< Mahukunta 1 >

1 Bayan da Yoshuwa ya rasu, Isra’ilawa suka tambayi Ubangiji suka ce, “Wane ne zai fara tafiya don yă yaƙi Kan’aniyawa dominmu?”
যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
2 Sai Ubangiji ya ce, “Yahuda zai tafi. Na riga na ba da ƙasar a hannunsu.”
উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”
3 Sa’an nan mutane Yahuda suka ce wa mutanen Simeyon “Ku zo tare da mu a yankin da aka ba mu rabon mu don mu yaƙi Kan’aniyawa. Mu ma mu bi ku wurin naku.” Saboda haka mutanen Simeyon suka tafi tare da su.
এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
4 Sa’ad da Yahuda ya fāɗa musu, Ubangiji kuwa ya ba da Kan’aniyawa da Ferizziyawa a hannunsu, suka kuwa kashe mutum dubu goma a Bezek.
যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
5 A can suka iske Adoni-Bezek, suka yaƙe shi, suka fatattaki Kan’aniyawa da Ferizziyawa.
বেজকত তেওঁলোকে অদুনী বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
6 Sai Adoni-Bezek ya gudu, amma suka bi shi suka kama shi, suka yayyanka manyan yatsotsinsa na hannu da na ƙafa.
কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
7 Sa’an nan Adoni-Bezek ya ce, “Sarakuna saba’in waɗanda aka yayyanka manyan yatsotsinsu na hannu da na ƙafa, sun yi kalan abinci a ƙarƙashin teburina. Ga shi yanzu Allah ya rama abin da na yi musu.” Suka zo da shi Urushalima, a can kuwa ya mutu.
তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
8 Mutanen Yahuda suka yaƙi Urushalima ita ma suka ci ta. Suka karkashe mutanen birnin suka cinna mata wuta.
যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
9 Bayan wannan, mutanen Yahuda suka gangara suka yaƙi Kan’aniyawan da suke zaune a ƙasar tudu, Negeb, da gindin tuddai a yammanci.
তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
10 Suka ci gaba suka yaƙi Kan’aniyawan da suke zaune a Hebron (wadda dā ake kira Kiriyat Arba) suka kuma ci Sheshai, Ahiman da Talmai da yaƙi.
১০তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
11 Daga nan kuma suka ci gaba suka yaƙi mutanen da suke zaune a Debir (da ake kira a dā Kiriyat Sefer).
১১তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
12 Sai Kaleb ya ce, “Duk wanda ya fāɗa wa Kiriyat Sefer ya kuma ci ta da yaƙi, zan ba shi’yata Aksa yă aura.”
১২কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”
13 Sai Otniyel ɗan Kenaz, ƙanen Kaleb ya ci birnin, saboda haka Kaleb ya ba shi’yarsa Aksa ya aura.
১৩তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
14 Wata rana da ta zo wurin Otniyel, sai ta zuga shi yă roƙi mahaifinta fili. Sa’ad da ta sauko daga jakinta, sai Kaleb ya ce mata, “Me zan yi miki?”
১৪অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
15 Sai ta ce, “Ka yi mini alheri na musamman. Da yake ka ba ni ƙasa a Negeb, to, sai ka ba ni maɓulɓulan ruwa kuma.” Sai Kaleb ya ba ta maɓulɓulan bisa da kuma na ƙasa.
১৫তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
16 Zuriyar surukin Musa, Keniyawa, suka haura daga Birnin dabino tare da mutanen Yahuda don su zauna cikin mutanen Hamadan Yahuda a cikin Negeb kusa da Arad.
১৬মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
17 Sa’an nan mutanen Yahuda suka tafi tare da’yan’uwansu mutanen Simeyon suka fāɗa wa Kan’aniyawan da suke zaune cikin Zefat, suka kuwa hallaka birnin gaba ɗaya. Saboda haka aka kira wurin Horma.
১৭যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
18 Mutanen Yahuda kuma suka ci Gaza, Ashkelon, da Ekron, kowace birni tare da yankinsa.
১৮যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
19 Ubangiji kuwa yana tare da mutane Yahuda. Suka mallaki ƙasar tudu, amma ba su iya suka kori mutanen daga filaye ba, domin suna da keken yaƙin ƙarfe.
১৯যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
20 Yadda Musa ya yi alkawari, sai aka ba Kaleb Hebron, wanda ya kori daga cikinta’ya’ya maza uku na Anak.
২০মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।
21 Ko da yake mutanen Benyamin sun kāsa su kori Yebusiyawa, waɗanda suke zaune a Urushalima; har yă zuwa yau, Yebusiyawa suna zaune a can tare da mutanen Benyamin.
২১কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
22 To, gidan Yusuf suka auka wa Betel, Ubangiji kuwa yana tare da su.
২২যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
23 Sa’ad da suka aike mutane don su leƙi asirin Betel (da dā ake kira Luz),
২৩তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
24 ’yan leƙen asirin suka ga wani ya fito daga birnin sai suka ce masa, “Ka nuna mana yadda za mu shiga birnin, mu kuwa za mu yi maka alheri.”
২৪পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
25 Saboda haka ya nuna musu, suka kuwa hallaka birnin, suka bar mutumin da dukan iyalinsa da rai.
২৫তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
26 Sa’an nan ya tafi ƙasar Hittiyawa, inda ya gina birni ya kuma kira shi Luz, haka ake kira birnin har wa yau.
২৬তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
27 Amma Manasse ba su kori mutane Bet-Sheyan ko Ta’anak ko Dor ko Ibileyam ko Megiddo tare da ƙauyukansu ba, gama Kan’aniyawa sun dāge su zauna a wannan ƙasa.
২৭মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
28 Sa’ad da Isra’ila ta yi ƙarfi, sai suka tilasta Kan’aniyawa yin aikin gandu amma ba su kore su gaba ɗaya ba.
২৮পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
29 Haka Efraim ma bai kori Kan’aniyawa da suke zaune a Gezer ba, amma Kan’aniyawa suka ci gaba da zama tare da su.
২৯ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।
30 Haka kuma Zebulun bai kori Kan’aniyawa da suke zaune a Kitron da Nahalol, waɗanda suka rage a cikinsu ba; sai dai sun sa su aikin gandu.
৩০জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
31 Haka Asher ma bai kori waɗanda suke zama a Akko ko Sidon ko Ahlab ko Akzib ko Helba ko Afik ko kuma Rehob ba,
৩১আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।
32 kuma saboda wannan ne mutanen Asher suke zaune cikin mazaunan ƙasar Kan’aniyawa.
৩২তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।
33 Haka kuma Naftali bai kori waɗanda suke zaune a Bet-Shemesh ko Bet-Anat; amma mutanen Naftali su ma suna zama a ciki Kan’aniyawa mazaunan ƙasar, waɗanda suke zaune a Bet-Shemesh da Bet-Anat kuwa suka zama masu yi musu aikin gandu.
৩৩নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
34 Amoriyawa suka matsa wa mutanen Dan a ƙasar tudu, ba su yarda musu su gangaro zuwa filaye ba.
৩৪ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।
35 Su Amoriyawa kuma suka dāge su zauna a Dutsen-Heres, Aiyalon, da Sha’albim. Amma yayinda mutanen Yusuf suka ƙara ƙarfi, sai suka su yin musu aikin gandu.
৩৫ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
36 Iyakar Amoriyawa kuwa daga Mashigin Kunama zuwa Sela da kuma zuwa gaba.
৩৬ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।

< Mahukunta 1 >