< Ayuba 40 >

1 Ubangiji ya ce wa Ayuba,
যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2 “Mai neman sa wa wani laifi zai iya ja da Maɗaukaki? Bari mai tuhumar Allah yă amsa masa.”
দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3 Sai Ayuba ya amsa wa Ubangiji,
তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4 “Ai, ni ba a bakin kome nake ba ne, ta yaya zan iya amsa maka? Na rufe bakina da hannuna.
“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
5 Na yi magana sau ɗaya amma ba ni da amsa, sau biyu, amma ba zan ƙara cewa kome ba.”
মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
6 Sa’an nan Ubangiji ya yi wa Ayuba magana ta cikin guguwa,
তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7 “Ka tashi tsaye ka tsaya da ƙarfi kamar namiji; zan yi maka tambaya kuma za ka amsa mini.
“তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8 “Ko za ka ƙi yarda da shari’ata? Za ka ba ni laifi don ka nuna kai marar laifi ne?
মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9 Ko hannunka irin na Allah ne, kuma ko muryarka za tă iya tsawa kamar ta Allah?
তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10 Sai ka yi wa kanka ado da ɗaukaka da girma, ka yafa daraja da muƙami.
১০তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11 Ka saki fushinka, ka dubi dukan wani mai girman kai ka wulaƙanta shi.
১১তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12 Ka dubi duk wani mai girman kai ka ƙasƙantar da shi, ka tattake mugaye a inda ka tsaya.
১২প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13 Ka bizne su duka tare ka rufe fuskokinsu a cikin kabari.
১৩সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14 Sa’an nan ni kaina zan shaida maka cewa hannun damanka zai iya cetonka.
১৪তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15 “Dubi dorina, wadda na halicce ku tare kuma ciyawa take ci kamar sa.
১৫ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
16 Ga shi ƙarfinta yana a ƙugunta ikonta yana cikin tsokar cikinta.
১৬চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17 Wutsiyarta tana da ƙarfi kamar itacen al’ul; jijiyoyin cinyoyinta suna haɗe a wuri ɗaya.
১৭সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18 Ƙasusuwanta bututun tagulla ne, haƙarƙarinta kamar sandunan ƙarfe.
১৮তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19 Tana ta farko cikin ayyukan Allah, Mahaliccinta kaɗai yake iya tunkarar ta da takobi.
১৯ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20 Tuddai su suke tanada mata abinci a inda duk namun jeji suke wasa.
২০পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21 Tana kwanciya a ƙarƙashin inuwar itacen lotus ta ɓuya cikin kyauro da fadama.
২১সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22 Inuwa ta rufe ta da ƙaddaji, itatuwan wardi na rafi, sun kewaye ta.
২২পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23 Sa’ad da kogi ya cika yana hauka, ba tă damu ba; ba abin da zai same ta ko da a gaban bakinta Urdun yake wucewa.
২৩চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24 Ko akwai wanda zai iya kama ta ba ta kallo, ko kuma a kama ta da tarko a huda hancinta?
২৪সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

< Ayuba 40 >