< Ayuba 36 >
2 “Ka ɗan ƙara haƙuri da ni kaɗan, zan kuma nuna maka cewa akwai sauran abubuwan da zan faɗa a madadin Allah.
২আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;
3 Daga nesa na sami sanina; zan nuna cewa Mahaliccina shi mai gaskiya ne.
৩মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।
4 Abin da zan gaya maka ba ƙarya ba ne; mai cikakken sani yana tare da kai.
৪কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।
5 “Allah mai iko ne, amma ba ya rena mutane; shi mai girma ne cikin manufarsa.
৫চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।
6 Ba ya barin mugaye da rai sai dai yana ba waɗanda ake tsanantawa hakkinsu.
৬তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।
7 Ba ya fasa duban masu adalci; yana sa su tare da sarakuna yana ɗaukaka su har abada.
৭তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়।
8 Amma in mutane suna daure da sarƙoƙi, ƙunci kuma ya daure su,
৮আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,
9 yana gaya musu abin da suka yi, cewa sun yi zunubi da girman kai.
৯তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।
10 Yana sa su saurari gyara yă kuma umarce su su tuba daga muguntarsu.
১০শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।
11 In sun yi biyayya suka bauta masa, za su yi rayuwa dukan kwanakinsu cikin wadata shekarunsu kuma cikin kwanciyar zuciya.
১১যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
12 Amma in ba su saurara ba, za su hallaka da takobi kuma za su mutu ba ilimi.
১২কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
13 “Waɗanda ba su da Allah a zuciyarsu su ne suke riƙe fushi; ko sa’ad da ya ba su horo, ba su neman taimakonsa.
১৩অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।
14 Suna mutuwa tun suna matasa, cikin ƙazamar rayuwar karuwanci.
১৪সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।
15 Amma yana kuɓutar da masu wahala; yana magana da su cikin wahalarsu.
১৫তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।
16 “Yana so yă rinjaye ka daga haƙoran ƙunci, zuwa wuri mai sauƙi inda ba matsi zuwa teburinka cike da abincin da kake so.
১৬তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
17 Amma yanzu an cika ka da hukuncin da ya kamata a yi wa mugaye; shari’a da kuma gaskiya sun kama ka.
১৭কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
18 Ka yi hankali kada wani yă ruɗe ka da arziki; kada ka bar toshiya ta sa ka juya.
১৮সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।
19 Dukiyarka ko dukan yawan ƙoƙarinka sun isa su riƙe ka su hana ka shan ƙunci?
১৯তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?
20 Kada ka yi marmari dare yă yi, don a fitar da mutane daga gidajensu.
২০যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।
21 Ka kula kada ka juya ga mugunta, abin da ka fi so fiye da wahala.
২১সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।
22 “An ɗaukaka Allah cikin ikonsa. Wane ne malami kamar sa?
২২চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?
23 Wane ne ya nuna masa hanyar da zai bi, ko kuma wane ne ya ce masa, ‘Ba ka yi daidai ba?’
২৩কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?
24 Ka tuna ka ɗaukaka aikinsa, waɗanda mutane suka yaba a cikin waƙa.
২৪ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।
25 Dukan’yan adam sun gani; mutane sun hanga daga nesa.
২৫সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।
26 Allah mai girma ne, ya wuce ganewarmu! Yawan shekarunsa ba su bincikuwa.
২৬চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।
27 “Yana sa ruwa yă zama tururi yă zubo daga sama.
২৭কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;
28 Gizagizai suna zubo da raɓarsu kuma ruwan sama yana zubowa’yan adam a wadace.
২৮সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।
29 Wane ne zai iya gane yadda ya shimfiɗa gizagizai yadda yake tsawa daga wurin zamansa?
২৯বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?
30 Dubi yadda ya baza walƙiyarsa kewaye da shi, tana haskaka zurfin teku.
৩০চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে।
31 Haka yake mulkin al’ummai yana kuma tanada abinci a wadace.
৩১কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।
32 Yana cika hannuwansa da walƙiya kuma yana ba ta umarni tă fāɗi a inda ya yi nufi.
৩২তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।
33 Tsawarsa tana nuna cewa babbar iska da ruwa suna zuwa; ko shanu sun san da zuwansa.
৩৩তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।