< Irmiya 32 >

1 Ga maganar da ta zo wa Irmiya daga Ubangiji a shekara ta goma ta Zedekiya sarkin Yahuda, wanda ya kasance shekara ta goma sha takwas ta Nebukadnezzar.
যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
2 Sojojin sarkin Babilon a lokacin suna ƙawanya wa Urushalima annabi Irmiya kuwa yana a tsare a sansanin matsara a fadar Yahuda.
সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
3 Zedekiya sarkin Yahuda fa ya sa shi a kurkuku yana cewa, “Don me kake yin annabci? Ka ce, ‘Ga abin da Ubangiji yana cewa, ina gab da ba da wannan birni ga sarkin Babilon, zai kuwa cinye ta.
যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
4 Zedekiya sarkin Yahuda ba zai kuɓuta daga hannuwan Babiloniyawa ba amma tabbatacce za a ba da shi ga sarkin Babilon, zai kuwa yi masa magana fuska da fuska ya kuma gan shi da idanunsa.
যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
5 Zai kai Zedekiya Babilon, inda zai zauna har sai ya magance shi, in ji Ubangiji. In ka yi yaƙi da Babiloniyawa, ba za ka yi nasara ba.’”
কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
6 Irmiya ya ce, “Maganar Ubangiji ta zo mini cewa,
যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
7 Hananel ɗan Shallum ɗan’uwan mahaifinka zai zo wurinka ya ce, ‘Saya filina a Anatot, domin a matsayinka na dangi na kurkusa hakkinka ne kuma kai ya wajaba ka saye shi.’
‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
8 “Sa’an nan, kamar dai yadda Ubangiji ya faɗa, sai ga Hananel yaron ɗan’uwan mahaifina ya zo wurina a sansanin matsara ya ce, ‘Saya filina a Anatot a yankin Benyamin. Da yake hakkinka ne ka fanshe shi ka kuma mallake shi, ka sayo shi wa kanka.’ “Sai na gane cewa wannan maganar Ubangiji ce;
পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
9 saboda haka sai na saye filin a Anatot daga hannun Hananel yaron ɗan’uwan mahaifina na kuma auna masa shekel goma sha bakwai na azurfa.
এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
10 Na sa hannu a takarda, na buga hatimi na liƙe, na sami shaidu na kuwa auna shekel a ma’auni.
১০মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
11 Na ɗauki takardar ciniki, takardar da aka rubuta sharuɗan a ciki, da kuma takardar da ba a liƙe ba,
১১তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
12 na kuma ba wa Baruk ɗan Neriya, ɗan Masehiya, wannan takarda a gaban Hananel yaron ɗan’uwan mahaifina da kuma a gaban shaidun da suka sa hannu a takardan ciniki da kuma a gaban dukan Yahudawan da suke zaune a sansanin matsaran.
১২তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।
13 “A gabansu na yi wa Baruk waɗannan umarnai cewa,
১৩তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
14 ‘Ga abin da Ubangiji Maɗaukaki, Allah na Isra’ila, yana cewa ka ɗauki waɗannan takardun ciniki, wanda aka liƙe da wanda ba a liƙe ba, ka sa su a cikin tulun yumɓu don kada su lalace.
১৪“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
15 Gama ga abin da Ubangiji Maɗaukaki, Allah na Isra’ila, yana cewa za a sāke saye gidaje, filaye da gonakin inabi a wannan ƙasa.’
১৫কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
16 “Bayan na ba da takardun ciniki ga Baruk ɗan Neriya, sai na yi addu’a ga Ubangiji na ce,
১৬নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
17 “A, Ubangiji Mai Iko Duka, ka yi sammai da duniya ta wurin ikonka mai girma da kuma hannunka mai iko. Ba abin da ya gagare ka.
১৭“হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
18 Kakan nuna ƙauna ga dubbai amma kakan hukunta’ya’ya saboda laifin ubanninsu a bayansu. Ya mai girma da kuma Allah mai iko, wanda sunansa ne Ubangiji Maɗaukaki,
১৮তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
19 manufofinka da girma suke, ayyukanka kuma masu girma ne. Idanunka suna a buɗe ga dukan hanyoyin mutane; kakan sāka wa kowa gwargwadon halinsa yadda ya dace.
১৯তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
20 Ka aikata ayyukan banmamaki da kuma al’ajabai a Masar ka kuma ci gaba da su har yă zuwa yau, a Isra’ila da kuma a cikin dukan’yan adam, ka kuma sami sunan da har yanzu yake naka.
২০তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
21 Ka fitar da mutanenka Isra’ila daga Masar da alamu da abubuwa banmamaki, ta wurin hannu mai iko da kuma hannu mai ƙarfi tare da banrazana mai girma.
২১তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
22 Ka ba su wannan ƙasa da ka rantse za ka ba wa kakanni kakanninsu, ƙasa mai zub da madara da zuma.
২২আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
23 Suka shiga suka mallake ta, amma ba su yi maka biyayya ba, ba su kuma bi dokarka ba; ba su yi abin da ka umarce su ba. Saboda haka ka kawo masifa a kansu.
২৩তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
24 “Duba yadda aka gina mahaurai don a kame birni. Saboda takobi, yunwa da annoba, za a ba da birnin ga Babiloniyawa waɗanda suka kewaye shi da yaƙi. Abin da ka faɗa ya faru, yadda kake gani yanzu.
২৪চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
25 Ko da yake za a ba da birnin ga Babiloniyawa, kai, ya Ubangiji Mai Iko Duka, ka ce mini, ‘Saye fili da azurfa ka kuma sa a shaida cinikin.’”
২৫আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
26 Sa’an nan maganar Ubangiji ta zo wa Irmiya cewa,
২৬তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
27 “Ni ne Ubangiji Allah na dukan’yan adam. Akwai wani abin da ya gagare ni?
২৭“চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
28 Saboda haka, ga abin da Ubangiji yana cewa, ina gab da ba da wannan birni ga Babiloniyawa da kuma ga Nebukadnezzar sarkin Babilon, wanda zai yaƙe ta.
২৮এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
29 Babiloniyawan da suke yaƙi da wannan birni za su zo ciki su cinna masa wuta; tare da gidaje inda mutane suka tsokane ni na yi fushi ta wurin ƙona turare a rufin ɗakuna wa Ba’al suka zub da hadayun sha wa waɗansu alloli.
২৯আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
30 “Mutanen Isra’ila da na Yahuda ba abin da suka yi sai mugunta a gabana daga ƙuruciyarsu; tabbatacce, mutanen Isra’ila ba su yi kome ba sai dai tsokane ni da abin da hannuwansu suka yi, in ji Ubangiji.
৩০কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।
31 Daga ranar da aka gina ta har zuwa yanzu, wannan birni ta tā da fushina da hasalata da dole a kawar da ita daga gabana.
৩১“কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
32 Mutanen Isra’ila da na Yahuda sun tsokane ni ta wurin dukan muguntar da suka aikata su, sarakunansu da fadawansu, firistocinsu da annabawa, mutanen Yahuda da mutanen Urushalima.
৩২কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
33 Sun juya mini bayansu ba fuskokinsu ba; ko da yake na koyar da su sau da sau, ba su saurara ko bi horo na ba.
৩৩তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
34 Sun kafa gumakansu na banƙyama a cikin haikalina wanda ake kira da sunana, sun kuwa ƙazantar da shi.
৩৪কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
35 Sun gina masujadai kan tudu wa Ba’al a Kwarin Ben Hinnom don su miƙa’ya’yansu maza da mata hadaya ga Molek, ko da yake ban taɓa umarce su ba, bai kuma zo mini cewa su yi abin banƙyama irin wannan ba ta haka suka sa Yahuda ya yi zunubi.
৩৫তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
36 “Kana cewa game da wannan birni, ‘Ta wurin takobi, yunwa da annoba za a ba da shi ga sarkin Babilon’; amma ga abin da Ubangiji, Allah na Isra’ila yana cewa
৩৬এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
37 tabbatacce zan tattara su daga dukan ƙasashen da na kore su zuwa cikin fushina da hasalata mai girma; zan komo da su wurin nan in sa su zauna lafiya.
৩৭চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
38 Za su zama mutanena, ni kuwa in zama Allahnsu.
৩৮তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
39 Zan ba su zuciya ɗaya da aiki ɗaya, don kullum su ji tsorona domin amfaninsu da kuma amfanin’ya’yansu a bayansu.
৩৯মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
40 Zan yi madawwamin alkawari da su. Ba zan taɓa barin aikata musu alheri ba, zan kuma iza su su ji tsorona, don kada su ƙara juya daga gare ni.
৪০তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
41 Zan yi farin ciki a yin musu alheri, tabbatacce zan su dasa a wannan ƙasa da dukan zuciyata da dukan raina.
৪১তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
42 “Ga abin da Ubangiji yana cewa, yadda na kawo dukan wannan masifa a kan wannan mutane, haka zan ba su wadatar da na yi musu alkawari.
৪২কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
43 Za a sāke sayi filaye a wannan ƙasa da kuka ce, ‘Kango ce, ba mutane ko dabbobi, gama an ba da ita ga Babiloniyawa.’
৪৩তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
44 Za a sayi filaye da azurfa, a kuma sa hannu a takardan ciniki, a liƙe a kuma shaida a yankin Benyamin, a ƙauyukan kewayen Urushalima, a garuruwan Yahuda da kuma a garuruwan ƙasar tudu, na yammancin gindin dutse da na Negeb, domin zan maido da wadatarsu, in ji Ubangiji.”
৪৪তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।

< Irmiya 32 >