< Ishaya 37 >

1 Sa’ad da Sarki Hezekiya ya ji haka, sai ya kyakkece rigunansa ya kuma sanya tsummoki ya tafi ya shiga haikalin Ubangiji.
সেই কথা শুনা মাত্ৰে ৰজা হিষ্কিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে, আৰু যিহোৱাৰ গৃহলৈ গ’ল।
2 Ya aiki Eliyakim sarkin fada, Shebna magatakarda da kuma manyan firistoci, duka sanye da tsummoki, wurin Ishaya ɗan Amoz.
চট কাপোৰ পিন্ধা ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু পুৰোহিতসকলৰ বৃদ্ধ লোকক আমোচৰ পুত্ৰ যিচয়া ভাববাদী ওচৰলৈ পঠাই দিলে।
3 Suka faɗa masa cewa, “Ga abin da Hezekiya ya ce wannan rana ce ta baƙin ciki da tsawatawa da shan kunya, sai ka ce sa’ad da’ya’ya kan zo matakin haihuwa sa’an nan a rasa ƙarfin haihuwarsu.
তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।
4 Mai yiwuwa Ubangiji Allahnka zai ji maganganun sarkin yaƙin da maigidansa, sarkin Assuriya, ya aika don yă zagi Allah mai rai, ya kuma tsawata masa saboda maganganun da Ubangiji Allahnka ya ji. Saboda haka ka yi addu’a saboda raguwar da suke da rai.”
যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচুৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
5 Sa’ad da shugabannin Sarki Hezekiya suka zo wurin Ishaya,
সেয়ে ৰজা হিষ্কিয়াৰ দাসবোৰ যিচয়াৰ ওচৰলৈ আহিল,
6 sai Ishaya ya ce musu, “Ku faɗa wa maigidanku cewa, ‘Ga abin da Ubangiji ya faɗa. Kada ka ji tsoron abin da ka ji, maganganun nan da bayin sarkin Assuriya suka yi mini saɓo.
যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা।
7 Ka saurara! Zan sa ruhuna a cikinsa saboda sa’ad da ya ji wani labari, zai koma zuwa ƙasarsa, a can kuwa zan sa a kashe shi da takobi.’”
চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
8 Sa’ad da sarkin yaƙin ya ji cewa sarkin Assuriya ya bar Lakish, sai ya janye ya kuma sami sarki yana yaƙi da Libna.
তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল।
9 To, fa, Sennakerib ya sami labari cewa Tirhaka, mutumin Kush sarkin Masar, yana fitowa don yă yi yaƙi da shi. Sa’ad da ya ji haka, sai ya aiki jakadu zuwa wurin Hezekiya da wannan magana.
তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে।
10 “Ku faɗa wa Hezekiya sarkin Yahuda cewa kada ka bar allahn da ka dogara a kai ya ruɗe ka sa’ad da ya ce, ‘Ba za a ba da Urushalima ga sarkin Assuriya ba.’
১০যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।
11 Tabbatacce ka ji abin da sarakunan Assuriya suka aikata ga dukan ƙasashe, suna hallaka su tas. Kai kuwa za ka tsira ne?
১১চোৱা, ৰজা অচূৰীয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল, সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা?
12 Allolin al’umman da kakannina suka hallaka sun cece su ne, allolin Gozan, Haran, Rezef da kuma na mutanen Eden waɗanda suke zama a Tel Assar?
১২মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?”
13 Ina sarkin Hamat yake, sarkin Arfad fa, sarkin Sefarfayim, ko na Hena ko na Iffa?”
১৩হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?
14 Hezekiya ya karɓi wasiƙar daga jakadun ya karanta ta. Sa’an nan ya haura zuwa haikalin Ubangiji ya shimfiɗa ta a gaban Ubangiji.
১৪হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে।
15 Sai Hezekiya ya yi addu’a ga Ubangiji ya ce,
১৫হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
16 “Ya Ubangiji Allah Maɗaukaki, Allah na Isra’ila, zaune a tsakanin kerubobi, kai kaɗai ne Allah a kan dukan masarautan duniya.
১৬“হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
17 Ka kasa kunne, ya Ubangiji, ka kuma ji; ka buɗe idanunka, ya Ubangiji, ka kuma gani; ka saurara ga dukan maganganun da Sennakerib ya aika don yă zagi Allah mai rai.
১৭হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক।
18 “Gaskiya ce, ya Ubangiji, cewa sarakunan Assuriyawa sun mai da dukan waɗannan mutane da ƙasashensu kango.
১৮হে যিহোৱা এইটো সত্য যে, অচূৰীয়াৰ ৰজাসকলে সকলো দেশীবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে।
19 Sun jefar da gumakansu cikin wuta suka kuma hallaka su, gama su ba alloli ba ne itace ne kawai da dutse, da hannuwan mutane suka sarrafa.
১৯তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
20 Yanzu, ya Ubangiji Allahnmu, ka cece mu daga hannunsa, saboda masarautai a duniya su san cewa kai kaɗai ne, ya Ubangiji, Allah.”
২০এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
21 Sa’an nan Ishaya ɗan Amoz ya aika da saƙo wa Hezekiya cewa, “Ga abin da Ubangiji, Allah na Isra’ila, ya faɗa. Saboda ka yi addu’a gare ni game da Sennakerib sarkin Assuriya,
২১তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা;
22 ga abin da maganar Ubangiji ya faɗa a kansa, “Budurwa Diyar Sihiyona ta rena tana kuma maka ba’a. Diyar Urushalima tana kada kai yayinda kake gudu.
২২তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই: কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে; যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা।
23 Wane ne ka zargi ka kuma yi wa saɓo? A kan wa ka tā da muryarka ka kuma daga idanu cikin fariya? A kan Mai Tsarkin nan na Isra’ila!
২৩তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা।
24 Ta wurin jakadunka ka jibge zage-zage a kan Ubangiji. Ka kuma ce, ‘Da kekunan yaƙina masu yawa na hau ƙwanƙolin duwatsu, ƙwanƙolin mafi tsayi na Lebanon. Na sassare al’ul mafi tsayi fir mafi kyau. Na kai can wuri mafi nisa na kurminsa.
২৪তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।
25 Na haƙa rijiyoyi a baƙuwar ƙasa na kuma sha ruwa a can. Da tafin ƙafafuna na busar da dukan rafuffukan Masar.’
২৫মই কুঁৱা খানিলোঁ আৰু বিদেশী পানী খালোঁ, আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিচৰৰ সকলো নদীবোৰ শুকুৱাম।
26 “Ba ka ji ba cewa tun dā can na shirya ya zama haka? A kwanakin dā na kafa shi; yanzu na sa ya faru, cewa ka mai da birane masu mafaka zuwa tsibin ɓuraguzai.
২৬বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
27 Mutanensu, suka rasa ƙarfi, sun firgita suka kuma sha kunya. Suka zama kamar tsire-tsire a gona, kamar tsire-tsiren ta suka tohu, kamar ciyawar da ya tsiro a kan rufi, wadda zafi ya yi wa ƙuna kafin tă yi girma.
২৭তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূবদিশৰ বতাহৰ আগত। ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে।
28 “Amma na san inda kake zama da sa’ad da kakan fita ka kuma koma da yadda ka harzuƙa gāba da ni.
২৮কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্রোধ, এই সকলোকে মই জানিছোঁ।
29 Saboda ka harzuƙa gāba da ni kuma saboda girmankanka ya kai kunnuwana, zan sa ƙugiya a hancinka linzamina a bakinka, zan kuma sa ka koma ta hanyar da ka zo.
২৯তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
30 “Wannan zai zama alama gare ka, ya Hezekiya, “Wannan shekara za ka ci abin da ya yi girma da kansa, shekara ta biyu kuma abin da ya tsiro daga wancan. Amma a shekara ta uku za ka yi shuki ka kuma girba, za ka dasa gonakin inabi ka kuma ci’ya’yansu.
৩০তোমাৰ বাবে এইয়ে এক চিন হ’ব, যে, এই বছৰত নিজে উৎপন্ন হোৱা শস্য, আৰু দ্বিতীয় বছৰত তাৰ পৰা উৎপন্ন হোৱা শস্য তোমালোকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে নিশ্চয়কৈ কঠিয়া সিচিঁ শস্য দাবা, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
31 Sauran da suka rage na gidan Yahuda kuwa za su yi saiwa a ƙarƙashi su kuma ba da’ya’ya a bisa.
৩১যিহূদা বংশৰ ৰক্ষা পোৱা অবশিষ্ট লোকে পুনৰাই পুখা মেলিব, আৰু ফলৱান হ’ব।
32 Gama daga Urushalima raguwa za tă fito, kuma daga Dutsen Sihiyona ƙungiyar waɗanda suka tsira. Himmar Ubangiji Maɗaukaki zai cika wannan.
৩২কাৰণ যিৰূচালেমৰ পৰা অবশিষ্ট লোক আৰু চিয়োন পৰ্ব্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব; বাহিনীসকলৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।
33 “Saboda haka ga abin da Ubangiji yana cewa game da sarkin Assuriya, “Ba zai shiga wannan birni ba ya harbe kibiya a nan. Ba zai zo gabansa da garkuwa ba ko ya gina mahaurai kewaye a kansa ba.
৩৩এই হেতুকে ৰজা অচূৰীয়াৰ বিষয়ে যিহোৱাই এই কথা কৈছে: তেওঁ এই নগৰলৈ নাহিব, ইয়ালৈ এপাত কাঁড়ো নামাৰিব, ইয়াৰ সন্মুখলৈ ঢাল লৈ নাহিব, আৰু ইয়াৰ বিৰুদ্ধে হাদাম নাবান্ধিব।
34 Ta hanyar da ya zo da ita zai koma; ba zai shiga wannan birni ba,” in ji Ubangiji.
৩৪যিহোৱাই কৈছে যে, তেওঁ যি বাটেদি আহিল, সেই বাটেদিয়েই উভটি যাব, তেওঁ এই নগৰত নোহোমাব।
35 “Zan kāre wannan birni in kuma cece shi, saboda girmana da kuma saboda sunan Dawuda bawana!”
৩৫মই নিজৰ আৰু মোৰ দাস দায়ূদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম।”
36 Sai mala’ikan Ubangiji ya fita ya kuma karkashe mutane dubu ɗari da dubu tamanin da dubu biyar a sansanin Assuriya. Sa’ad da mutane suka farka kashegari, sai ga gawawwaki duk a kwance!
৩৬তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
37 Saboda haka Sennakerib sarkin Assuriya ya janye. Ya koma zuwa Ninebe ya zauna a can.
৩৭সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে।
38 Wata rana, yayinda yake yin sujada a haikalin allahnsa Nisrok,’ya’yansa maza Adrammelek da Sharezer suka kashe shi da takobi, suka kuma gudu zuwa ƙasar Ararat. Esar-Haddon ɗansa kuwa ya gāje shi a matsayin sarki.
৩৮তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰ-হদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।

< Ishaya 37 >