< Ayuba 8 >

1 Sai Bildad mutumin Shuwa ya amsa,
তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
2 “Har yaushe za ka gama faɗa waɗannan abubuwa? Maganganunka ba su da amfani.
তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
3 Allah ba mai shari’ar gaskiya ba ne? Ko Maɗaukaki yakan yi abin da ba daidai ba?
ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
4 Lokacin da’ya’yansa suka yi masa zunubi, yakan bar su su sha wahalar da zunubi yake kawowa.
তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
5 Amma in za ka dubi Allah ka roƙi Maɗaukaki,
তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6 in kai mai tsarki ne, kuma mai adalci, ko yanzu ma zai taimake ka, yă mayar maka iyalinka da farin cikinka.
তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
7 Ko da yake za ka fara da kaɗan, duk da haka za ka gama da samu mai yawa.
আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
8 “Tambayi na gaba da kai ka ji abin da iyayenka suka koya
কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
9 gama jiya kaɗai aka haife mu ba mu san kome ba, kuma kwanakinmu a duniya masu wucewa ne.
কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10 Ba za su bishe ka su kuma gaya maka abin da za ka yi ba? Ba za su yi magana daga cikin hikimar da suke da ita ba?
১০তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11 Ko kyauro zai iya yi girma a wurin da ba ruwa? Ko za tă taɓa iya yin girma ba tare da ruwa ba?
১১জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12 Yayinda take girma ba a yanka ta, takan mutu da sauri fiye da ciyawa.
১২সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
13 Abin da yake faruwa ke nan da duk wanda yake mantawa da Allah; waɗanda ba su da Allah, ba su da bege.
১৩ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
14 Abin da yake dogara a kai ba shi da ƙarfi; abin da yake dogara a kai yanar gizo ce.
১৪তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15 Ya jingina ga yanar gizo, amma ba ta tare shi, sun kama ta, amma ba za tă taimake su tsayawa ba.
১৫সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16 Yana kama da shukar da aka ba ta ruwa sosai lokacin da akwai rana sosai, tana yaɗuwa da kyau;
১৬যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
17 shukar tana bin yaɗuwa, jijiyoyinta suna nannaɗe duwatsu, suna neman wurin da za su kama sosai a cikin duwatsu.
১৭যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18 Amma lokacin da aka tuge shukar daga wurin da take, wurin ba zai san da ita kuma ba, wurin zai ce, ‘Ban taɓa ganin ki ba.’
১৮কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
19 Ba shakka shukar ta mutu ke nan, kuma waɗansu za su tsiro a wurin.
১৯চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
20 “Ba shakka, Allah ba ya ƙin marar laifi, ko kuma yă ƙarfafa masu aikata mugunta.
২০চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21 Sai dai yă cika bakinka da dariya, yă sa ka yi sowa ta murna.
২১তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22 Maƙiyanka za su sha kunya, za a kawar da tentin mugaye.”
২২সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”

< Ayuba 8 >