< Ayuba 10 >
1 “Na gaji da rayuwa; saboda haka bari in faɗi zuciyata gabagadi yadda raina yake jin ba daɗi.
১মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।
2 Zan ce wa Allah, kada ka hukunta ni, amma ka gaya mini laifin da na yi maka.
২মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
3 Kana jin daɗin ba ni wahala, don me ka yashe ni, abin da ka halitta da hannunka, yayinda kake murmushi game da shirye-shiryen mugaye?
৩তুমি উপদ্ৰৱ কৰিবলৈ, তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ, আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?
4 Idanunka irin na mutum ne? Kana gani yadda mutum yake gani ne?
৪তোমাৰ চকু জানো চৰ্ম্ম-চকু? আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?
5 Kwanakinka kamar na mutane ne, ko shekarunka kamar na mutane ne
৫তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য? বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?
6 da za ka neme ni da laifi ka hukunta ni?
৬তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,
7 Ko da yake ka san ba ni da laifi, kuma ba wanda zai iya cetona daga hannunka.
৭মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
8 “Da hannuwanka ka ƙera ni, kai ka halicce ni. Yanzu kuma kai za ka juya ka hallaka ni?
৮তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।
9 Ka tuna cewa ka mulmula ni kamar yumɓu. Yanzu za ka mai da ni in zama ƙura kuma?
৯সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; পাছত আকৌ মোক ধুলিলৈ নিবা নে?
10 Ba kai ka zuba ni kamar madara ba, na daskare kamar cuku.
১০তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে? আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?
11 Ka rufe ni da tsoka da fata, ka harhaɗa ni da ƙasusuwa da jijiyoyi?
১১তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা; হাড় আৰু সিৰেৰে মোক বলা।
12 Ka ba ni rai ka kuma yi mini alheri, kuma cikin tanadinka ka kula da ruhuna.
১২তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
13 “Amma wannan shi ne abin da ka ɓoye a zuciyarka, na kuma san abin da yake cikin zuciyarka ke nan.
১৩তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল- তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,
14 In na yi zunubi kana kallo na kuma ba za ka fasa ba ni horo ba don laifin da na yi.
১৪মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
15 Idan ina da laifi, kaitona! Ko da ba ni da laifi, ba zan iya ɗaga fuskata ba, gama kunya ta ishe ni duk ɓacin rai ya ishe ni.
১৫মই দুষ্ট হলে, মোক সন্তাপ হ’ব, ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
16 In na ɗaga kaina, za ka neme ni kamar zaki ka sāke nuna al’ajabin ikonka a kaina.
১৬মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
17 Kana sāke kawo sababbin waɗanda za su ba da shaida a kaina kana ƙara haushinka a kaina; kana ƙara kawo mini hari.
১৭তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা, আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।
18 “Me ya sa ka fito da ni daga cikin uwata? Da ma na mutu kafin a haife ni.
১৮তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা? নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।
19 Da ma ba a halicce ni ba, da na mutu tun daga cikin cikin uwata na wuce zuwa kabari!
১৯মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন, আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।
20 ’Yan kwanakina ba su kusa ƙarewa ba ne? Ka rabu da ni don in ɗan samu sukuni na ɗan lokaci
২০মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা। মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
21 kafin in koma inda na fito, ƙasa mai duhu da inuwa sosai,
২১য’ৰ পৰা মই উলটি নাহিম, সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,
22 zuwa ƙasa mai duhun gaske, da inuwa da hargitsi, inda haske yake kamar duhu.”
২২সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই; তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।”