< Ayuba 29 >

1 Ayuba ya ci gaba da jawabinsa,
পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
2 “Da ma ina nan lokacin da ya wuce baya can, kwanakin da Allah yake lura da ni,
অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
3 lokacin da fitilarsa take haske a kaina na yi tafiya cikin duhu tare da haskensa.
যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
4 Kwanakin da nake tasowa, lokacin da abokantakar Allah ta sa wa gidana albarka,
যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
5 lokacin da Maɗaukaki yana tare da ni, kuma’ya’yana suna kewaye da ni,
সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
6 lokacin da ake zuba madara a inda nake takawa, duwatsu kuma suna ɓulɓulo mini man zaitun.
যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
7 “Sa’ad da na je ƙofar birni na zauna a bainin jama’a,
যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
8 matasan da suka gan ni sukan ja gefe tsofaffi kuma suka tashi tsaye;
তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
9 sarakuna suka yi shiru suka rufe bakunansu da hannuwansu;
প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
10 Muryar manya ta yi tsit harshensu ya manne a rufin bakunansu.
১০ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
11 Duk wanda ya ji ni ya yaba mini waɗanda suka gan ni kuma sun amince da ni,
১১কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
12 domin na ceci matalauta waɗanda suka nemi taimako, da marasa mahaifi waɗanda ba su da wanda zai taimake su.
১২কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
13 Mutumin da yake bakin mutuwa ya sa mini albarka. Na faranta wa gwauruwa zuciya.
১৩বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
14 Na yafa adalci ya zama suturata; gaskiya ita ce rigata da rawanina.
১৪মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
15 Ni ne idon makafi kuma ƙafa ga guragu.
১৫মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
16 Ni mahaifi ne ga masu bukata; na tsaya wa baƙo.
১৬মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
17 Na karya ƙarfin mugaye na ƙwato waɗanda suke riƙe da haƙoransu.
১৭মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
18 “Na yi tunani cewa, ‘Zan mutu a cikin gidana, kwanakina da yawa kamar turɓayar ƙasa.
১৮তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
19 Jijiyoyina za su kai cikin ruwa, kuma raɓa za tă kwanta a rassana dukan dare.
১৯আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
20 Ɗaukakata za tă kasance tare da ni garau, bakana koyaushe sabo ne a hannuna.’
২০মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
21 “Mutane suna mai da hankali su saurare ni, suna yin shiru don su ji shawarata.
২১লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
22 Bayan da na yi magana, ba su ƙara ce kome ba. Maganata ta shige su.
২২মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
23 Sukan jira ni kamar yadda ake jiran ruwan sama. Sukan sha daga cikin maganganuna kamar mai shan ruwan bazara.
২৩বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
24 Sa’ad da na yi musu murmushi da ƙyar sukan yarda; hasken fuskata yana da daraja a gare su.
২৪সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
25 Na zaɓar masu inda za su bi na kuma zauna kamar sarkinsu; na zauna kamar sarki a cikin rundunansu; ina nan kamar mai yi wa masu makoki ta’aziyya.
২৫মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।

< Ayuba 29 >