< Mahukunta 17 >

1 To, wani mutum mai suna Mika daga ƙasar tudu ta Efraim
ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত মীখা নামেৰে এজন মানুহ আছিল।
2 ya ce wa mahaifiyarsa, “Shekel dubu ɗaya da ɗari ɗaya na azurfa da aka ɗauka daga gare ki wanda kuma ji kin furta la’ana a kai, azurfan yana wurina; ni ne na ɗauka.” Sa’an nan mahaifiyarsa ta ce, “Ubangiji yă albarkace ka ɗana!”
তেওঁ নিজৰ মাকক ক’লে, “তোমাৰ পৰা নিয়া যি এঘাৰ শ চেকল ৰূপৰ বাবে তুমি শাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা চোৱা, সেই ৰূপ মোৰ হাতত আছে; ময়েই তাক নিছিলোঁ।” তেতিয়া তেওঁৰ মাকে ক’লে, “যিহোৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হোৱা।”
3 Sa’ad da ya mayar da azurfa dubu ɗaya da ɗari ɗaya na shekel wa mahaifiyarsa, sai ta ce, “Na ba da azurfata ga Ubangiji don ɗana yă sassaƙa sura yă kuma yi zubin gunki. Zan mayar maka.”
পাছত সেই এঘাৰ শ চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত, মাকে ক’লে, “এই ৰূপ মই যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিছোঁ; এটা কটা প্ৰতিমা আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওক; এতেকে এতিয়া তাক তোমাক ওভোটাই দিছোঁ।”
4 Saboda haka ya mayar da azurfan wa mahaifiyarsa, ita kuwa ta ɗauki azurfa ɗari biyu na shekel ta ba wa maƙeri, wanda ya mai da su sura da kuma gunki. Aka kuwa sa su a gidan Mika.
কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰীক দিলে; তেতিয়া সোণাৰীয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে।
5 To, wannan mutum Mika yana da ɗakin gumaka, ya yi efod da waɗansu gumaka, ya kuma naɗa ɗaya daga cikin’ya’yansa firist nasa.
মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ-দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।
6 A kwanakin Isra’ila ba ta da sarki; kowa yana yin abin da ya ga dama.
সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়ে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল।
7 Wani saurayi Balawe daga Betlehem a Yahuda, wanda yake zama cikin zuriyar Yahuda,
সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা ফৈদৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল।
8 ya bar garin ya tafi neman inda zai zauna. A hanyarsa ya zo gidan Mika a ƙasar tudu ta Efraim.
সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ।
9 Mika ya ce masa, “Daga ina kake?” Ya ce, “Ni Balawe ne daga Betlehem a Yahuda, ina kuwa neman wurin zauna ne.”
তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।”
10 Sa’an nan Mika ya ce masa, “Ka zauna tare da ni ka zama mini mahaifi da firist, zan kuwa ba ka azurfa goma na shekel a shekara, tufafinka da kuma abincinka.” Sai Balawen ya tafi.
১০তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;
11 Saboda haka Balawen ya yarda ya zauna tare da shi, ɗan saurayin kuwa ya zama kamar ɗaya daga cikin’ya’yansa.
১১তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল।
12 Sa’an nan Mika ya naɗa Balawen, saurayin kuwa ya zama masa firist ya kuma zauna a gidansa.
১২পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল।
13 Mika ya ce, “Yanzu na san cewa Ubangiji zai yi mini alheri, da yake Balawen nan ya zama firist nawa.”
১৩তাতে মীখাই ক’লে, “যিহোৱাই মোৰ মঙ্গল কৰিব, ইয়াক মই এতিয়া জানিলোঁ; কিয়নো সেই লেবীয়া মোৰ পুৰোহিত হ’ল।”

< Mahukunta 17 >