< Yoshuwa 24 >

1 Yoshuwa ya tattara dukan kabilan Isra’ila a Shekem. Ya aika a kira dattawa, shugabanni, alƙalai da manyan ma’aikatan Isra’ila, suka kai kansu gaban Allah.
পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
2 Yoshuwa ya ce wa dukan mutanen, “Ga abin da Ubangiji, Allah na Isra’ila ya ce, ‘Dā can, kakanninku, Tera mahaifin Ibrahim, da Nahor sun zauna a hayin Kogin Yuferites suka yi wa waɗansu alloli sujada.
যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
3 Amma na ɗauki mahaifinku Ibrahim, daga ƙasar da take can a hayin Kogin Yuferites, na kawo shi ƙasar Kan’ana, na kuma ba shi’ya’ya masu yawa. Na ba shi Ishaku,
পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
4 ga Ishaku kuwa na ba shi Yaƙub da Isuwa. Na ba Isuwa ƙasar kan tudu ta Seyir, amma Yaƙub da’ya’yansa maza suka gangara zuwa Masar.
আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
5 “‘Sai na aiki Musa da Haruna, na aukar wa Masarawa annobai, ta wurin abin da na yi ne na fitar da ku.
তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
6 Lokacin da na fitar da iyayenku daga Masar, suka zo teku, sai Masarawa suka fafare su da kekunan yaƙi da dawakai har zuwa Jan Teku.
মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
7 Amma suka yi kuka ga Ubangiji don taimako, ya kuwa sa duhu ya raba tsakaninsu da Masarawa; ya sa teku ya rufe Masarawa. Kun gani da idanunku abin da na yi wa Masarawa, sa’an nan kuka zauna a jeji na tsawon lokaci.
সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
8 “‘Na kawo ku ƙasar Amoriyawa waɗanda suke gabas da Urdun. Suka yi yaƙi da ku, amma na ba da su a hannunku, na hallaka su a gabanku, kuka kuma mallaki ƙasarsu.
তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
9 Lokacin da Balak ɗan Ziffor, sarkin Mowab, ya yi shiri yă yaƙi Isra’ila, ya aiki Bala’am ɗan Beyor don yă la’anta ku.
পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
10 Amma ban saurari Bala’am ba, saboda haka sai ya ma sa muku albarka, na kuɓutar da ku daga hannunsa.
১০কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
11 “‘Sai kuka ƙetare Urdun kuka isa Yeriko. Mutanen Yeriko suka yi faɗa da ku, kamar yadda Amoriyawa, Ferizziyawa, Kan’aniyawa, Hittiyawa, Girgashiyawa, Hiwiyawa, da Yebusiyawa suka yi, amma na ba da su a hannunku.
১১পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
12 Na aika rina ta kore su a idonku, haka kuma sarakunan Amoriyawan nan. Ba da takobinku ko bakanku ne kuka yi haka ba.
১২মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
13 Na ba ku ƙasar da ba ku yi wata wahala kafin ku samu ba, na ba ku kuma biranen da ba ku gina ba; kuka kuma zauna a cikinsu, kuka ci daga’ya’yan itacensu da’ya’yan zaitun da ba ku ne kuka shuka ba.’
১৩তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
14 “Yanzu, sai ku ji tsoron Ubangiji, ku bauta masa da dukan aminci. Ku zubar da allolin da kakanninku suka yi musu sujada a hayin Kogin Yuferites da kuma a Masar, ku bauta wa Ubangiji.
১৪এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
15 Amma in kuka ga ba za ku iya bauta wa Ubangiji ba, sai ku zaɓa yau wanda za ku bauta masa, ko allolin da kakanninku suka bauta musu a hayin Kogin Yuferites, ko kuma allolin Amoriyawa, waɗanda kuke zama a cikin ƙasarsu. Amma da ni da gidana, Ubangiji ne za mu bauta wa.”
১৫যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
16 Sai mutanen suka amsa suka ce, “Allah ya kiyashe mu da rabuwa da Ubangiji Allahnmu, har a ce mu bauta wa waɗansu alloli!
১৬তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
17 Ubangiji Allahnmu ne da kansa ya fitar da iyayenmu daga Masar, daga ƙasar bauta, ya yi manyan abubuwan al’ajabi, a idanunmu. Ya kiyaye mu cikin dukan hanyar da muka bi, da cikin ƙasashen da muka ratsa;
১৭কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
18 Ubangiji kuwa ya kore mana dukan Amoriyawa, waɗanda suke zaune a ƙasar. Don haka mu ma za mu bauta wa Ubangiji, gama shi ne Allahnmu.”
১৮সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
19 Yoshuwa ya ce wa mutanen, “Ba za ku iya bauta wa Ubangiji ba gama shi Allah mai tsarki ne; mai kishi kuma. Ba zai gafarta muku zunubin tawaye ba.
১৯কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
20 In kuka juya wa Ubangiji baya, kuka bauta wa waɗansu alloli, zai juya yă kawo muku bala’i, yă hallaka ku, yă kawo ƙarshenku.”
২০তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
21 Amma mutanen suka ce wa Yoshuwa, “Mu dai! Za mu bauta wa Ubangiji.”
২১তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
22 Yoshuwa kuwa ya ce musu, “Ku ne shaidun kanku cewa kun zaɓi ku bauta wa Ubangiji.” Suka amsa suka ce, “I, mu ne shaidun kanmu.”
২২তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
23 Yoshuwa ya ce musu, “Yanzu sai ku zubar da allolin da suke cikinku, ku miƙa wa Ubangiji, Allah na Isra’ila zuciyarku.”
২৩তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
24 Mutanen kuma suka ce, “Za mu bauta wa Ubangiji Allahnmu, mu kuma yi masa biyayya.”
২৪লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
25 A wannan rana Yoshuwa ya yi alkawari saboda mutanen, kuma a can Shekem ya tsara musu ƙa’idodi da dokoki.
২৫এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
26 Yoshuwa kuwa ya rubuta abubuwan nan a cikin Littafin Dokoki na Allah. Sa’an nan ya ɗauki babban dutse ya ajiye a ƙarƙashin itacen oak kusa da tsattsarkan wuri na Ubangiji.
২৬তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
27 Ya ce wa duka mutanen, “Ku gani! Wannan dutse zai zama mana shaida, ya ji duk maganar da Ubangiji ya yi mana, zai zama muku shaida in ba ku yi wa Allahnku gaskiya ba.”
২৭পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
28 Sai Yoshuwa ya sallami mutane, kowa ya tafi ƙasar da aka ba shi gādo.
২৮তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
29 Bayan waɗannan abubuwa, Yoshuwa ɗan Nun, bawan Ubangiji, ya mutu yana da shekaru ɗari da goma.
২৯এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
30 Suka kuma binne shi a ƙasarsa ta gādo, a Timnat Sera a ƙasar kan tudu ta Efraim, arewa da Dutsen Ga’ash.
৩০তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
31 Isra’ilawa kuwa sun bauta wa Ubangiji dukan kwanakin Yoshuwa, da kuma kwanakin dattawan da ya bari, da waɗanda suka ga duk abin da Ubangiji ya yi wa Isra’ila.
৩১যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
32 Aka kuma binne ƙasusuwan Yusuf da aka kawo daga Masar, a Shekem a wurin da Yaƙub ya saya da azurfa ɗari daga’ya’yan Hamor, babban Shekem. Wurin ya zama gādon zuriyar Yusuf.
৩২ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
33 Eleyazar ɗan Haruna, ya mutu aka binne shi a Gibeya, wurin da aka ba ɗansa Finehas a ƙasar kan tudu ta Efraim.
৩৩তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।

< Yoshuwa 24 >