< Ishaya 38 >

1 A kwanakin nan sai Hezekiya ya kamu da ciwo ya kuma kusa ya mutu. Annabi Ishaya ɗan Amoz ya tafi wurinsa ya kuma ce, “Ga abin da Ubangiji ya ce ka shirya gidanka, domin za ka mutu; ba za ka warke ba.”
সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।”
2 Hezekiya ya juye fuskarsa wajen bango ya kuma yi addu’a ga Ubangiji,
তাৰ পাছত হিষ্কিয়াই দেৱালৰ ফাললৈ মুখ ঘূৰাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
3 “Ka tuna, ya Ubangiji, yadda na yi tafiya a gabanka da aminci da dukan zuciya na kuma yi abin da yake nagari a idanunka.” Sai Hezekiya ya yi kuka mai zafi.
তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।
4 Sai maganar Ubangiji ta zo wa Ishaya cewa,
যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
5 “Ka tafi ka faɗa wa Hezekiya, ‘Ga abin da Ubangiji Allah na kakanka Dawuda, ya ce na ji addu’arka na kuma ga hawayenka; zan ƙara maka shekaru goma sha biyar ga rayuwarka.
“তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।
6 Zan kuwa cece ka da wannan birni daga hannun sarkin Assuriya. Zan kiyaye wannan birni.
আৰু মই ৰজা অচূৰীয়াৰ হাতৰ পৰা তোমাক আৰু এই নগৰক উদ্ধাৰ কৰিম; আৰু মই এই নগৰৰ ঢালস্বৰূপ হ’ম।
7 “‘Ga alamar Ubangiji gare ka cewa Ubangiji zai aikata kamar yadda ya yi alkawari.
আৰু যিহোৱাৰ পৰা তোমালৈ এই চিন হ’ব, যে, মই যি কৈছো সেয়াই সিদ্ধ কৰিম।
8 Zan sa inuwar da rana ta yi a kan matakalar Ahaz ta koma baya da taki goma.’” Saboda haka inuwar ta koma da baya daga fuskar rana har taki goma.
চোৱা, আহজৰ খটখটিত ছাঁটো দহ খাপ ওভটাবলৈ মই খটখটিত ছাঁ পেলাম’।” সেয়ে সেই খটখটিৰ ছাঁটো আগুৱাই যোৱা স্থানৰ পৰা দহ খোজ উভটি গৈছিল।
9 Rubutun Hezekiya sarkin Yahuda bayan ciwonsa da kuma warkarwarsa.
যিহূদাৰ ৰজা হিষ্কিয়াই নৰিয়া পৰি সুস্থ হোৱাৰ পাছত লিখা প্রাৰ্থনা এইয়া আছিল:
10 Na ce, “Cikin tsakiyar rayuwata dole in bi ta ƙofofin mutuwa a kuma raba ni da sauran shekaruna?” (Sheol h7585)
১০মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।” (Sheol h7585)
11 Na ce, “Ba zan ƙara ganin Ubangiji ba, Ubangiji a ƙasa ta masu rai; ba zan ƙara ga wani mutum, ko in kasance tare da waɗanda suke zama a wannan duniya ba.
১১মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
12 Kamar tentin makiyayi an rushe gidana aka kuma ƙwace ta daga gare ni. Kamar mai saƙa, na nannaɗe rayuwata, ya kuma yanke ni daga sandar saƙa; dare da rana ka kawo ni ga ƙarshe.
১২মেৰ-ছাগ ৰখীয়াৰ তম্বুৰ দৰে মোৰ জীৱন মোৰ পৰা আঁতৰাই নিয়া হ’ল; মই সিপিনীয়ে বোৱা কাপোৰৰ দৰে মোৰ জীৱন নুৰিয়ালোঁ, আপুনি মোক তাঁত শালৰ পৰা কাটিলে; দিন আৰু ৰাতিৰ ভিতৰত আপুনি মোৰ জীৱনটো শেষ কৰিব।
13 Na yi jira da haƙuri har safiya, amma kamar zaki ya kakkarya ƙasusuwana duka; dare da rana ka kawo ni ga ƙarshe.
১৩মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে।
14 Na yi kuka kamar mashirare ko zalɓe, na yi kuka kamar kurciya mai makoki. Idanuna suka rasa ƙarfi yayinda na duba sammai. Na damu; Ya Ubangiji, ka taimake ni!”
১৪মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।
15 Amma me zan ce? Ya riga ya yi mini magana, shi kansa ne kuma ya aikata. Zan yi tafiya da tawali’u dukan kwanakina saboda wahalar raina.
১৫মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম।
16 Ubangiji, ta waɗannan abubuwa ne mutane suke rayuwa; ruhuna kuma yana samun rai a cikinsu shi ma. Ka maido mini da lafiya ka kuma sa na rayu.
১৬হে প্ৰভু, আপুনি দিয়া কষ্ট মোৰ বাবে লাভজনক; মোৰ জীৱনটো পুনৰ ঘূৰাই দিব পাৰে; আপুনি মোৰ জীৱন আৰু স্ৱাস্থ্য পুনৰ স্থাপন কৰিলে।
17 Tabbatacce wannan kuwa saboda ribata ne cewa in sha irin wahalan nan. Cikin ƙaunarka ka kiyaye ni daga ramin hallaka; ka sa dukan zunubaina a bayanka.
১৭মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
18 Gama kabari ba zai yabe ka ba, matattu ba za su rera yabonka ba; waɗanda suka gangara zuwa rami ba za su sa zuciya ga amincinka ba. (Sheol h7585)
১৮কাৰণ চিয়োলে আপোনাক ধন্যবাদ নিদিয়ে; মৃত্যুৱে আপোনাৰ প্রশংসা নকৰে; গাতলৈ নামি যোৱাসকলে আপোনাৰ বিশ্বাসযোগ্যতালৈ আশা কৰিব নোৱাৰে। (Sheol h7585)
19 Masu rai, masu rai, su suke yabonka, kamar yadda nake yi a yau; iyaye za su faɗa wa’ya’yansu game da amincinka.
১৯আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
20 Ubangiji zai cece ni, za mu kuma rera da kayan kiɗi masu tsirkiya dukan kwanakinmu a cikin haikalin Ubangiji.
২০যিহোৱাই মোক পৰিত্ৰাণ কৰিবলৈ যুগুত আছে, আমাৰ জীৱনৰ প্রতিটো দিনত যিহোৱাৰ গৃহত আমি সঙ্গীতেৰে সৈতে উদযাপন কৰিম।
21 Ishaya ya riga ya ce, “Ku shirya curin da aka yi da’ya’yan ɓaure ku kuma shafa a marurun, zai kuwa warke.”
২১তেতিয়া যিচয়াই ক’লে, “ডিমৰু গুটিৰ লদা আনি, খহুৰ ওপৰত লগাই দিয়া যাওক; তাতে তেওঁ সুস্থ হ’ব।”।
22 Hezekiya ya riga ya yi tambaya ya ce, “Me zai zama alama ta cewa zan haura zuwa haikalin Ubangiji?”
২২হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব?

< Ishaya 38 >