< Mahukunta 3 >

1 Waɗannan su ne al’umman da Ubangiji ya bari don yă gwada duk waɗannan Isra’ilawan da ba su san yaƙi a Kan’ana ba
যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
2 (ya yi haka ne domin yă koya wa zuriyar Isra’ilawa waɗanda ba su taɓa yin yaƙi a dā ba),
ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
3 sarakuna biyar na Filistiyawa, dukan Kan’aniyawa, Sidoniyawa, da kuma Hiwiyawan da suke zaune a duwatsun Lebanon daga Dutsen Ba’al-Hermon zuwa Lebo Hamat.
সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
4 An bar su domin su gwada Isra’ilawa a ga ko za su yi biyayya da umarnin Ubangiji, wanda ya ba wa kakanninsu ta wurin Musa.
যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
5 Isra’ilawa suka zauna tare da Kan’aniyawa da Hittiyawa, Amoriyawa, Ferizziyawa, Hiwiyawa da kuma Yebusiyawa.
সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
6 Suka auri’ya’yansu mata, su ma suka bar’ya’yansu maza suka auri’ya’yansu mata, suka kuma yi wa gumakansu sujada.
তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।
7 Isra’ilawa suka aikata mugunta a gaban Ubangiji; suka manta da Ubangiji Allahnsu suka kuma bauta wa Ba’al da Ashera.
ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।
8 Fushin Ubangiji kuwa ya yi ƙuna a kan Isra’ila har ya sayar da su ga Kushan-Rishatayim sarkin Aram-Naharayim, a wurinsa ne Isra’ilawa suka zama bayi shekara takwas.
এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহৰয়িমৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে। ইস্ৰায়েলৰ সন্তান সকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
9 Amma da suka yi kuka ga Ubangiji, sai ya tad musu da mai ceto, Otniyel ɗan Kenaz, ƙanen Kaleb wanda ya cece su.
কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।
10 Ruhun Ubangiji ya sauko masa, domin yă zama mahukuncin Isra’ila yă kuma je yaƙi. Ubangiji ya bayar da Kushan-Rishatayim sarkin Aram a hannun Otniyel, ya kuwa sha ƙarfinsa.
১০যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।
11 Saboda haka ƙasar ta zauna da lafiya shekara arba’in har sai da Otniyel ɗan Kenaz ya rasu.
১১তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।
12 Isra’ilawa suka sāke aikata mugayen ayyuka a gaban Ubangiji, saboda sun aikata wannan mugunta sai Ubangiji ya ba wa Eglon sarkin Mowab ƙarfi a kan Isra’ila.
১২ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
13 Da ya sami Ammonawa da Amalekawa suka haɗa hannu tare, sai Eglon ya tafi ya auka wa Isra’ila, suka ƙwace Birnin Dabino.
১৩অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
14 Isra’ilawa suka zama bayin Eglon sarkin Mowab shekara goma sha takwas.
১৪তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।
15 Isra’ilawa suka sāke yin kuka ga Ubangiji, ya kuwa ba su mai ceto, Ehud, wani bahago, ɗan Gera daga kabilar Benyamin. Isra’ilawa suka aike shi da haraji wurin Eglon sarkin Mowab.
১৫ইয়াৰ পাছত পুনৰায় ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তান সকলে তেওঁক পঠাইছিল।
16 To, Ehud ya riga ya ƙera takobi mai kaifi biyu mai tsawo wajen kamu ɗaya da rabi, wanda ya yi ɗamara da shi a cinyarsa ta dama ƙarƙashin rigarsa.
১৬এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।
17 Ya kai wa Eglon sarkin Mowab harajin, wanda yake mai ƙiba ne.
১৭তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল।
18 Bayan Ehud ya ba da harajin, sai ya sallame mutanen da suka ɗauko harajin.
১৮কৰ দি এটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে।
19 A wajen gumaka kusa da Gilgal, shi kansa ya juya ya koma ya ce, “Ranka yă daɗe, ina da saƙo na asiri dominka.” Sarkin ya ce, “Ku ba mu wuri!” Sai dukan fadawansa suka fita.
১৯কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, “মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।” ৰজাই নিজৰ লোকসকলক ক’লে, “তোমালোকে মনে মনে থাকা”; তাতে তেওঁৰ লোকসকল কোঁঠাটোৰ পৰা গুছি গ’ল।
20 Sai Ehud ya matso yayinda shi kuwa yake zaune shi kaɗai a ɗakin sama mai sanyi a fadansa ya ce, “Ina da saƙo daga wurin Allah dominka.” Sarki ya tashi daga kujerarsa,
২০সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
21 Ehud ya kai hannun hagunsa, ya zaro takobi daga cinyar ƙafar damansa ya soki sarki a ciki.
২১তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
22 Har ƙotar ma ta shige ciki, takobin kuma ya fito ta bayansa. Ehud bai zare takobin ba, kitse kuwa ya rufe shi.
২২নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
23 Sa’an nan Ehud ya fita daga shirayin; ya rufe ƙofar ɗakin saman, ya kuma kulle su.
২৩পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
24 Bayan da ya tafi, bayin sarki suka zo suka tarar duk ƙofofin ɗakin sama suna kulle, suka ce, “Wataƙila yana bayan gari ne a ɗakin ciki.”
২৪এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।”
25 Suka yi ta jira har suka gaji. Da suka ga dai bai buɗe ƙofar ba, sai suka ɗauki mabuɗi, suka buɗe. Sai ga shugabansu a ƙasa matacce.
২৫বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
26 Yayinda suke fama jira, Ehud ya riga ya yi gaba. Ya bi ta wajen gumaka zuwa Seyira.
২৬ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
27 Da ya iso can, sai ya busa ƙaho a ƙasar tudu ta Efraim, Isra’ilawa kuma suka gangaro tare da shi daga tuddai, shi kuwa yana jagorarsu.
২৭সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
28 Ya umarce su ya ce, “Ku bi ni, gama Ubangiji ya ba Mowab abokin gābanku a hannunku.” Haka suka gangaro tare da shi suna mallaki mashigin Urdun da ta shiga zuwa Mowab, ba su yarda wani ya haye ba.
২৮তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।
29 A lokacin sun kashe mutanen Mowab dubu goma, dukansu jarumawa da masu ji da ƙarfi; ba ko ɗaya da ya tsira.
২৯সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে।
30 A wannan rana aka mai da Mowab bayin Isra’ila, ƙasar kuwa ta sami zaman lafiya shekara takwas.
৩০সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
31 Bayan Ehud, sai Shamgar ɗan Anat, wanda ya karkashe Filistiyawa ɗari shida da sandar korar shanun noma, shi ma ya ceci Isra’ila.
৩১এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।

< Mahukunta 3 >