< Ayuba 41 >
1 “Ko za ka iya kama dodon ruwa da ƙugiyar kamar kifi ko kuma ka daure harshenta da igiya?
১তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
2 Za ka iya sa igiya a cikin hancinta ko kuma ka huda muƙamuƙanta da ƙugiya?
২তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
3 Za tă ci gaba da roƙonka ka yi mata jinƙai? Ko za tă yi maka magana a hankali?
৩সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
4 Za tă yi yarjejjeniya da kai don ka ɗauke ta tă zama baiwa gare ka dukan kwanakin ranta?
৪তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
5 Za ka yi wasa da ita kamar yadda za ka yi da tsuntsu? Ko za ka daure ta da tsirkiya domin bayinka mata?
৫চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
6 ’Yan kasuwa za su saye ta ko za su raba ta a tsakaninsu?
৬মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
7 Ko za ka iya huda fatarta da kibiya ka kuma huda kansa da māsu?
৭তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
8 In ka ɗora hannunka sau ɗaya a kanta za ka tuna da yaƙin da ba za ka sāke yi ba!
৮তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
9 Duk ƙoƙarin kama ta banza ne; ganin ta kawai abin tsoro ne.
৯চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
10 Ba wanda ya isa yă tsokane ta. Wane ne kuma ya isa yă yi tsayayya da ni?
১০এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
11 Wane ne yake bi na bashi da dole in biya? Duk abin da yake ƙarƙashin sama nawa ne.
১১আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
12 “Ba zan daina magana game da gaɓoɓinta ba ƙarfinta da kuma kyan kamanninta ba.
১২মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
13 Wa zai iya tuɓe mata mayafinta? Wa zai iya shiga tsakanin ɓawonta.
১৩তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
14 Wa zai iya buɗe ƙofofin bakinta? Haƙoranta ma abin tsoro ne?
১৪তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
15 An rufe bayanta da jerin garkuwoyi aka manne su sosai.
১৫তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
16 Suna kurkusa da juna yadda da ƙyar iska take iya wucewa tsakani.
১৬সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
17 An haɗa su da juna sun mannu da juna kuma ba za a iya raba su ba.
১৭সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
18 Numfashinta yana fitar da wuta; idanunta kamar hasken zuwan safe.
১৮তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
19 Wuta tana fitowa daga bakinta; tartsatsin wuta suna fitowa,
১৯তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
20 Hayaƙi yana fitowa daga hancinta kamar daga tukunya mai tafasa a kan wutar itace.
২০উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
21 Numfashinta yana sa garwashi yă kama wuta, harshen wuta yana fita daga bakinta.
২১তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
22 Akwai ƙarfi a cikin wuyanta; razana tana wucewa a gabanta.
২২তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
23 Namanta yana da kauri a manne da juna; naman yana da tauri ba ya matsawa.
২৩তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
24 Ƙirjinta yana da ƙarfi kamar dutse, da ƙarfi kamar dutsen niƙa.
২৪তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
25 Sa’ad da ta tashi, manya suna tsorata; suna ja da baya.
২৫যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
26 Takobi ba ta iya yankanta, kibiya ko māshi ba sa iya huda ta.
২৬যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
27 Ƙarfe kamar kara ne a wurinta tagulla kuma kamar ruɓaɓɓen katako ne a wurinta.
২৭সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
28 Māsu ba su sa ta tă gudu; jifar majajjawa kamar na ciyawa ne gare ta.
২৮ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
29 Kulki a gare ta kamar ciyawa ne, tana dariyar wucewar māshi.
২৯সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
30 Cikinta yana rufe a ɓawo masu ƙarfi, tana kabtar ƙasa in tana tafiya.
৩০তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
31 Tana sa zurfin kogi yă tafasa kamar tukunya, ta kuma sa teku yă zama kamar tukunyar man shafawa.
৩১সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
32 A bayanta ya bar haske kamar zurfin ruwan da yana kumfa.
৩২সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
33 Ba wani abu kamar ta a duniya, halitta marar tsoro.
৩৩ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
34 Tana rena duk masu girman kai. Ita take mulki kan duk masu girman kai.”
৩৪সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।