< Yoshuwa 16 >

1 Rabon da aka ba wa Yusuf ya fara tun daga Urdun kusa da Yeriko, gabas da ruwan Yeriko, sai ya miƙe zuwa jeji, ya haura har zuwa cikin ƙasar tudu na Betel.
যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
2 Ya ci gaba daga Betel (wato, Luz), ya zarce zuwa sashen Arkitawa na Atarot,
পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
3 ya sauka zuwa yammancin bakin iyakar Yalfetiyawa har zuwa yankin Bet-Horon wanda yake cikin kwari. Ya zarce kuma zuwa Gezer, ya gangara ya yi ƙarshe a Bahar Rum.
তাৰ পৰা এই সীমা তললৈ নামি যফ্‌লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
4 Wannan ne yankin da aka ba wa Manasse da Efraim zuriyar Yusuf gādonsu.
এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
5 Yankin Efraim ke nan bisa ga iyalansu. Iyakar ƙasarsu ta gādo ta kama daga Atarot Addar a gabas zuwa Bet-Horon,
নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
6 ta wuce zuwa Bahar Rum. Daga Mikmetat a arewa kuwa iyakar ta karkata gabas zuwa Ta’anat Shilo, ta wuce zuwa Yanowa a gabas.
আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
7 Sai ta gangara daga Yanowa zuwa Atarot da Na’ara, ta bi ta Yeriko, ta kuma fito ta Urdun.
পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
8 Daga Taffuwa kuma iyakar ta bi yamma zuwa kwazazzaban Kana, ta ƙarasa a Bahar Rum. Wannan shi ne gādon mutanen Efraim bisa ga iyalansu.
আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
9 Gādon ya kuma haɗa da dukan garuruwa da ƙauyuka waɗanda aka keɓe wa mutanen Efraim daga cikin gādon mutanen Manasse.
ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
10 Ba su kori Kan’aniyawan da suke zama a Gezer ba, don haka Kan’aniyawa suna zama tare da mutanen Efraim har wa yau; amma Kan’aniyawa suka zama masu yin aikin dole.
১০তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।

< Yoshuwa 16 >