< Yoshuwa 6 >
1 Ƙofofin Yeriko kuwa a kulle suke ciki da waje saboda Isra’ilawa, ba mai fita babu kuma mai shiga.
১সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলৰ ভয়ত যিৰীহো নগৰৰ প্ৰৱেশ পথবোৰ বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা কৰা নাছিল।
2 Sai Ubangiji ya ce wa Yoshuwa, “Duba, na ba ka nasara a kan Yeriko, duk da sarkinta da mayaƙanta.
২পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
3 Da kai da dukan sojoji, ku zaga birnin sau ɗaya kullum. Ku yi haka har kwana shida.
৩তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।
4 Ka sa firistoci guda bakwai su riƙe ƙahoni raguna su kasance a gaban akwatin alkawari. A rana ta bakwai sai ku zaga birnin sau bakwai, firistocin suna busa ƙahoni.
৪আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।
5 Sa’ad da kuka ji sun ɗauki dogon lokaci suna busa ƙaho, sai mutane gaba ɗaya su tā da murya su yi ihu da ƙarfi; katangar birnin kuwa za tă rushe, sai sojoji su haura, ko wanne yă nufi inda ya fuskanta kai tsaye.”
৫আৰু যেতিয়া তেওঁলোকে মহাশব্দকাৰী শিঙা দীঘলীয়াকৈ উচ্চ শব্দেৰে বজাব আৰু তোমালোকে যেতিয়া শিঙাৰ শব্দ শুনিবা, তেতিয়া সকলো লোকে মহাধ্বনি কৰিবা; তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব আৰু প্ৰতিজন লোকে নিজৰ সন্মুখেদি পোনে পোনে উঠি যাবা।”
6 Yoshuwa ɗan Nun kuwa ya kira firistoci ya ce musu, “Ku ɗauki akwatin alkawari, ku sa firistoci guda bakwai su riƙe ƙahoni su kasance a gabansa.”
৬তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”
7 Sai ya umarci jama’a ya ce, “Mu je zuwa! Ku zaga birnin, masu tsaro da makamai su shiga gaban akwatin alkawarin Ubangiji.”
৭পাছত তেওঁ লোকসকলক ক’লে, “তোমালোকে গৈ নগৰ প্ৰদক্ষিণ কৰা আৰু যুদ্ধলৈ সাজু হৈ থকা সৈন্যসকল যিহোৱাৰ চন্দুকৰ আগে আগে যোৱা।”
8 Da Yoshuwa ya gama yin wa mutane magana, sai firistoci guda bakwai waɗanda suke riƙe da ƙahoni guda bakwai a gaban Ubangiji suka sha gaba suna busa ƙahoninsu, akwatin alkawari kuwa yana biye da su.
৮এইদৰে যিহোচূৱাই লোকসকলক কোৱাৰ দৰে, মহাশব্দকাৰী শিঙা লৈ যোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে উচ্চ শব্দেৰে শিঙা বজাই বজাই যাবলৈ ধৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ পাছে পাছে লৈ গৈ থাকিল।
9 Masu tsaro da makamai kuma suna gaban firistoci waɗanda suke busa ƙahoni, masu tsaro daga baya kuma suna bin akwatin alkawari, ana ta busa ƙahoni.
৯ৰণলৈ সাজু হোৱা সৈন্যসকল শিঙা বজোৱা পুৰোহিতসকলৰ আগে আগে গ’ল আৰু তেওঁলোকৰ পাছত যোৱা লোকৰ দলটো নিয়ম-চন্দুকৰ পাছে পাছে গ’ল; যাওঁতে পুৰোহিতসকলে শিঙা বজাই বজাই গ’ল।
10 Amma Yoshuwa ya umarci mutane ya ce, “Kada ku yi kururuwar yaƙi, kada ku tā da murya, kada ku ce kome, sai ranar da na ce ku yi ihu, a sa’an nan ne sai ku yi ihu!”
১০তাৰ পাছত যিহোচূৱাই লোকসকলক আজ্ঞা দি ক’লে, “মই তোমালোকক মহাধ্বনি কৰিবলৈ আজ্ঞা দিয়া দিনটো নহালৈকে, তোমালোকে ধ্বনি নকৰিবা আৰু নিজ নিজ মাত নুশুনাবা, তোমালোকৰ মুখৰ পৰা কোনো কথা নোলাওক; মই যিদিনা আজ্ঞা দিম, সেই দিনাহে তোমালোকে মহাধ্বনি কৰিবা।”
11 Sai ya sa aka ɗauki akwatin alkawarin Ubangiji aka kewaye birnin da shi sau ɗaya, sa’an nan mutane suka dawo masauƙinsu suka kwana a can.
১১এইদৰে তেওঁ নগৰৰ চাৰিওফালে যিহোৱাৰ নিয়ম-চন্দুক এবাৰ প্ৰদক্ষিণ কৰোৱালে আৰু তেওঁলোকে ছাউনিলৈ আহি ৰাতি ছাউনিতে থাকিল।
12 Kashegari, Yoshuwa ya tashi da sassafe, firistoci kuma suka ɗauki akwatin alkawarin Ubangiji.
১২তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷
13 Firistoci guda bakwai waɗanda suke riƙe da ƙahoni guda bakwai suka shiga gaba, suna takawa a gaban akwatin alkawarin Ubangiji suna kuma busa ƙahoni, masu tsaro ɗauke da makamai suna gabansu, sai masu tsaro da suke baya suna biye da akwatin alkawarin Ubangiji.
১৩মহাশব্দকাৰী সাতোটা শিঙা লোৱা পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে শিঙা বজাই বজাই গ’ল আৰু পাছত যাবলগীয়াসকলে পাছে পাছে গমন কৰিলে; পুৰোহিতসকলে যাওঁতে উচ্চ শব্দেৰে শিঙা বজাই বজাই গ’ল।
14 A rana ta biyu suka sāke zaga birnin sau ɗaya, suka kuma koma masauƙinsu. Haka suka yi har kwana shida.
১৪তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে।
15 A rana ta bakwai, suka tashi da sassafe suka zaga birnin sau bakwai yadda suka saba. A wannan rana kaɗai ne suka zaga birnin sau bakwai.
১৫পাছত সপ্তম দিনা সূৰ্য উদয় হোৱা সময়ত তেওঁলোকে সোনকালে উঠিল, আৰু আগেয়ে কৰি অহাৰ দৰে নগৰ খন সাত বাৰ প্ৰদক্ষিণ কৰিলে; কেৱল সেই দিনাহে নগৰখন সাতবাৰ প্ৰদক্ষিণ কৰিলে।
16 A zagawa ta bakwai, da firistoci suka busa ƙahoni, sai Yoshuwa ya ba sojojin umarni ya ce, “Ku yi ihu, gama Ubangiji ya ba ku birnin!
১৬সপ্তম-বাৰত পুৰোহিতসকলে শিঙা বজোৱাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে মহাধ্বনি কৰা; কিয়নো যিহোৱাই তোমালোকক নগৰখন দিলে।
17 Birnin da dukan abin da yake cikinta za a miƙa su ga Ubangiji. Rahab karuwan nan kaɗai ce, da dukan waɗanda suke tare da ita a gidanta za a bari da rai domin ta ɓoye’yan leƙen asirin ƙasa da muka aika.
১৭কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল।
18 Amma, ba za ku ɗauki wani abin da za a hallaka ba, idan kuka yi haka, za ku jawo masifa da hallaka a kan mutanen Isra’ila a inda kuka sauka.
১৮তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
19 Dukan azurfa da zinariya, da kwanonin tagulla da na ƙarfe, keɓaɓɓu ne ga Ubangiji, dole a sa su cikin ma’ajin Ubangiji.”
১৯সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
20 Da aka busa ƙahoni, sojoji suka yi ihu, da jin ƙarar ƙahoni, mutane suka kuma yi ihu, sai katangar ta rushe; dukan mutanen kuwa suka shiga birnin kai tsaye, suka yi nasara a kanta.
২০তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।
21 Suka miƙa wa Ubangiji birnin, suka hallaka kowane abu mai ran da yake cikin birnin da takobi, maza da mata, yara da tsofaffi, shanu, tumaki da jakuna.
২১তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।
22 Yoshuwa ya ce wa mutanen nan biyu waɗanda suka je leƙen asirin ƙasar, “Ku shiga gidan karuwan nan ku fitar da ita da duk waɗanda suke nata bisa ga alkawarin da kuka yi mata.”
২২তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”
23 Sai samarin waɗanda suka je leƙen asirin suka shiga suka fitar da Rahab, mahaifinta da mahaifiyarta, da’yan’uwanta da duk abin da yake nata. Suka fitar da iyalinta gaba ɗaya suka sa su a wani wuri, ba a cikin masauƙin Isra’ilawa ba.
২৩তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।
24 Sa’an nan suka ƙona birnin tare da dukan abin da yake ciki tatas, amma suka sa azurfa da zinariya da kayan tagulla da na ƙarfe a cikin ma’aji na haikalin Ubangiji.
২৪আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
25 Amma Yoshuwa ya bar Rahab karuwan nan bai kashe ta ba, ita da iyalinta da duk abin da yake nata, domin ita ta ɓoye mutanen da Yoshuwa ya aika Yeriko don su leƙo asirin ƙasar kuma ta zauna tare da Isra’ilawa har wa yau.
২৫কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।
26 A lokacin nan Yoshuwa ya yi wannan alkawari cewa, “Ubangiji zai tsine wa mutumin da zai yi ƙoƙarin sāke gina birnin nan, Yeriko. “A bakin ran ɗan farinsa zai kafa harsashin birnin; a bakin ran ɗan autansa kuma zai sa ƙofofin birnin.”
২৬সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
27 Ubangiji ya kasance tare da Yoshuwa, aka kuma san da shi a duk fāɗin ƙasar.
২৭এইদৰে যিহোৱা যিহোচূৱাৰ লগত আছিল আৰু তেওঁৰ যশস্যা গোটেই কনান দেশত বিয়পি গ’ল।