< Ishaya 63 >

1 Wane ne wannan mai zuwa daga Edom, daga Bozra, saye da jajjayen rigunarsa? Wane ne wannan, sanye cikin daraja, tafe cikin girmar ƙarfinsa? “Ni ne, mai magana cikin adalci, mai ikon ceto.”
ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
2 Me ya sa rigunanka suka yi ja, sai ka ce na wanda yake tattaka’ya’yan inabi?
তোমাৰ সাজ ৰঙা কিয়, আৰু কিয় তোমাৰ বস্ত্ৰ দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকা লোকৰ দৰে?
3 “Na tattake’ya’yan inabi ni kaɗai; cikin al’ummai kuma babu wani tare da ni. Na tattake su cikin fushina Na matse su cikin hasalata; jininsu ya fantsamar wa rigunana, na kuma ɓata dukan tufafina.
মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
4 Gama ranar ɗaukan fansa tana a cikin zuciyata, kuma shekarar fansata ta zo.
কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।
5 Na duba, amma babu wanda zai taimaka, na yi mamaki cewa ba wanda ya goyi baya; saboda haka hannuna ya yi mini ceto, fushina kuma ya rayar da ni.
মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
6 Na tattake al’ummai cikin fushina; cikin hasalata kuma na sa sun bugu na kuma zub da jininsu a ƙasa.”
মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ, আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।
7 Zan ba da labarin alherin Ubangiji, ayyukan da suka sa a yabe shi, bisa ga dukan abubuwan da Ubangiji ya yi mana, I, ayyuka masu kyan da ya yi domin gidan Isra’ila, bisa ga jinƙansa da yawan alheransa.
মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।
8 Ya ce, “Babu shakka su mutanena ne,’ya’ya maza waɗanda ba za su ruɗe ni ba”; ta haka ya zama Mai Cetonsu.
কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
9 Cikin dukan damuwarsu shi ma ya damu, mala’ikan da yake gabansa ya cece su. Cikin ƙauna da jinƙai ya fanshe su; ya kuma ɗaga su ya riƙe su dukan kwanakin dā
তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
10 Duk da haka suka yi tawaye suka ɓata wa Ruhu Mai Tsarki rai. Saboda haka ya juya ya kuma zama abokin gābansu shi kansa kuma ya yaƙe su.
১০কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
11 Sa’an nan mutanensa suka tuna kwanakin dā, kwanakin Musa da mutanensa, ina yake shi wanda ya fitar da su ta teku, da makiyayan garkensa? Ina shi yake wanda ya sa Ruhunsa Mai Tsarki a cikinsu,
১১তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
12 wanda ya aika hannu ɗaukakarsa mai iko ya kasance a hannun dama na Musa, wanda ya raba ruwaye a gabansu, don yă sami wa kansa madawwamin suna,
১২মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
13 wanda ya bishe su cikin zurfafa? Kamar doki a fili, ba su yi tuntuɓe ba;
১৩তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত?
14 kamar shanun da suke gangarawa zuwa kwari, haka Ruhun Ubangiji ya ba su hutu. Ga yadda ka bishe mutanenka don ka ba wa kanka suna mai ɗaukaka.
১৪উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহোৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল; নিজৰ নামৰ প্রশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা।
15 Ka duba daga sama ka gani daga kursiyinka da yake bisa, mai tsarki da kuma mai ɗaukaka. Ina kishinka da kuma ikonka? Ka janye juyayi da kuma tausayin da kake yi mana daga gare mu.
১৫স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
16 Amma kai Ubanmu ne, ko Ibrahim bai san mu ba Isra’ila kuma bai yarda da mu ba; kai, ya Ubangiji, kai ne Ubanmu, Mai Fansarmu tun fil azal ne sunanka.
১৬কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
17 Don me, ya Ubangiji, ka sa muna barin hanyoyinka muka kuma taurare zukatanmu don kada mu girmama ka? Ka komo domin darajar bayinka, kabilan da suke abin gādonka.
১৭হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।
18 Gama a ɗan lokaci mutanenka suka mallaki wurinka mai tsarki, amma yanzu abokan gābanmu sun tattake wurinka mai tsarki.
১৮তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
19 Mu naka tun fil azal; ba ka taɓa yin mulki a kansu ba, ba a taɓa kira su da sunanka ba.
১৯যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।

< Ishaya 63 >