< Yoshuwa 21 >

1 To, a lokacin, sai shugabannin iyalan Lawiyawa suka je wurin Eleyazar firist, Yoshuwa ɗan Nun da kuma shugabannin sauran iyalan kabilu na Isra’ila a
তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
2 Shilo cikin Kan’ana, suka ce musu, “Ubangiji ya yi umarni ta wurin Musa cewa a ba mu garuruwan da za mu zauna a ciki, da wurin kiwo mai kyau don dabbobinmu.”
আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
3 Saboda haka kamar yadda Ubangiji ya umarta, sai Isra’ilawa suka ba wa Lawiyawa waɗannan garuruwa da wuraren kiwo daga cikin gādonsu.
তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
4 Ƙuri’a ta farko ta fāɗa a kan Kohatawa bisa ga iyalansu. Sai aka ba wa Lawiyawa waɗanda suke’yan zuriyar Haruna, firist, garuruwa goma sha uku daga kabilan Yahuda, Simeyon da Benyamin.
চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
5 Sauran Kohatawan kuma aka ba su garuruwa goma daga iyalan kabilar Efraim, Dan da kuma rabi kabilar Manasse.
আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
6 Aka kuma ba wa zuriyar Gershon garuruwa goma sha uku daga iyalan kabilan Issakar, Asher, Naftali, da kuma rabin kabilar Manasse a Bashan.
আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
7 Aka ba wa zuriyar Merari bisa ga iyalansu, garuruwa goma sha biyu daga kabilan Ruben, Gad da Zebulun.
আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
8 Haka Isra’ilawa suka ba wa Lawiyawa waɗannan garuruwa da wuraren kiwo masu kyau, yadda Ubangiji ya umarta ta wurin Musa.
এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
9 Daga kabilan Yahuda da Simeyon ne aka ba su waɗannan garuruwan da aka ambata,
পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
10 (ga garuruwan da aka ba wa zuriyar Haruna waɗanda suke daga iyalan Kohatawa na Lawiyawa, domin ƙuri’a ta farko ta fāɗa a kansu),
১০এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11 an ba su, Kiriyat Arba (wato, Hebron), da wurin kiwon da yake kewaye da ƙasar kan tudu ta Yahuda. (Arba shi ne kakan Anak.)
১১ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12 Amma sai aka ba Kaleb ɗan Yefunne filayen da kuma ƙauyukan da suke kewaye da birnin, su zama nasa.
১২কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
13 Sai aka ba zuriyar Haruna firist, ƙasar Hebron (garin masu neman mafaka don sun yi kisa), da Libna,
১৩তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্‌না,
14 da Yattir, da Eshtemowa,
১৪চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
15 da Holon, da Debir,
১৫চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
16 da Ayin, da Yutta, da kuma Bet-Shemesh, tare da wuraren kiwonsu, garuruwa tara ke nan daga kabilun nan biyu, Yahuda da Simeyon.
১৬চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
17 Daga kabilar Benyamin kuwa aka ba su, Gibeyon, Geba,
১৭আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
18 Anatot da Almon, tare da wuraren kiwonsu, garuruwa huɗu ke nan.
১৮চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
19 Duka-duka garuruwan firistoci, zuriyar Haruna, su goma sha uku ne tare da wuraren kiwonsu.
১৯নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20 Aka kuma ba wa sauran Kohatawa, iyalan Lawiyawa, garuruwa daga kabilar Efraim.
২০আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21 A ƙasar kan tudu ta Efraim, aka ba su, Shekem (garin masu neman mafaka don sun yi kisa) da Gezer,
২১ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22 Kibzayim da Bet-Horon, tare da wuraren kiwonsu, garuruwa huɗu ke nan.
২২কিব্‌চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23 Haka kuma daga kabilar Dan, aka ba su, Elteke, Gibbeton,
২৩আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
24 Aiyalon da Gat-Rimmon, tare da wuraren kiwonsu, garuruwa huɗu ke nan.
২৪চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25 Daga rabin kabilar Manasse kuwa aka ba su, Ta’anak da Gat-Rimmon, tare da wuraren kiwonsu, garuruwa biyu ke nan.
২৫আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26 Dukan garuruwan nan goma tare da wuraren kiwonsu ne aka ba sauran iyalan Kohatawa.
২৬কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27 Aka ba wa zuriyar Gershon, waɗanda suke Lawiyawa, rabo. Daga rabin kabilar Manasse, Golan a cikin Bashan (garin masu neman mafaka don sun yi kisa), da Be’eshtera, tare da wuraren kiwonsu, garuruwa biyu ke nan;
২৭অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28 daga kabilar Issakar kuma aka ba su Kishiyon, Daberat,
২৮গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29 Yarmut da En Gannim, tare da wuraren kiwonsu, garuruwa huɗu ke nan;
২৯চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30 daga kabilar Asher kuwa aka ba su, Mishal, Abdon,
৩০আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31 Helkat da Rehob, tare da wuraren kiwonsu, garuruwa huɗu ke nan;
৩১চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32 daga kabilar Naftali kuma aka ba su, Kedesh a cikin Galili (garin masu neman mafaka don sun yi kisa), Hammon-Dor da kuma Kartan, tare da wuraren kiwonsu, garuruwa uku ke nan.
৩২আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33 Duka-duka, garuruwan iyalan Gershonawa goma sha uku ne, tare da wuraren kiwonsu.
৩৩নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34 Aka ba wa iyalan Merari (sauran Lawiyawa) garuruwa, daga kabilar Zebulun, wato, Yokneyam, Karta,
৩৪পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্‌নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
35 Dimna da kuma Nahalal, tare da wuraren kiwonsu, garuruwa huɗu ke nan;
৩৫চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36 daga kabilar Ruben kuma aka ba su, Bezer, Yahza,
৩৬ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37 Kedemot da kuma Mefa’at, tare da wuraren kiwonsu, garuruwa huɗu ke nan;
৩৭চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38 daga kabilar Gad kuwa aka ba su, Ramot Gileyad (garin masu neman mafaka don sun yi kisa), Mahanayim,
৩৮আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
39 Heshbon da kuma Yazer, tare da wuraren kiwonsu, garuruwa huɗu ke nan.
৩৯মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
40 Duka-duka garuruwan da aka ba iyalan mutanen Merari, waɗanda su ne sauran Lawiyawa, garuruwa goma sha biyu ne.
৪০লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
41 Jimillar birane da wurarensu na kiwon da aka ba Lawiyawa daga cikin mallakar jama’ar Isra’ila guda arba’in da takwas ne.
৪১ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
42 Dukan garuruwan nan kowannensu yana kewaye da wurin kiwo.
৪২সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
43 Ubangiji kuwa ya ba Isra’ilawa dukan ƙasar da ya yi wa kakanninsu alkawari, suka kuwa mallake ta, suka zauna a cikinta.
৪৩এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
44 Ubangiji ya ba su hutawa a kowane gefe kamar yadda ya yi wa kakanninsu alkawari, ba ko ɗaya daga cikin abokan gābansu da ya iya cinsu da yaƙi.
৪৪তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
45 Ubangiji kuwa ya cika kowane alkawarin alherin da ya yi wa mutanen Isra’ila.
৪৫যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।

< Yoshuwa 21 >