa da ita.
২৫সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।
26 Sa’an nan ka gina bagade irin da ya dace wa Ubangiji Allahnka a kan wannan tudu. Ka yi amfani da itacen katakon ginshiƙin Ashera da ka sare, ka miƙa bijiman nan biyu hadaya ta ƙonawa.”
২৬তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।
27 Saboda haka Gideyon ya ɗebi bayinsa bakwai ya yi yadda Ubangiji ya ce masa. Amma saboda yana tsoron iyalinsa da mutanen gari, ya yi haka da dare a maimako da rana.
২৭তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”
28 Da safe sa’ad da mutanen garin suka tashi, sai suka tarar an rushe bagaden Ba’al, tare da ginshiƙin Ashera da yake kusa da shi, duk an sare, bijimi na biyu kuma aka miƙa hadaya a kan sabon bagaden!
২৮ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ভতৰাটোৰ বলি উৎসর্গ কৰা হৈছে।
29 Sai suka tambayi junansu, “Wa ya yi wannan?” Sa’ad da suka bincika a hankali, sai aka faɗa musu, “Gideyon ɗan Yowash ne ya yi haka.”
২৯তেতিয়া তেওঁলোকে এজনে আন জনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।
30 Mutanen garin suka ce wa Yowash, “Ka kawo mana ɗanka. Dole yă mutu, domin ya rushe bagaden Ba’al, ya sare ginshiƙin Asheran da yake tsaye kusa da shi.”
৩০তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”
31 Amma Yowash ya ce wa taron da suka tayar masa, “Za ku yi hamayya domin Ba’al ne? Kuna ƙoƙari ku cece shi ne? Duk wanda ya yi faɗa saboda shi za a kashe shi kafin safe. In lalle Ba’al allah ne, zai kāre kansa sa’ad da wani ya rushe bagadensa.”
৩১তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সঁচাই দেৱতা হয়, তেন্তে কোনোবাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”
32 Saboda haka a ranar suka kira Gideyon, “Yerub-Ba’al,” suna cewa, “Bari Ba’al ya yi hamayya da shi,” domin ya rushe bagaden Ba’al.
৩২এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰুব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
33 To, dukan Midiyawa, Amalekawa da sauran mutanen gabashi suka haɗa ƙarfi suka ƙetare Urdun suka kafa sansani a Kwarin Yezireyel.
৩৩পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।
34 Sa’an nan Ruhun Ubangiji ya sauko wa Gideyon, ya kuma busa ƙaho, ya kira mutanen Abiyezer su bi shi.
৩৪তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
35 Ya aika manzanni ko’ina a Manasse, yana kiransu su kintsa, haka ma Asher, Zebulun da Naftali, ta haka su ma suka haura su sadu da su.
৩৫তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।
36 Gideyon ya cewa Allah, “In za ka ceci Isra’ila ta hannuna yadda ka yi alkawari,
৩৬তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,
37 to, zan shimfiɗa ulu a masussuka, inda safe akwai raɓa a kan ulun kaɗai, ƙasa kuwa a bushe, to, zan san cewa za ka ceci Isra’ila ta hannuna, yadda ka ce.”
৩৭তেন্তে চাওঁক, মই মৰণা মৰা খলাত মেৰ-ছাগৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”
38 Abin da faru ke nan. Gideyon ya tashi da sassafe kashegari, ya matse ulun ya kakkaɓe raɓar, ruwan ya cika ƙwarya.
৩৮পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।
39 Sa’an nan Gideyon ya ce wa Allah, “Kada ka yi fushi da ni. Bari in ƙara yin wani gwaji kuma da ulun. A wannan lokaci ka sa ulun yă bushe, ƙasar kuma ta rufu da raɓa.”
৩৯তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।
40 A wannan dare Allah ya yi haka. Ulun ne kaɗai yake a bushe, amma dukan ƙasar ta jiƙe da raɓa.
৪০পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।

< Mahukunta 6 >