< Ayuba 17 >
1 Na karaya, kwanakina sun kusa ƙarewa, kabari yana jirana.
১মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে; মোলৈ মৈদাম যুগুত আছে।
2 Ba shakka masu yi mini ba’a suna kewaye da ni; idanuna suna ganin tsokanar da suke yi mini.
২নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।
3 “Ya Allah, ka ba ni abin da ka yi mini alkawari. Wane ne zai kāre ni?
৩বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?
4 Ka rufe zuciyarsu yadda ba za su iya ganewa ba, saboda haka ba za ka bari su yi nasara ba.
৪কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।
5 In mutum ya juya wa abokansa baya don a ba shi wata lada’ya’yansa za su makance.
৫যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।
6 “Allah ya sa na zama abin da kowa yake magana a kai wanda kowa yake tofa wa miyau a fuska.
৬তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে; যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো।
7 Idanuna ba sa gani sosai don baƙin ciki; jikina ya zama kamar inuwa kawai
৭মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।
8 Mutanen da suke masu adalci wannan abu ya ba su tsoro; marasa laifi sun tayar wa marasa tsoron Allah.
৮ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব, আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।
9 Duk da haka, masu adalci za su ci gaba da tafiya a kan hanyarsu, waɗanda hannuwansu suke da tsabta kuma za su ƙara ƙarfi.
৯তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
10 “Amma ku zo dukanku, ku sāke gwadawa! Ba zan sami mutum ɗaya mai hikima ba a cikinku.
১০কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
11 Kwanakina sun wuce, shirye-shiryena sun ɓaci haka kuma abubuwan da zuciyata take so.
১১মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় শেষ হৈছে, এনে কি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ’ল।
12 Mutanen nan sun juya rana ta zama dare. A tsakiyar duhu suka ce, ‘Haske yana kusa.’
১২সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে, পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।
13 In kabari ne begen da nake da shi kaɗai, in na shimfiɗa gadona a cikin duhu, (Sheol )
১৩যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ, (Sheol )
14 In na ce wa kabari, ‘Kai ne mahaifina,’ tsutsa kuma ke ce, ‘Mahaifiyata’ ko ‘’yar’uwata,’
১৪যদি মই গাতক মোৰ পিতৃ, আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা,
15 To, ina begena yake? Wane ne zai iya ganin wani bege domina?
১৫তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব?
16 Ko begena zai tafi tare da ni zuwa kabari ne? Ko tare za a bizne mu cikin ƙura?” (Sheol )
১৬আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম কেতিয়া ধূলিত গৈ জিৰণী পাম?” (Sheol )