< Yohanna 4 >

1 Yesu ya ji labari cewa Yahudawa sun ji cewa ya wuce Yohanna samun masu bi, yana kuma yin musu baftisma,
যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
2 ko da yake ba Yesu ne yake baftismar ba, almajiransa ne.
যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
3 Da ya sami wannan labari, sai ya bar Yahudiya ya sāke koma Galili.
তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।
4 To, ya zama dole yă bi ta Samariya.
গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
5 Sai ya zo wani gari a Samariya da ake ce da shi Saikar, kurkusa da filin da Yaƙub ya ba wa ɗansa Yusuf.
তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
6 Rijiyar Yaƙub kuwa tana can, Yesu kuwa, saboda gajiyar tafiya, sai ya zauna a bakin rijiyar. Wajen sa’a ta shida ne.
সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
7 Sa’ad da wata mutuniyar Samariya ta zo ɗiban ruwa, sai Yesu ya ce mata, “Ba ni ruwa in sha?”
এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক ক’লে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
8 (Almajiransa kuwa sun shiga gari don sayi abinci.)
সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
9 Sai mutuniyar Samariyar ta ce masa, “Kai mutumin Yahuda ne, ni kuwa mutuniyar Samariya ce. Yaya za ka roƙe ni ruwan sha?” (Don Yahudawa ba sa hulɗa da Samariyawa.)
সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।
10 Yesu ya amsa mata ya ce, “Da kin san kyautar Allah, da kuma wanda yake roƙonki ruwan sha, da kin roƙe shi, shi kuwa da ya ba ki ruwan rai.”
১০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
11 Sai macen ta ce, “Ranka yă daɗe, ba ka da guga rijiyar kuwa tana da zurfi. Ina za ka sami wannan ruwan rai?
১১সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
12 Ka fi mahaifinmu Yaƙub ne, wanda ya ba mu rijiyar ya kuma sha daga ciki da kansa, haka ma’ya’yansa da kuma garkunan shanunsa da tumakinsa?”
১২আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
13 Yesu ya amsa ya ce, “Kowa ya sha wannan ruwa, zai sāke jin ƙishirwa,
১৩যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
14 amma duk wanda ya sha ruwan da zan ba shi, ba zai ƙara jin ƙishirwa ba. Tabbatacce, ruwan da zan ba shi, zai zama masa maɓuɓɓugan ruwa da yake ɓuɓɓugowa har yă zuwa rai madawwami.” (aiōn g165, aiōnios g166)
১৪কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।” (aiōn g165, aiōnios g166)
15 Sai macen ta ce masa, “Ranka yă daɗe, ka ba ni ruwan nan, don kada in ƙara jin ƙishirwa, in yi ta zuwa nan ɗiban ruwa.”
১৫সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
16 Sai ya ce mata, “Je ki zo da mijinki.”
১৬যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
17 Sai ta amsa ta ce, “Ai, ba ni da miji.” Yesu ya ce mata, “Gaskiyarki da kika ce ba ki da miji.
১৭সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
18 Gaskiyar ita ce, kin auri maza biyar, wanda kuke tare yanzu kuwa ba mijinki ba ne. A nan kam kin yi gaskiya.”
১৮কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
19 Sai macen ta ce, “Ranka yă daɗe, ina gani kai annabi ne.
১৯সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
20 Kakanninmu sun yi sujada a dutsen nan, amma ku Yahudawa kun ce a Urushalima ne ya kamata a yi sujada.”
২০আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
21 Sai Yesu ya ce, “Uwargida, ina tabbatar miki, lokaci yana zuwa da ba za ku yi wa Uba sujada ko a dutsen nan, ko kuwa a Urushalima ba.
২১যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
22 Ku Samariyawa ba ku san abin da kuke yi wa sujada ba; mu kuwa mun san abin da muke yi wa sujada, gama ceto daga Yahudawa yake.
২২তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
23 Duk da haka, lokaci yana zuwa har ma ya riga ya yi, da masu sujada na gaskiya za su yi wa Uba sujada a Ruhu da kuma gaskiya, gama irin waɗannan masu sujada ne Uba yake nema.
২৩কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
24 Allah ruhu ne, masu yi masa sujada kuwa dole su yi masa sujada a ruhu, da gaskiya kuma.”
২৪ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
25 Macen ta ce, “Na san cewa Almasihu” (da ake ce da shi Kiristi) “yana zuwa. Sa’ad da ya zo kuwa, zai bayyana mana kome.”
২৫সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
26 Sai Yesu ya ce, “Ni mai maganan nan da ke, Ni ne shi.”
২৬যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
27 Suna gama magana ke nan sai almajiransa suka iso, suka yi mamakin ganin yana magana da mace. Amma ba wanda ya ce, “Me kake so?” Ko “Me ya sa kake magana da ita?”
২৭তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
28 Sai macen ta bar tulunta na ruwa, ta koma cikin gari ta ce wa mutane,
২৮সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
29 “Ku zo, ku ga mutumin da ya gaya mini duk abin da na taɓa yi. Shin, ko shi ne Kiristi?”
২৯“আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
30 Sai suka fita daga garin suka nufa inda yake.
৩০তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
31 Ana cikin haka, sai almajiransa suka roƙe shi suka ce, “Rabbi, ci abinci mana.”
৩১ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
32 Amma ya ce musu, “Ina da abincin da ba ku san kome a kai ba.”
৩২কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
33 Sai almajiran suka ce wa juna, “Shin, ko wani ya kawo masa abinci ne?”
৩৩শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
34 Yesu ya ce, “Abincina shi ne, in aikata nufin wannan da ya aiko ni, in kuma gama aikinsa.
৩৪যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
35 Ba kukan ce, ‘Sauran wata huɗu a yi girbi ba?’ Ina gaya muku, ku ɗaga idanu ku dubi gonaki! Sun isa girbi.
৩৫তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
36 Mai girbi na samun lada, yana kuma tara amfani zuwa rai madawwami, domin mai shuka da mai girbi su yi farin ciki tare. (aiōnios g166)
৩৬যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে। (aiōnios g166)
37 Karin maganan nan gaskiya ne cewa, ‘Wani da shuka, wani kuma da girbi.’
৩৭ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
38 Na aike ku girbin abin da ba ku yi aikinsa ba. Waɗansu sun yi aikin nan mai wahala, ku kuwa kun sami ladan aikinsu.”
৩৮মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
39 Samariyawa da yawa daga wannan gari suka gaskata da shi saboda shaidar macen da ta ce, “Ya gaya mini duk abin da na taɓa yi.”
৩৯যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
40 To, da Samariyawa suka zo wurinsa, sai suka roƙe shi yă zauna da su, ya kuwa zauna kwana biyu.
৪০লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
41 Saboda kalmominsa kuwa da yawa suka gaskata.
৪১তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
42 Sai suka ce wa macen, “Yanzu kam mun gaskata, ba don abin da kika faɗa kawai ba; yanzu mun ji da kanmu, mun kuwa san cewa wannan mutum tabbatacce shi ne Mai Ceton duniya.”
৪২তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
43 Bayan kwana biyun nan sai ya bar can zuwa Galili.
৪৩দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
44 (To, Yesu kansa ya taɓa faɗa cewa annabi ba shi da daraja a ƙasarsa.)
৪৪কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
45 Da ya isa Galili, sai mutanen Galili suka marabce shi. Sun ga duk abin da ya yi a Urushalima a lokacin Bikin Ƙetarewa, gama su ma sun kasance a can.
৪৫তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
46 Sai ya sāke ziyarci Kana ta Galili inda ya juya ruwa ya zama ruwan inabi. Akwai wani ma’aikacin hukuma a can wanda ɗansa yake kwance da rashin lafiya a Kafarnahum.
৪৬পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
47 Da mutumin nan ya ji cewa Yesu ya isa Galili daga Yahudiya, sai ya je wurinsa ya roƙe shi yă zo yă warkar da ɗansa da yake bakin mutuwa.
৪৭তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
48 Yesu ya ce masa, “Ku mutane, in ba kun ga alamu da abubuwan banmamaki ba, ba yadda za a yi ku ba da gaskiya.”
৪৮যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
49 Ma’aikacin hukuman ya ce, “Ranka yă daɗe, ka zo kafin ɗana yă mutu.”
৪৯সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
50 Sai Yesu ya amsa ya ce, “Ka tafi. Ɗanka zai rayu.” Mutumin kuwa ya amince da maganar da Yesu ya yi ya kuwa tafi.
৫০যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
51 Tun yana kan hanya, bayinsa suka tarye shi da labari cewa yaron yana warkewa.
৫১তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
52 Da ya tambayi lokacin da ɗansa ya sami sauƙi, sai suka ce masa, “Zazzaɓin ya sake shi jiya a sa’a ta bakwai.”
৫২তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
53 Sai mahaifin ya gane a daidai wannan lokaci ne Yesu ya ce masa, “Ɗanka zai rayu.” Saboda haka shi da dukan iyalinsa suka gaskata.
৫৩ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
54 Wannan ce abin banmamaki ta biyu da Yesu ya yi, bayan zuwansa daga Yahudiya zuwa Galili.
৫৪যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।

< Yohanna 4 >