< Ayuba 30 >

1 “Amma yanzu suna yi mini ba’a waɗanda na girme su, waɗanda iyayensu maza ba su isa su zama karnukan kiwon garken tumakina ba.
কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
2 Ina amfani ƙarfin hannuwansu gare ni, tun da ba su da sauran kuzari?
যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
3 Duk sun rame don rashi da yunwa, suna yawo a gaigayar ƙasa a kufai da dare.
সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
4 A cikin jeji suna tsinkar ganyaye marasa daɗi, jijiyoyin itacen kwakwa ne abincinsu.
আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
5 An kore su daga cikin mutanensu, aka yi musu ihu kamar ɓarayi.
সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
6 An sa dole su zauna a kwazazzabai da kuma cikin kogunan duwatsu da kuma cikin ramummuka cikin ƙasa.
সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
7 Suka yi ta kuka kamar dabbobi a jeji, suka taru a ƙarƙashin sarƙaƙƙiya.
সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।
8 Mutane marasa hankali marasa suna, an kore su daga ƙasar.
সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
9 “Yanzu kuma’ya’yansu maza su suke yi mini ba’a cikin waƙa na zama abin banza a gare su.
এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
10 Suna ƙyamata suna guduna; suna tofa mini miyau a fuska.
১০সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
11 Yanzu da Allah ya kunce bakana ya ba ni wahala sun raba ni da mutuncina.
১১কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
12 A hannun damana’yan tā-da-na-zaune-tsaye sun tayar; sun sa tarko a ƙafafuna, sun yi shirin hallaka ni.
১২মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
13 Sun ɓata mini hanyata; sun yi nasara cikin hallaka ni, ba tare da wani ya taimake su ba.
১৩সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি: সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
14 Suka nufo ni daga kowane gefe; suka auko mini da dukan ƙarfinsu.
১৪গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
15 Tsoro ya rufe ni; an kawar mini mutuncina kamar da iska, dukiyata ta watse kamar girgije.
১৫নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
16 “Yanzu raina yana ƙarewa; kwanakin wahala sun kama ni.
১৬সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
17 Dare ya huda ƙasusuwana; ina ta shan azaba ba hutawa.
১৭ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
18 A cikin girman ikonsa Allah ya zama kamar riga a jikina; ya shaƙe ni kamar wuyan rigata.
১৮ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
19 Ya jefa ni cikin laka, na zama ba kome ba sai ƙura da toka.
১৯ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
20 “Na yi kuka gare ka ya Allah, amma ba ka amsa mini ba. Na tashi tsaye, amma sai ka dube ni kawai.
২০মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
21 Ka dube ni ba tausayi; Ka kai mini hari da ƙarfin hannunka.
২১তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
22 Ka ɗaga ni sama ka ɗora ni a kan iska; ka jujjuya ni cikin hadari.
২২তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।
23 Na san za ka sauko da ni ga mutuwa zuwa wurin da kowane mai rai zai je.
২৩কিয়নো মই জানো, যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
24 “Ba shakka ba mai ɗora hannu a kan mutumin da yake cikin wahala. Lokacin da ya yi kukan neman taimako a cikin wahalarsa.
২৪তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
25 Ashe ban yi kuka domin waɗanda suke cikin damuwa ba? Ko zuciyata ba tă yi baƙin ciki domin matalauta ba?
২৫দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
26 Duk da haka sa’ad da nake begen abu mai kyau, mugun abu ne ya zo; Sa’ad da nake neman haske, sai duhu ya zo.
২৬মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
27 Zuciyata ba tă daina ƙuna ba; ina fuskantar kwanakin wahala.
২৭মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
28 Na yi baƙi ƙirin, amma ba rana ce ta ƙona ni ba. Na tsaya a cikin mutane, na kuma yi kuka don taimako.
২৮মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
29 Na zama ɗan’uwan diloli, na zama abokan mujiyoyi.
২৯মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
30 Fatar jikina ta yi baƙi tana ɓarewa; jikina yana ƙuna da zazzaɓi.
৩০মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
31 Garayata ta zama ta makoki, sarewata kuma ta zama ta kuka.
৩১সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।

< Ayuba 30 >