< Ayuba 31 >
1 “Na yi alkawari da idanuna kada su dubi budurwa da muguwar sha’awa.
১মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
2 Gama mene ne rabon mutum daga Allah a sama, gādonsa daga Maɗaukaki a sama?
২কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?
3 Ba masifa ba ne domin mugaye, hallaka kuma ga waɗanda suka yi ba daidai ba?
৩সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?
4 Bai ga hanyoyina ba ne bai ƙirga kowace takawata ba?
৪তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?
5 “In da na yi tafiya cikin rashin gaskiya ko kuma ƙafata ta yi sauri zuwa yin ƙarya,
৫মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,
6 Bari Allah yă auna a kan ma’auni na gaskiya zai kuma san cewa ni marar laifi ne.
৬(ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক; )
7 In takawata ta kauce daga hanya, in zuciyata ta bi abin da idanuna ke so, ko kuma in hannuwana suna da laifi;
৭মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,
8 bari waɗansu su ci abin da na shuka, kuma bari a tuge amfanin gonata.
৮তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।
9 “In sha’awar mace ya shiga mini zuciya, ko kuma na laɓe a ƙofar maƙwabcina,
৯মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,
10 sai matata ta niƙa hatsin wani kuma waɗansu maza su kwana da ita.
১০তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক।
11 Gama wannan zai zama abin kunya, zunubin da za a yi shari’a a kai.
১১কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;
12 Wuta ce take ƙuna har ta hallakar; za tă cinye saiwar abin da na shuka ƙurmus.
১২কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।
13 “In da na danne wa bayina maza da mata hakkinsu, sa’ad da suke da damuwa da ni,
১৩মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
14 me zan yi lokacin da Allah ya tuhume ni? Me zan ce lokacin da ya tambaye ni?
১৪তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?
15 Shi wanda ya yi ni a cikin uwata ba shi ne ya yi su ba? Ba shi ne ya yi mu a cikin uwayenmu ba?
১৫মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?
16 “In na hana wa matalauta abin da suke so, ko kuma in sa idanun gwauruwa su yi nauyi don kuka,
১৬মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,
17 in na ajiye burodina don kaina kaɗai, ban kuwa ba wa marayu abinci sa’ad da suke jin yunwa,
১৭যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,
18 amma tun suna tasowa na lura da su, kamar yadda mahaifi zai lura da ɗa, kuma tun da aka haife ni ina lura da gwauruwa.
১৮(এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক; )
19 In da na ga wani yana mutuwa don rashin sutura, ko wani mai bukata da ba shi da riga,
১৯যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,
20 kuma zuciyarsa ba tă gode mini ba don na yi masa sutura da gashin tumakina,
২০তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,
21 in na ɗaga hannuna don in cuci maraya, domin na san in na faɗa za a ji ni a wurin masu shari’a,
২১আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,
22 bari hannuna yă guntule daga kafaɗata, bari yă tsinke daga inda aka haɗa shi.
২২তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।
23 Gama ina jin tsoron hallaka daga Allah, kuma domin tsoron ɗaukakarsa ba zan iya yin waɗannan abubuwa ba.
২৩কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
24 “In na dogara ga zinariya ko kuma na ce wa zallan zinariya, ‘Gare ki nake dogara,’
২৪মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
25 in na yi fahariya don yawan dukiyata, arzikin da hannuwana suka samu.
২৫মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,
26 In na dubi rana cikin haskenta, ko kuma wata yana tafiyarsa,
২৬মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,
27 zuciyata ta jarrabtu gare su a ɓoye, hannuna kuma ya sumbace su.
২৭যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,
28 Waɗannan ma za su zama zunubin da za a shari’anta ke nan don zai zama na yi wa Allah na sama rashin aminci.
২৮তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।
29 “In na yi murna domin mugun abu ya faru da maƙiyina; ko kuma domin wahala ta same shi,
২৯মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,
30 ban bar bakina yă yi zunubi ta wurin la’anta shi ba,
৩০(এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই; )
31 in mutanen gidana ba su taɓa cewa, ‘Wane ne bai ƙoshi da naman Ayuba ba?’
৩১তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,
32 Ba baƙon da ya taɓa kwana a titi, gama koyaushe ƙofata tana buɗe domin matafiya,
৩২(বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ, )
33 in na ɓoye zunubina yadda mutane suke yi, ta wurin ɓoye laifina a cikin zuciyata,
৩৩মই অনেক লোক সমূহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,
34 domin ina tsoron taron mutane kuma ina tsoron wulaƙancin da dangina za su yi mini, sai na yi shiru kuma ban fita waje ba.
৩৪নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ, -
35 (“Kash, da ina da wanda zai ji ni! Na sa hannu ga abin da na faɗa don kāre kaina, bari Maɗaukaki yă amsa mini; bari mai tuhumata da laifi yă yi ƙarata a rubuce.
৩৫অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!
36 Ba shakka sai in ɗora a kafaɗata, zan aza a kaina kamar rawani.
৩৬অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,
37 Zan ba shi lissafin duk abin da na taɓa yi; zan zo gabansa kamar ɗan sarki.)
৩৭তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।
38 “In ƙasata tana kuka da ni kunyoyinta duk sun cika da hawaye,
৩৮মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,
39 in na kwashe amfaninta ban biya ba ko kuma na kashe masu ita,
৩৯মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,
40 bari ƙaya ta fito a maimakon alkama ciyawa kuma a maimakon sha’ir.” Maganar Ayuba ta ƙare.
৪০তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।