< Yoshuwa 5 >
1 To, da dukan sarakunan Amoriyawa na yammancin Urdun, da dukan sarakunan Kan’aniyawan da suke bakin teku suka ji yadda Ubangiji ya busar da kogin Urdun a gaban Isra’ilawa, har sai da dukansu suka ƙetare, zuciyarsu ta narke, suka karaya sosai har ma suka rasa samun ƙarfin hali su fuskanci Isra’ilawa.
১পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।
2 A lokacin nan Ubangiji ya ce wa Yoshuwa, “Ka yi wuƙaƙe na duwatsu ka yi wa Isra’ilawa kaciya.”
২সেই সময়ত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইস্ৰায়েলৰ সন্তানসকলক দ্বিতীয় বাৰৰ বাবে চুন্নৎ কৰোওৱা।”
3 Sai Yoshuwa ya yi wuƙaƙe na duwatsu, ya yi wa Isra’ilawa kaciya a Gibeyat-Ha’aralot.
৩তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, গিবেথ হাৰলোঠ নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে।
4 Dalilin da ya sa ya yi haka shi ne, dukan waɗanda suka fito daga Masar, dukan mazan da suka kai shekarun shiga soja, sun mutu a cikin jeji a hanya bayan sun bar Masar.
৪যিহোচূৱাই তেওঁলোকক চুন্নৎ কৰোঁৱাৰ কাৰণ এই যে, মিচৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিচৰৰ পৰা যাত্রা কৰি আহি থাকোতে মৰুভূমিৰ বাটৰ মাজতে মৰিল।
5 Dukan mutanen da suka fito daga Masar an yi musu kaciya, amma duk waɗanda aka haifa a jeji a tafiya daga Masar, ba a yi musu ba.
৫যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোঁৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোঁৱা হোৱা নাছিল।
6 Isra’ilawa sun yi tafiya a jeji shekaru arba’in, har sai da dukan mazan da suka kai shekarun shiga soja da suka bar Masar suka mutu, domin ba su yi wa Ubangiji biyayya ba. Gama Ubangiji ya rantse cewa ba zai bar su su ga ƙasar da ya yi wa iyayensu alkawari da rantsuwa cewa zai ba su ba, ƙasar da zuma da madara suke kwarara, ƙasar da take cike da albarka.
৬কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।
7 Sai ya sa yaransu ne suka taso a maimakonsu, su ne waɗanda Yoshuwa ya yi wa kaciya. Sun kasance ba kaciya gama ba a yi musu ba a hanya.
৭পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তান সকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল।
8 Kuma bayan da aka yi wa al’ummar kaciya dukansu, sai suka dakata a nan, sai da suka warke.
৮এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল।
9 Sai Ubangiji ya ce wa Yoshuwa, “Yau na kawar muku da zargin Masar.” Saboda haka ake kiran sunan wurin Gilgal har wa yau.
৯পাছত যিহোৱাই যিহোচূৱাক ক’লে, “আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।” এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে।
10 Da yamman rana ta goma sha huɗu ga wata, lokacin da suke a Gilgal a filin Yeriko, Isra’ilawa suka yi Bikin Ƙetarewa.
১০ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
11 A kashegarin Bikin, a wannan rana, sai suka ci daga cikin amfanin ƙasar, burodi marar yisti da hatsin da aka gasa.
১১সেই নিস্তাৰ-পৰ্ব্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে; সেই দিনাই তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে।
12 Kashegari bayan da suka ci amfanin ƙasar kuwa, Manna ta yanke, mutanen Isra’ila kuma ba su ƙara samunta ba. A wannan shekara suka fara cin amfanin ƙasar Kan’ana.
১২আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তান সকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে।
13 To, da Yoshuwa ya yi kusa da Yeriko, ya tā da idanunsa ya duba, sai ya ga wani mutum tsaye a gabansa riƙe da takobi, sai Yoshuwa ya je wurinsa ya ce masa, “Kai namu ne ko na abokan gābanmu?”
১৩যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?”
14 Mutumin ya ce, “Babu ko ɗaya, na dai zo ne a matsayin shugaban rundunar sojojin Ubangiji.” Sai Yoshuwa ya kwanta da fuskarsa har ƙasa, ya girmama shi, ya ce masa, “Ranka yă daɗe, wane saƙo kake da shi domin bawanka?”
১৪তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
15 Shugaban rundunar sojojin Ubangiji ya amsa ya ce, “Ka cire takalmanka, gama wurin da kake tsaye, mai tsarki ne.” Sai Yoshuwa ya cire takalmansa.
১৫যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷