< Ayuba 9 >

1 Sai Ayuba ya amsa,
তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
2 “Lalle, na san wannan gaskiya ne. Amma ta yaya mutum zai iya zama mai adalci a gaban Allah?
“মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
3 Ko da mutum yana so yă yi gardama da shi, ba zai taɓa amsa masa ba ko da sau ɗaya cikin dubu.
যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
4 Hikimarsa tana da zurfi, ikonsa yana da yawa. Wane ne ya taɓa yin faɗa da shi har ya yi nasara?
ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
5 Yana matsar da manyan duwatsu kafin su sani kuma yana juya su cikin fushinsa.
তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
6 Yana girgiza ƙasa, yana girgiza harsashenta.
তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
7 Yana magana da rana sai ta ƙi yin haske; yana hana taurari yin haske.
এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
8 Shi kaɗai ya shimfiɗa sammai ya kuma yi tafiya a kan raƙuman ruwan teku.
তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
9 Shi ne ya halicci Mafarauci da Kare da Zomo, da Kaza, da’Ya’yanta da tarin taurari a sama, da taurarin kudu.
তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
10 Yana yin abubuwan banmamaki waɗanda ba a iya ganewa, mu’ujizai waɗanda ba a iya ƙirgawa.
১০অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
11 Ba na iya ganinsa lokacin da ya wuce ni; ba na sani ya wuce lokacin da ya wuce.
১১চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
12 Wane ne ya isa yă hana shi in ya ƙwace abu? Wa zai ce masa, ‘Me kake yi?’
১২চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
13 Allah ba ya danne fushinsa; ko dodannin ruwan da ake kira ayarin Rahab ya tattake su.
১৩ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
14 “Ta yaya zan iya yin faɗa da shi? Ina zan iya samun kalmomin da zan yi gardama da shi?
১৪মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
15 Ko da yake ba ni da laifi, ba zan iya amsa masa ba; sai dai roƙon jinƙai zan iya yi ga mahukuncina.
১৫মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
16 Ko da na yi kira gare shi ya amsa mini, ban yarda cewa zai saurare ni ba.
১৬যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
17 Zai sa hadari yă danne ni yă ƙara mini ciwona ba dalili.
১৭তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
18 Ba zai bari in yi numfashi ba, sai dai yă ƙara mini azaba.
১৮তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
19 In maganar ƙarfi ne, shi babban mai ƙarfi ne! In kuma maganar shari’a ne, wa zai kai kararsa?
১৯পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
20 Ko da ni marar ƙarfi ne, bakina ya isa yă sa in zama mai laifi; in ba ni da laifi, zai sa in yi laifi.
২০মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
21 “Ko da yake ba ni da laifi, ban damu da kaina ba; na rena raina.
২১মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।
22 Ba bambanci; shi ya sa na ce, ‘Yana hallaka marasa laifi da kuma mugaye.’
২২সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
23 Lokacin da bala’i ya kawo ga mutuwa, yakan yi dariyar baƙin cikin marasa laifi.
২৩আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
24 Lokacin da ƙasa ta faɗa a hannun mugaye, yakan rufe idanun masu shari’a. In ba shi ba wa zai yi wannan?
২৪পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
25 “Kwanakina sun fi mai gudu wucewa da sauri; suna firiya babu wani abin jin daɗi a cikinsu.
২৫মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
26 Suna wucewa kamar jirgin ruwan da aka yi da kyauro, kamar jahurma da ta kai wa namanta cafka.
২৬সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
27 ‘In na ce zan manta da abin da yake damu na, zan yi murmushi in daina nuna ɓacin rai,’
২৭যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
28 duk da haka ina tsoron duk wahalata, domin na san ba za ka ɗauke ni marar laifi ba.
২৮তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
29 Tun da an riga an ɗauke ni mai laifi, duk ƙoƙarina a banza yake.
২৯মই দোষী হবই লাগিব; তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
30 Ko da na wanke jikina duka da sabulu, na wanke hannuwana kuma da soda,
৩০যদি মই হিমৰ পানীত গা ধোওঁ, আৰু খাৰেৰে হাত চাফা কৰোঁ,
31 duk da haka za ka jefa ni cikin ƙazamin wuri, yadda ko rigunan jikina ma za su ƙi ni.
৩১তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
32 “Shi ba mutum ba ne kamar ni wanda zan iya amsa masa, har da za mu yi faɗa da juna a wurin shari’a.
৩২কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
33 In da akwai wanda zai iya shiga tsakaninmu, ya ɗora hannunsa a kanmu tare,
৩৩আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।
34 wani wanda zai sa Allah yă daina duka na, don yă daina ba ni tsoro.
৩৪তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
35 Sa’an nan ne zan iya yin magana ba tare da jin tsoronsa ba, amma a yadda nake a yanzu ba zan iya ba.
৩৫তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।

< Ayuba 9 >