< Ayuba 3 >

1 Bayan wannan Ayuba ya buɗe baki ya la’anta ranar da aka haife shi.
পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
2 Ayuba ya ce,
ইয়োবে মাত লগাই ক’লে,
3 “A hallaka ranar da aka haife ni, da kuma daren da aka ce, ‘An haifi jariri namiji!’
যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
4 Bari ranan nan ta zama duhu; kada Allah yă kula da ita; kada rana tă yi haske a wannan rana.
সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
5 Bari duhu da inuwa mai duhu ta sāke rufe ta; gizagizai kuma su rufe ta; duhu kuma ya rufe haskenta.
অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
6 Bari duhu mai yawa yă rufe daren nan; kada a haɗa ta cikin kwanakin shekara, ko kuma cikin kwanakin watanni.
সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
7 Bari daren yă zama marar amfani; kada a ji wata sowa ta farin ciki.
চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
8 Bari waɗanda suke la’anta ranaku su la’anta wannan rana su waɗanda suke umartar dodon ruwa.
দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
9 Bari taurarinta na safe su zama duhu; bari ranar tă yi ta jiran ganin haske amma kada tă gani,
সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
10 gama ba tă hana uwata ɗaukar cikina, don ta hana ni shan wahalan nan ba.
১০কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
11 “Me ya sa ban mutu ba da za a haife ni, ko kuma in mutu sa’ad da ana haihuwata ba?
১১মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
12 Me ya sa aka haife ni, aka tanada nono na sha na rayu?
১২কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
13 Da yanzu ina kwance cikin salama; da ina barcina cikin salama
১৩কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
14 tare da sarakuna da mashawarta a cikin ƙasa, waɗanda suka gina wa kansu wuraren da yanzu duk sun rushe,
১৪তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
15 da shugabanni waɗanda suke da zinariya, waɗanda suka cika gidajensu da azurfa.
১৫অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
16 Ko kuma don me ba a ɓoye ni a cikin ƙasa kamar jaririn da aka haifa ba rai ba, kamar jaririn da bai taɓa ganin hasken rana ba.
১৬বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
17 A wurin mugaye za su daina yin mugunta, gajiyayyu kuma za su huta.
১৭সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
18 Waɗanda aka daure za su sami jin daɗin; an sake su ba za su sāke jin ana tsawata masu ba.
১৮তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
19 Manyan da ƙanana suna a can, bawa kuma ya sami’yanci daga wurin maigidansa.
১৯তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
20 “Don me ake ba da haske ga waɗanda suke cikin ƙunci, rai kuma ga masu ɗacin rai
২০দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
21 ga waɗanda suke neman mutuwa amma ba su samu ba, waɗanda suke nemanta kamar wani abu mai daraja a ɓoye,
২১তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
22 waɗanda suke farin ciki sa’ad da suka kai kabari?
২২কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
23 Don me aka ba mutum rai, mutumin da bai san wani abu game da kansa ba, mutumin da Allah ya kange shi.
২৩যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
24 Baƙin ciki ya ishe ni maimakon abinci; ina ta yin nishi ba fasawa;
২৪কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
25 Abin da nake tsoro ya faru da ni; abin da ba na so ya same ni.
২৫কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
26 Ba ni da salama, ba natsuwa; ba ni da hutu, sai wahala kawai.”
২৬মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”

< Ayuba 3 >