< Ishaya 60 >

1 “Ki tashi, ki haskaka, gama haskenki ya zo, ɗaukakar Ubangiji ya taso a kanki.
উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
2 Duba, duhu ya rufe duniya duhu mai kauri kuma yana bisa mutane, amma Ubangiji ya taso a kanki ɗaukakarsa kuma ya bayyana a bisanki.
কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব।
3 Al’ummai za su zo wurin haskenki, sarakuna kuma zuwa asubahin sabon yininki.
লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
4 “Ki ɗaga idanunki ki duba kewaye da ke. Duka sun tattaru suka kuma zo wurinki;’ya’yanki maza daga nesa, ana kuma ɗaukan’ya’yanki mata a hannu.
তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।
5 Sa’an nan za ki duba ki kuma haskaka zuciyarki zai motsa ya kuma cika da farin ciki; za a kawo miki wadata daga tekuna, za a kawo miki arzikin al’ummai.
সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
6 Manyan ayarin raƙuma za su cika ƙasar, ƙananan raƙuma ke nan daga Midiyan da Efa. Daga Sheba kuma duka za su zo, suna ɗauke da zinariya da turare suna shelar yabon Ubangiji.
উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।
7 Dukan garkunan Kedar za su taru a wurinki ragunan Nebayiwot za su yi miki hidima; za a karɓe su kamar hadayu a kan bagadenki, zan kuma darjanta haikalina mai ɗaukaka.
কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।
8 “Su wane ne waɗannan da suke firiya kamar gizagizai, kamar kurciyoyi suna zuwa sheƙarsu?
মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন?
9 Babu shakka tsibirai suna dogara gare ni; jiragen Tarshish kuma su ne a gaba, suna kawo’ya’yanki maza daga nesa, tare da azurfa da zinariya, domin su girmama Ubangiji Allahnki, Mai Tsarkin nan na Isra’ila, gama ya cika ki da daraja.
নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
10 “Baƙi za su sāke gina katangarki, sarakunansu kuma za su yi miki hidima. Ko da yake a cikin fushi na buge ki, da tagomashi zan yi miki jinƙai.
১০বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব; কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ।
11 Ƙofofinki kullum za su kasance a buɗe, ba za a ƙara rufe su da rana ko da dare ba, saboda mutane su kawo miki dukiyar al’ummai, sarakunansu za su kasance a gaba a jerin gwanon nasara.
১১লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব।
12 Gama al’umma ko masarautar da ba tă bauta miki ba, za tă hallaka; za tă lalace sarai.
১২কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
13 “Darajar Lebanon za tă zo wurinki, itatuwan fir da dai ire-irensu da kuma itatuwan saifires duka za su zo don su ƙayatar da wurina mai tsarki; zan kuma ɗaukaka wurin ƙafafuna.
১৩লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম।
14 ’Ya’ya maza masu zaluntarku za su zo suna rusunawa a gabanki; dukan waɗanda suka rena ki za su rusuna a ƙafafunki su kuma ce da ke Birnin Ubangiji, Sihiyona na Mai Tsarkin nan na Isra’ila.
১৪তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।
15 “Ko da yake an yashe ki aka kuma ƙi ki, har babu wani da ya ratsa a cikinki, zan mai da ke madawwamiyar abar taƙama da kuma farin cikin dukan zamanai.
১৫তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম।
16 Za ki sha madarar al’ummai a kuma shayar da ke da nonon sarauta. Sa’an nan za ki san cewa ni, Ubangiji, ni ne Mai Cetonki, Mai Fansarki, Mai Ikon nan na Yaƙub.
১৬আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা।
17 A maimakon tagulla zan kawo zinariya, azurfa kuma a maimakon baƙin ƙarfe. A maimakon katako zan kawo tagulla, baƙin ƙarfe kuma a maimakon duwatsu. Zan sa salama ta zama gwamnarki adalci kuma mai mulkinki.
১৭মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম।
18 Ba za a ƙara jin hayaniyar tashin hankali a ƙasarki ba, balle lalacewa ko hallaka a cikin iyakokinki, amma za ki kira katangarki Ceto ƙofofinki kuma Yabo.
১৮তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
19 Rana ba za tă ƙara zama haskenki a yini ba, balle hasken wata ya haskaka a kanki, gama Ubangiji zai zama madawwamin haskenki, Allahnki kuma zai zama ɗaukakarki.
১৯দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
20 Ranarki ba za tă ƙara fāɗuwa ba watanki kuma ba zai ƙara shuɗewa ba; Ubangiji zai zama madawwamin haskenki, kwanakin baƙin cikinki za su ƙare.
২০তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব।
21 Sa’an nan dukan mutanenki za su zama masu adalci za su kuma mallaki ƙasar har abada. Su ne reshen da na shuka, aikin hannuwana, don nuna darajata.
২১মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
22 Mafi ƙanƙanta a cikinki za tă zama dubu, ƙarami zai zama al’umma mai girma. Ni ne Ubangiji, cikin lokacinsa zan yi haka da sauri.”
২২যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।

< Ishaya 60 >