< Ishaya 66 >

1 Ga abin da Ubangiji yana cewa, “Sama kursiyina ce, duniya kuma matashin sawuna. Ina gidan da za ku gina mini? Ina wurin hutuna zai kasance?
যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
2 Ba hannuna ba ne ya yi dukan waɗannan abubuwa, ta haka suka kasance?” In ji Ubangiji. “Wannan mutum ne nake jin daɗi, shi da yake mai ƙasƙanci da kuma zuciyar yin tuba, yana kuma rawar jiki ga maganata.
মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
3 Amma duk ya miƙa hadayar bijimi yana kama da wanda ya kashe mutum, kuma duk wanda ya miƙa ɗan rago, kamar wanda ya karye wuyan kare; duk wanda ya miƙa hadaya ta gari yana kama da wanda ya yi sadakar jinin alade, kuma duk wanda ya ƙone turaren tuni, kamar wanda yake bauta gunki ne. Sun zaɓi hanyoyinsu, rayukansu kuma suna jin daɗin abubuwan banƙyamarsu;
যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
4 saboda haka ni ma zan aukar musu da masifa mai zafi in kuma kawo musu abin da suke tsoro. Gama sa’ad da na yi kira, ba wanda ya amsa, sa’ad da na yi magana, ba wanda ya saurara, Sun aikata mugunta a idona suka kuma zaɓa abin da ba na jin daɗi.”
সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
5 Ku ji maganar Ubangiji, ku da kuke rawar jiki ga maganarsa, “’Yan’uwanku da suke ƙinku, suna kuma ware ku saboda sunana, sun ce, ‘Bari a ɗaukaka Ubangiji, don mu ga farin cikinku!’ Duk da haka za su sha kunya.
যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
6 Ku ji wannan hayaniya daga birni, ku ji surutu daga haikali! Amon Ubangiji ne yana sāka wa abokan gābansa abin da ya dace da su.
নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
7 “Kafin naƙuda ya fara mata, ta haihu; kafin zafi ya zo mata, ta haifi ɗa.
বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
8 Wa ya taɓa jin irin wannan abu? Wa ya taɓa gani irin abubuwan nan? Za a iya ƙirƙiro ƙasa a rana ɗaya ko a haifi al’umma farat ɗaya? Duk da haka da zarar Sihiyona ta fara naƙuda sai ta haifi’ya’yanta.
এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
9 Zan kai mace har haihuwa in kuma sa ta kāsa haihu?” In ji Ubangiji. “Zan rufe mahaihuwa sa’ad da lokacin haihuwa ya yi?” In ji Allahnku.
যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
10 “Ku yi farin ciki tare da Urushalima ku kuma yi murna saboda ita, dukanku waɗanda kuke ƙaunarta; ku yi farin ciki matuƙa tare da ita, dukanku waɗanda kuke makoki a kanta.
১০তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
11 Gama za ku tsotsa ku kuma ƙoshi da nonon ta’aziyyarta; za ku sha sosai ku kuma ji daɗin yalwarta.”
১১কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
12 Gama ga abin da Ubangiji ya faɗa, “Zan fadada salama gare ta kamar kogi, wadatar al’ummai kuma kamar rafi mai gudu; za ku tsotsa a kuma riƙe ku a hannunta ku kuma yi wasa a gwiwoyinta.
১২কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
13 Kamar yadda uwa takan ta’azantar da ɗanta haka zan ta’azantar da ku; za ku kuma ta’azantu a Urushalima.”
১৩যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
14 Sa’ad da kuka ga wannan, zuciyarku za tă yi farin ciki za ku kuma haɓaka kamar ciyawa; za a sanar da hannun Ubangiji ga bayinsa, amma za a nuna wa maƙiyansa fushinsa.
১৪এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
15 Ga shi, Ubangiji yana zuwa da wuta, kuma kekunan yaƙinsa suna kama da guguwa; zai sauko da fushinsa da zafi, tsawatawarsa kuma da harsunan wuta.
১৫কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
16 Gama da wuta da kuma takobi Ubangiji zai yi hukunci a kan dukan mutane, kuma yawanci za su kasance waɗanda Ubangiji zai kashe.
১৬কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
17 “Waɗanda suka tsarkake suka kuma tsabtacce kansu don su je lambu, suna bin wannan da yake tsakiya waɗannan da suke cin naman aladu da ɓeraye da waɗansu abubuwan banƙyama, za su sadu da ƙarshensu tare,” in ji Ubangiji.
১৭যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
18 “Ni kuwa, saboda ayyukansu da kuma tunaninsu, ina dab da zuwa in tattara dukan al’ummai da harsuna, za su kuma zo su ga ɗaukakata.
১৮কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
19 “Zan kafa alama a cikinsu, zan kuma aika waɗansu da suka tsira zuwa al’ummai, zuwa Tarshish, zuwa Libiya da Lidiya (sanannun’yan aika), zuwa Tubal da kuma Girka, da kuma zuwa manisantan tsibirai da ba su taɓa jin labarin sunana ba ko su ga ɗaukakata. Za su yi shelar ɗaukakata a cikin al’ummai.
১৯মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
20 Za su kuma dawo da dukan’yan’uwanku, daga dukan al’ummai, zuwa dutsena mai tsarki a Urushalima kamar hadaya ga Ubangiji, a kan dawakai, a kekunan yaƙi da wagonu, da kuma a kan alfadarai da kuma raƙuma,” in ji Ubangiji. “Za su kawo su, kamar yadda Isra’ilawa suke kawo hadayun hatsi, zuwa haikalin Ubangiji a cikin tsabtatattun kore.
২০তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
21 Zan kuwa zaɓa waɗansunsu kuma su zama firistoci da Lawiyawa,” in ji Ubangiji.
২১যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
22 “Kamar yadda sabuwar duniya da sabuwar sama za su tabbata a gabana,” in ji Ubangiji, “haka sunanku da zuriyarku za su tabbata.
২২“কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
23 Daga wannan sabon wata zuwa wancan, kuma daga wannan Asabbaci zuwa wancan, dukan mutane za su zo su rusuna a gabana,” in ji Ubangiji.
২৩যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
24 “Za su kuma fita su ga gawawwakin mutanen da suka yi mini tayarwa; tsutsotsin da suke cinsu ba za su taɓa mutuwa ba, balle wutar da take ƙona su ta mutu, za su kuma zama abin ƙyama ga dukan mutane.”
২৪তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”

< Ishaya 66 >