< Mahukunta 2 >
1 Mala’ikan Ubangiji ya haura daga Gilgal zuwa Bokim ya ce, “Na hauro da ku daga Masar zuwa ƙasar da na rantse zan ba wa kakanninku. Na ce, ‘Ba zan taɓa tā da yarjejjeniyata da ku ba,
১যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অাৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।
2 ku kuma kada ku shiga wata yarjejjeniya da mazaunan ƙasan nan, sai dai za ku rurrushe bagadansu.’ Duk da haka ba ku yi biyayya mini ba. Me ya sa kuka yi haka?
২তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
3 Saboda haka ina gaya muku cewa ba zan kore su a gabanku ba; za su zama muku ƙaya, gumakansu kuma za su zama muku tarko.”
৩এই কাৰণে মই এতিয়া তোমালোকক কওঁ যে, ‘মই তোমালোকৰ ওচৰৰ পৰা কনানীয়াসকলক দূৰ নকৰিম; তেওঁলোক তোমালোকৰ কাৰণে কাঁইটস্বৰূপ হ’ব আৰু তেওঁলোকৰ দেৱতাবোৰ তোমালোকৰ কাৰণে এক ফান্দ হৈ পৰিব’।”
4 Da mala’ikan Ubangiji ya faɗa wa dukan Isra’ilawa waɗannan abubuwa, sai mutane suka yi kuka mai zafi,
৪যিহোৱাৰ দূতে ইস্ৰায়েলৰ সন্তান সকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
5 sai suka sa wa wannan wuri suna, Bokim. A nan suka miƙa hadaya a gaban Ubangiji.
৫যি ঠাইত তেওঁলোকে কান্দিছিল সেই ঠাইৰ নাম বোখীম ৰাখিলে; তেওঁলোকে তাত যিহোৱাৰ উদ্দেশ্যে অনেক বলি উৎসর্গ কৰিলে।
6 Bayan Yoshuwa ya sallami Isra’ilawa, sai suka tafi don su mallaki ƙasar, kowa da nasa gādon.
৬যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক নিজৰ নিজৰ ঠাইলৈ পঠিয়াই দিলে। সেইদৰে তেওঁলোক প্রত্যেকেই যাক যি ভাগ দিয়া হ’ল, সেই ঠাইৰ আধিপত্য লবলৈ গ’ল।
7 Mutane suka bauta wa Ubangiji duk tsawon kwanakin Yoshuwa da na dattawan da suka rayu bayansa waɗanda suka ga manyan abubuwan da Ubangiji ya yi wa Isra’ila.
৭যিহোচূৱা যিমান দিন জীয়াই আছিল, সিমান দিনলৈকে ইস্রায়েলবাসীয়ে যিহোৱাৰ সেৱা কৰিছিল। যিহোচূৱাৰ মৃত্যুৰ পাছত যিসকল বৃদ্ধলোক জীৱিত আছিল, তেওঁলোকেও নিজৰ জীৱনকালত যিহোৱাৰ সেৱা কৰিছিল। ইস্ৰায়েলৰ লোকসকলৰ কাৰণে যিহোৱাই যি যি মহৎ কৰ্ম কৰিছিল; সেইসকলো কর্ম এই বৃদ্ধলোক সকলে দেখিছিল।
8 Yoshuwa ɗan Nun, bawan Ubangiji, ya mutu yana da shekara ɗari da goma.
৮নুনৰ পুত্ৰ যিহোৱাৰ দাস যিহোচূৱাৰ এশ দহ বছৰ বয়সত মৃত্যু হ’ল।
9 Aka binne shi a ƙasar gādonsa, a Timnat Heres a ƙasar tudu ta Efraim, arewa da Dutsen Ga’ash.
৯ইস্রায়েলবাসীয়ে যিহোচূৱাক তেওঁৰ নিজৰ মাটিৰ সীমাৰ ভিতৰৰ তিন্নৎহেৰচ নামৰ ঠাইত মৈদাম দিলে। এই ঠাই গাচ পর্ব্বতৰ উত্তৰত ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলত আছিল।
10 Bayan tsaran nan duka suka rasu, sai wata tsara ta taso wadda ba tă san Ubangiji ko abin da ya yi wa Isra’ila ba.
১০যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।
11 Sai Isra’ilawa suka yi mugaye abubuwa a gaban Ubangiji suka kuma bauta Ba’al.
১১সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
12 Suka yashe Ubangiji Allah na kakanninsu, wanda ya fitar da su daga Masar. Suka bi suka kuma bauta alloli dabam-dabam na mutanen da suke kewaye da su. Suka tsokani Ubangiji ya yi fushi
১২তেওঁলোকৰ ওপৰ-পিতৃসকলৰ যিহোৱা ঈশ্বৰ, যিজনাই মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিল, তেওঁক তেওঁলোকে ত্যাগ কৰিলে। তেওঁলোকৰ চাৰিওফালে বসবাস কৰা লোক সকলৰ বিভিন্ন দেৱ-দেবীক প্রণিপাত কৰি সেইবোৰৰ পাছত চলিবলৈ ধৰিলে। তেওঁলোকে যিহোৱাৰ ক্রোধ প্রজ্বলিত কৰি তুলিলে।
13 domin sun bar shi suka bauta wa Ba’al da Ashtarot.
১৩তেওঁলোকে যিহোৱাক ত্যাগ কৰি বাল-দেৱতা আৰু অষ্টাৰেৎ দেবীৰ পূজা কৰিবলৈ ধৰিলে।
14 Cikin fushinsa a kan Isra’ila Ubangiji ya ba da su ga hannun waɗanda suka kawo musu hari suka washe su. Ya sayar da su ga abokan gābansu da suke kewaye da su, waɗanda ba za su iya yin tsayayya da su ba.
১৪যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।
15 Duk sa’ad da Isra’ila suka fita yaƙi, Ubangiji yakan yi gāba da su don a ci su a yaƙi, kamar dai yadda ya rantse musu. Suka kuwa shiga wahala ƙwarai.
১৫যেতিয়া ইস্রায়েলীয়াসকল যুদ্ধলৈ যায় তেতিয়া যিহোৱাই যিদৰে শপত খাইছিল, সেই অনুসাৰে তেওঁৰ হাত তেওঁলোকৰ পৰাজয়ৰ কাৰণে তেওঁলোকৰ বিপক্ষে আছিল। তাৰ ফলত ইস্রায়েলীয়াসকল ভয়ঙ্কৰ দুর্দ্দশাৰ মাজত আছিল।
16 Sa’an nan Ubangiji ya naɗa mahukunta, waɗanda suka cece su daga hannun waɗannan musu hari.
১৬তেতিয়া যিহোৱাই তেওঁলোকৰ মাজত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিলে; ইস্রায়েলসকলক যিসকলে লুট কৰে, তেওঁলোকৰ হাতৰ পৰা এইসকলে তেওঁলোকক উদ্ধাৰ কৰে।
17 Duk da haka ba su saurari mahukuntansu ba amma sai suka shiga ha’inci da waɗansu alloli suka kuma bauta musu. Ba kamar kakanninsu ba, nan da nan suka kauce daga hanyar da kakanninsu suka bi, hanyar biyayya ga umarnan Ubangiji.
১৭কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।
18 Duk sa’ad da Ubangiji ya naɗa musu mahukunci, yakan kasance tare da mahukuncin, yă kuma cece su daga hannun abokan gāba, muddin mahukuncin yana a raye; gama Ubangiji yakan ji tausayinsu yayinda suke gunaguni ƙarƙashin waɗanda suka danne su suke kuma gasa musu azaba.
১৮যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
19 Amma sa’ad da mahukuncin ya mutu, mutanen suka koma hanyar da ta fi ta kakanninsu muni, sukan bi waɗansu alloli suna bauta musu. Suka ƙi barin mugun ayyukansu da taurin zuciyarsu.
১৯কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
20 Saboda haka sai Ubangiji ya fusata da Isra’ila ya ce, “Domin wannan al’umma ta tā da yarjejjeniyar da na yi da kakanninsu ba su kuwa saurare ni ba,
২০সেয়ে ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত তেওঁ ক’লে, “এই জাতিৰ পূর্বপুৰুষসকলৰ লগত মই যি ব্যৱস্থাৰ চুক্তি কৰিছিলোঁ, তাক এওঁলোকে উলঙ্ঘন কৰিলে আৰু মোৰ কথাও নুশুনিলে।
21 ba zan ƙara kori wata al’ummar da Yoshuwa ya bari sa’ad da ya rasu ba.
২১এই হেতুকে যিহোচূৱাৰ মৃত্যুৰ সময়ত যি সকলো অন্য জাতি এই দেশত অৱশিষ্ট থাকি গ’ল, মই সেইসকলক ইস্রায়েলৰ সন্মুখৰ পৰা পুনৰ দূৰ নকৰিম।
22 Zan yi amfani da su in gwada Isra’ila in ga ko za su bi hanyar Ubangiji su kuma yi tafiya a cikinta kamar yadda kakanninsu suka yi.”
২২ইস্ৰায়েলবাসীয়ে তেওঁলোকৰ পূর্বপুৰুষসকলে চলাৰ দৰে যিহোৱাৰ পথত চলে নে নচলে, এইসকল জাতিৰ যোগেদিয়েই মই তেওঁলোকৰ পৰীক্ষা কৰিম।”
23 Ubangiji ya bar waɗannan al’ummai su kasance; bai kore su nan take ta wurin ba da su a hannun Yoshuwa ba.
২৩এই কাৰণতে যিহোৱাই সেই জাতিবোৰক শীঘ্ৰে বাহিৰ নকৰি দেশত ৰাখি থলে। তেওঁ যিহোচূৱাৰ হাততো তেওঁলোকক সমৰ্পণ নকৰিলে।