< Ayuba 4 >

1 Sai Elifaz mutumin Teman ya amsa,
তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
2 “In wani ya yi maka magana, za ka ji haushi? Amma wa zai iya yin shiru?
কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
3 Ka tuna yadda ka yi wa mutane da yawa magana, yadda ka ƙarfafa hannuwa marasa ƙarfi.
চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
4 Maganarka ta ƙarfafa waɗanda suka yi tuntuɓe; ka ƙarfafa gwiwoyin da suka rasa ƙarfinsu.
তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
5 Amma yanzu wahala ta zo maka, sai ka karaya; wahala ta sa ka rikice.
কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6 Ashe bai kamata ka dogara ga Allahnka ba, amincinka kuma yă zama begenka?
ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7 “Ka duba ka gani yanzu. Wane marar laifi ne ya taɓa hallaka? Ko an taɓa hallaka masu adalci?
ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
8 Na kula cewa waɗanda suke huɗa gonar mugunta, da waɗanda suke shuka mugunta, su ne suke girbe mugunta.
মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9 A sa’a ɗaya Allah yake hallaka su, cikin fushinsa yakan hallaka su.
ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
10 Zakoki suna ruri suna gurnani; duk da haka an karya haƙoran manyan zakoki.
১০সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11 Zakoki suna mutuwa domin ba dabbar da za su kashe su ci,’ya’yan zakanya kuma sun watse.
১১আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
12 “Asirce aka gaya mini maganan nan, da ƙyar kunnuwana suka iya ji.
১২এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
13 Cikin mafarki da tsakar dare, lokacin kowa yana zurfin barci, na sami saƙon nan.
১৩ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
14 Tsoro da fargaba suka kama ni har duk ƙasusuwan jikina suka yi ta rawa.
১৪তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15 Wani iska ya taɓa mini fuska, sai tsigar jikina ta tashi.
১৫যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16 Ya tsaya cik, amma ban iya sani ko mene ne ba. Wani abu ya tsaya a gabana, na kuma ji murya.
১৬সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17 ‘Ko zai yiwu mutum yă fi Allah adalci, ko kuma mutum yă fi wanda ya halicce shi tsarki?
১৭“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
18 In Allah bai yarda da bayinsa ba, in ya sami mala’ikunsa da laifi,
১৮চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
19 to, su wane ne mutane masu zama a gidan da aka yi da laka, waɗanda da ƙura aka yi harsashensu, waɗanda za a iya murƙushe su kamar asu!
১৯তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
20 Tsakanin safe da yamma mai yiwuwa ne ragargaza su; farat ɗaya, su mutu har abada.
২০প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
21 Ba a tuge igiyar tentinsu, don su mutu ba tare da hikima ba?’
২১সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”

< Ayuba 4 >