< Ayuba 42 >
1 Sa’an nan Ayuba ya amsa wa Ubangiji,
১তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
2 “Na san cewa za ka iya yin dukan abubuwa; ba wanda zai iya ɓata shirinka.
২“মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
3 Ka yi tambaya, ‘Wane ne wannan da ya ƙi karɓar shawarata shi marar ilimi?’ Ba shakka na yi magana game da abubuwan da ban gane ba, abubuwan ban al’ajabi da sun fi ƙarfin ganewata.
৩তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
4 “Ka ce, ‘Saurara yanzu, zan kuma yi magana zan tambaye ka, kuma za ka amsa mini.’
৪মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
5 Kunnuwana sun ji game da kai amma yanzu na gan ka.
৫পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
6 Saboda haka na rena kaina na kuma tuba cikin ƙura da toka.”
৬এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
7 Bayan Ubangiji ya gaya wa Ayuba waɗannan abubuwa, ya ce wa Elifaz mutumin Teman, “Ina fushi da kai da abokanka guda biyu domin ba ku faɗi abin da yake daidai game da ni ba, kamar yadda bawana Ayuba ya yi.
৭যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
8 Saboda haka yanzu sai ku ɗauki bijimai guda bakwai, da raguna bakwai, ku je wurin bawana Ayuba ku miƙa hadaya ta ƙonawa domin kanku. Bawana Ayuba zai yi muku addu’a zan kuwa karɓi addu’arsa in bi da ku nisa da wawancinku. Ba ku faɗi abin da yake daidai game da ni ba yadda bawana Ayuba ya yi ba.”
৮এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
9 Saboda haka Elifaz mutumin Teman, Bildad mutumin Shuwa da Zofar mutumin Na’ama, suka yi abin da Ubangiji ya gaya masu; Ubangiji kuma ya karɓi addu’ar Ayuba.
৯তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
10 Bayan Ayuba ya yi wa abokansa addu’a, Ubangiji ya sa shi ya sāke zama mai arziki ya ninka abin da yake da shi a dā sau biyu.
১০যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
11 Dukan’yan’uwansa maza da mata da duk waɗanda suka san shi a dā suka zo suka ci abinci tare da shi a cikin gidansa. Suka ta’azantar da shi suka ƙarfafa shi game da duk wahalar da Ubangiji ya auka masa, kowannensu kuma ya ba shi azurfa da zobe na zinariya.
১১পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
12 Ubangiji ya albarkaci ƙarshen Ayuba fiye da farkonsa. Yana da tumaki guda dubu goma sha huɗu, raƙuma guda dubu shida; shanun noma guda dubu da jakuna guda dubu.
১২এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।
13 Ya kuma haifi’ya’ya maza bakwai, mata uku.
১৩তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।
14 ’Yar farko ya kira ta Yemima, ta biyun Keziya ta ukun Keren-Haffuk.
১৪তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
15 Duk a cikin ƙasar ba a samu kyawawan mata kamar’ya’yan Ayuba ba, kuma babansu ya ba su gādo tare ta’yan’uwansu maza.
১৫ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।
16 Bayan wannan Ayuba ya rayu shekara ɗari da arba’in; ya ga’ya’yansa da’ya’yansu har tsara ta huɗu.
১৬ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।
17 Sa’an nan Ayuba ya rasu da kyakkyawan tsufa.
১৭এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।