< Irmiya 52 >

1 Zedekiya yana da shekara ashirin da ɗaya sa’ad da ya ci sarauta. Ya yi mulki a Urushalima shekara goma sha ɗaya. Sunan uwarsa Hamutal,’yar Irmiya, wanda yake zaune a Libna.
চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
2 Sarki Zedekiya ya aikata abin da yake mugu a gaban Ubangiji kamar yadda Sarki Yehohiyakim ya yi.
যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
3 Al’amarin ya zama da muni ƙwarai a cikin Isra’ila da Yahuda, don haka Ubangiji ya husata har ya sa aka kai mutanen bautar talala. Zedekiya kuwa ya tayar wa Sarkin Babilon.
কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
4 A kan rana ta goma ga watan goma, a shekara ta tara ta mulkin Zedekiya, Sarkin Yahuda, sai Nebukadnezzar, Sarkin Babilon, ya zo yaƙi da Urushalima tare da dukan sojojinsa. Suka kewaye ta da yaƙi, suka gina katanga kewaye da ita.
পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
5 An kewaye birnin da yaƙi har shekara ta goma sha ɗaya ta mulkin Zedekiya.
এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
6 A kan rana ta tara a watan huɗu na wannan shekara, yunwa ta tsananta ƙwarai a birnin. Mutane suka rasa abin da za su ci.
পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
7 Sai aka huda katangan birnin, sojojin kuwa suka gudu, suka fita daga cikin birnin da dare ta hanyar ƙofar da take tsakanin bango biyu, kusa da gonar sarki, sa’ad da Babiloniyawa suke kewaye da birnin. Sojojin suka nufi wajen Araba.
সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
8 Amma sojojin Babiloniyawa suka runtumi sarki Zedekiya, suka ci masa a filayen Yeriko. Dukan sojoji suka yashe shi.
কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
9 Da aka kama Zedekiya, sai aka kai shi wurin Sarkin Babilon a Ribla a ƙasar Hamat, a nan ne Sarkin Babilon ya yanke masa shari’a.
পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
10 Sarkin Babilon ya kashe’ya’yan Zedekiya a idonsa. Ya kuma kashe dukan shugabannin Yahuda a Ribla.
১০বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
11 Sa’an nan ya ƙwaƙule idanun Zedekiya, ya kuma sa masa ƙuƙumi, aka kai shi Babilon inda aka sa shi a kurkuku har ran da ya mutu.
১১তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
12 A kan rana ta goma ga watan biyar a shekara ta goma sha tara ta sarautar Nebukadnezzar, Sarkin Babilon, sai Nebuzaradan shugaban matsara da kuma ɗan majalisar sarki, ya zo Urushalima.
১২পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
13 Sai ya ƙone haikalin Ubangiji, da gidan sarki, da dukan gine-gine masu alfarman da suke Urushalima.
১৩যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
14 Sojojin Babiloniyawa da suke tare da shugaban matsara, suka rushe dukan katangan Urushalima.
১৪আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
15 Sa’an nan Nebuzaradan shugaban matsara ya kwashe waɗansu matalauta, da sauran mutane da aka bari a birnin, da waɗanda suka gudu zuwa wurin Sarkin Babilon, da sauran masu sana’a, ya kai su bautar talala a Babilon.
১৫আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
16 Amma ya bar waɗansu matalauta na gaske a ƙasar don su yi aiki a gonakin inabi, da sauran gonaki.
১৬কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
17 Babiloniyawa kuwa suka farfasa ginshiƙan tagulla, da dakalai, da babbar kwatarniya, waɗanda suke a haikalin Ubangiji. Suka kwashe tagulla duka suka kai Babilon.
১৭আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
18 Suka kwashe tukwanen ƙarfe, da manyan cokula, da hantsuka, da daruna, da tasoshin ƙona turare, da kayayyakin tagulla waɗanda ake amfani da su domin hidimar haikali.
১৮আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
19 Suka kuma kwashe ƙananan kwanonin sha, da farantan wuta, da daruna, da tukwane, da alkukai, da tasoshin ƙona turare, da kwanonin miƙa hadayar sha. Duk abin da yake na zinariya da azurfa, shugaban matsara ya kwashe.
১৯আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
20 Tagullar da sarki Solomon ya yi wa haikalin Ubangiji da ita, wato, ginshiƙai biyu, da ƙaton kwano mai suna Teku na tagulla, da bijimai goma sha biyu, waɗanda suke ɗauke da kwatarniya, da dakalai, ta fi ƙarfin a auna.
২০আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
21 Tsawon kowane ginshiƙi kamu goma sha takwas ne, kewayensa kuwa kamu goma sha biyu ne, kaurinsa kuma huɗu ne. Kowannensu yana da rami a ciki.
২১আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
22 A kan kowane ginshiƙi, an yi masa dajiyar tagulla, tsayinta kamu biyar. A bisa kan kowace dajiya akwai raga da siffofin rumman na tagulla kewaye da dajiyar. Ginshiƙi na biyu ma haka yake da siffofin rumman.
২২আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
23 Akwai siffofin rumman tasa’in da shida da ake gani a gefen. Dukan siffofin rumman da suke a kan ragar kewaye, guda ɗari ne.
২৩চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
24 Shugaban matsara kuma ya ɗauki Serahiya babban firist, da Zefaniya wanda yake biye da babban firist, da mutum uku masu tsaron ƙofar, ya tafi da su.
২৪পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
25 Daga cikin birnin kuma ya ɗauki shugaban sojojin, da mutum bakwai’yan majalisar sarki, da magatakardan shugaban sojojin wanda yakan tara sojojin ƙasar, da mutane sittin na ƙasar, waɗanda aka same su a birnin, ya tafi da su.
২৫আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
26 Nebuzaradan shugaban matsara ya tafi da waɗannan mutane wurin Sarkin Babilon a Ribla,
২৬আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
27 Sarkin Babilon kuwa ya kashe su a Ribla a ƙasar Hamat. Haka aka tafi da mutanen Yahuda bautar talala, daga ƙasarta.
২৭পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
28 Wannan shi ne yawan mutanen da Nebukadnezzar ya kai su bauta. A shekara ta bakwai ta sarautarsa, ya tafi da Yahudawa 3,023;
২৮নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
29 a shekara ta goma sha takwas ta sarautar Nebukadnezzar, ya tafi da Yahudawa daga Urushalima 832;
২৯নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
30 a shekara ta ashirin da uku ta sarautarsa, Nebuzaradan shugaban matsara ya tafi da Yahudawa 745. Jimillarsu duka 4,600 ne.
৩০নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
31 A shekarar da Ewil-Merodak ya zama Sarkin Babilon, sai ya nuna wa Yehohiyacin Sarkin Yahuda alheri. Ya fisshe shi daga kurkuku. Wannan ya faru ran ashirin da biyar ga watan goma sha biyu a shekara ta talatin da bakwai bayan da aka kai Yehohiyacin bauta.
৩১পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
32 Ewil-Merodak ya nuna wa Yehohiyacin alheri, ya ba shi matsayi na daraja fiye da waɗansu sarakunan da aka kai su bautar talala a Babilon tare da shi.
৩২আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
33 Yehohiyacin ya tuɓe tufafin kurkuku, ya riƙa cin abinci kullum a teburin sarki, har dukan sauran kwanakin ransa.
৩৩আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
34 Kowace rana akan ba shi kyauta bisa ga umarnin sarkin Babilon, saboda bukatarsa. Haka aka yi masa har rasuwarsa.
৩৪আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।

< Irmiya 52 >