< Mahukunta 5 >

1 A wannan rana ce Debora da Barak ɗan Abinowam suka rera wannan waƙa.
সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
2 “Sa’ad da’ya’yan sarki a Isra’ila suka yi jagora, sa’ad da mutane suka niyya su ba da kansu, suna yabon Ubangiji!
“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
3 “Ya sarakuna, ku ji! Ku saurara, ku masu mulki! Zan yi waƙa ga Ubangiji, zan yi waƙa; zan yi kaɗe-kaɗe ga Ubangiji, Allah na Isra’ila.
হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
4 “Ya Ubangiji, sa’ad da ka bar Seyir, sa’ad da ka yi tafiya daga ƙasar Edom, ƙasa ta girgiza, sammai suka zubo, gizagizai sun zubo da ruwa.
হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
5 Duwatsu suka girgizu a gaban Ubangiji, Wannan na Sinai, a gaban Ubangiji, Allah na Isra’ila.
যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
6 “A zamanin Shamgar ɗan Anat, a zamanin Yayel, an yashe dukan hanyoyi; matafiye suka bi hanyoyin da suka yi kona-kona.
চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
7 Rayuwar ƙauye a Isra’ila ta daina, ta daina sai da ni, Debora, na taso, na taso mahaifiya a Isra’ila.
মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
8 Sa’ad da suka zaɓi sababbin alloli, sai ga yaƙi a ƙofofin birnin, ba a kuwa ga garkuwa ko māshi a cikin mutum dubu arba’in a Isra’ila ba.
লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
9 Zuciyata tana tare da’ya’yan sarakunan Isra’ila, tare da masu niyyar ba da kansu da yardan rai cikin mutane. Yabo ya tabbata ga Ubangiji!
মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
10 “Ku da kuke hawan fararen jakuna, kuna zama a sirdin barguna, da ku da kuke tafiya a kan hanya, ku kula
১০তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
11 da muryoyin mawaƙa a wuraren ruwaye. Suna faɗi ayyukan adalcin Ubangiji, ayyukan adalcin mayaƙansa a Isra’ila. “Sa’an nan mutanen Ubangiji suka gangara zuwa ƙofofin birni.
১১তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
12 ‘Ki farka, ki farka, Debora! Ki farka, ki farka, ki tā da waƙa! Ka farka, ya Barak! Ka ta sa kamammunka gaba, ya ɗan Abinowam.’
১২সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
13 “Sa’an nan waɗanda aka bari suka sauko zuwa wajen shugabanni; mutane na Ubangiji suka zo wurina tare da masu ƙarfi.
১৩তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
14 Waɗansu suka zo daga Efraim, waɗanda ainihinsu daga Amalek ne; Benyamin yana tare da mutanen da suka bi ka. Daga Makir, shugabannin sojoji suka gangaro, daga Zebulun waɗanda suke riƙe da sandan komanda suka fito.
১৪কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
15 ’Ya’yan sarautar Issakar suna tare da Debora; I, Issakar yana tare da Barak, yana binsa a guje zuwa kwari. A yankunan Ruben aka kuma bincike zuciya sosai.
১৫ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
16 Don me kuka tsaya a wutar sansani don ku ji makiyaya suna kiran garkuna? A yankunan Ruben aka yi bincike zuciya sosai.
১৬তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
17 Gileyad ya tsaya gaban Urdun. Kai kuma Dan, don me ka ka yi ta zama a wajen jiragen ruwa? Asher ya ci gaba da kasance a bakin teku ya kasance a wuraren zamansa.
১৭গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
18 Mutanen Zebulun sun kasai da rayukansu; haka ma Naftali a bakin dāgā.
১৮জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19 “Sarakuna suka zo, suka yi yaƙi; sarakunan Kan’ana sun yi yaƙi a Ta’anak a gefen ruwan Megiddo, amma ba su ɗauki azurfa, ko ganima ba.
১৯ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
20 Daga sama taurari suka yi faɗa, daga bakin tekuna suka yi yaƙi da Sisera.
২০আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
21 Kogin Kishon ya kwashe su, tsohon kogi, kogin Kishon. Ci gaba raina; ka ƙarfafa!
২১কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
22 Sa’an nan kofatan dawakai suka ƙwaƙula, suna sukuwa, haka dawakansa masu ƙarfi suke tafiya.
২২তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23 Mala’ikan Ubangiji ya ce, ‘Ka la’anci Meroz.’ ‘Ka la’anci mutanensa sosai, domin ba su kawo wa Ubangiji taimako ba, su kawo wa Ubangiji taimako a kan masu ƙarfi ba.’
২৩যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
24 “Mafi albarka a ciki mata ta zama Yayel matar Heber Bakene, mafi albarka na mata masu zama a alfarma.
২৪কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
25 Ya nemi ruwa, ta kuwa ta ba shi madara; a ƙwaryar da ta dace da sarakuna ta kawo masa kindirmo.
২৫চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
26 Hannunta ya ɗauki turken tenti, da hannunta na dama ta ɗauko guduma. Ta bugi Sisera, ta ragargaza kansa, ta ragargaza ta huda kunnensa.
২৬তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
27 A ƙafafunta ya fāɗi, ya fāɗi; a can ya kwanta. A ƙafafunta ya fāɗi, ya fāɗi; a can ya fāɗi, matacce.
২৭তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
28 “Ta taga mahaifiyar Sisera ta leƙa; a bayan madogarar ƙofa ta yi ta ihu, ‘Me ya sa keken yaƙinsa ta daɗe ba tă dawo ba? Me ya sa dawakan keken yaƙinsa ba su dawo da wuri ba?’
২৮চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
29 Mafi hikima cikin’yan matanta suka amsa mata, tabbatacce, ta ci gaba ta ce wa kanta,
২৯তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
30 ‘Ba nema suke su raba ganima ba, yarinya guda ko biyu wa kowane mutum, riguna masu launi a matsayin ganima don Sisera, riguna masu ado, riguna masu ado sosai don wuyata, dukan wannan a matsayin ganima?’
৩০তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-
31 “Ta haka bari dukan abokan gābanka su hallaka, ya Ubangiji! Amma bari waɗanda suke ƙaunarka su zama kamar rana sa’ad da ta fito da ƙarfinta.” Sa’an nan ƙasar ta sami zaman lafiya shekara arba’in.
৩১হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।

< Mahukunta 5 >