< Ishaya 26 >

1 A wannan rana za a rera wannan waƙa a ƙasar Yahuda. Muna da birni mai ƙarfi; Allah yake ceton katanga da kuma kagarunta.
সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
2 A buɗe ƙofofi saboda al’umma mai adalci ta shiga, al’ummar da mai aminci.
সত্যক পালন কৰা ধাৰ্মিক দেশবাসী সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া।
3 Za ka kiyaye shi da cikakken salama shi wanda ya kafa zuciyarsa gare ka, domin ya dogara a gare ka.
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
4 Ku dogara ga Ubangiji, gama shi Ubangiji, ne madawwamin Dutse.
তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
5 Yakan ƙasƙantar da waɗanda suke zama a bisa ya kawar da birni mai alfarma ƙasa; ya rusa ta har ƙasa ya jefar da ita cikin ƙura.
কাৰণ অহঙ্কাৰেৰে জীৱন যাপন কৰা সকলক তেওঁ নত কৰিব; তেওঁ তাক অবনত কৰিব, মাটিৰে সৈতে সমান কৰিলে। তেওঁ ধুলিৰ সমান কৰিব।
6 Ƙafafu sukan tattake ta, ƙafafu waɗanda aka zalunta, wato, sawun matalauta.
দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।
7 Hanyar masu adalci sumul take; Ya Mai Aikata Gaskiya, ka sa hanyar masu adalci ta yi sumul.
ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে।
8 I, Ubangiji, cikin tafiya a hanyar dokokinka, muna sa zuciya gare ka; sunanka da tunani a kanka su ne marmarin zukatanmu.
হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
9 Raina yana marmarinka da dare; da safe kuma raina yana son ganinka. Sa’ad da hukunce-hukuncenka suka sauko duniya, mutanen duniya kan koyi adalci.
ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
10 Ko da yake akan nuna wa mugaye alheri, ba sa koyi adalci; har ma a ƙasar masu aikata gaskiya sukan ci gaba da aikata mugunta ba sa ganin girmar darajar Ubangiji.
১০দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।
11 Ya Ubangiji an ɗaga hannunka sama, amma ba sa ganinsa. Bari su ga himmarka don mutanenka su kuma sha kunya; bari wutar da aka ajiye don abokan gābanka ta cinye su.
১১হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
12 Ubangiji ka kafa salama dominmu; duk abin da muka iya yi kai ne ka yi mana.
১২হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
13 Ya Ubangiji, Allahnmu, waɗansu iyayengiji ban da kai sun yi mulki a kanmu, amma sunanka kaɗai muka girmama.
১৩হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।
14 Yanzu duk sun mutu, ba za su ƙara rayuwa ba; waɗannan ruhohin da suka rasu ba za su tashi ba. Ka hukunta su ka kuma kawo su ga hallaka; ka sa ba za a ƙara tunawa da su ba.
১৪সিহঁত মৰা, পুনৰায় নিজীৱ; সিহঁত মৃত, পুনৰায় নুঠিব; আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে।
15 Ka fadada al’umma, ya Ubangiji; ka fadada al’umma. Ka samo wa kanka ɗaukaka; ka fadada dukan iyakokin ƙasar.
১৫আপুনি জাতিটো বৃদ্ধি কৰিলে; আপোনাৰ গৌৰৱ হ’ল, আপুনি দেশৰ আটাই সীমা বহল কৰিলে।
16 Ubangiji, sun zo gare ka a cikin damuwarsu; sa’ad da ka hore su, da ƙyar suna iya yin addu’a.
১৬হে যিহোৱা, সঙ্কট সময়ত লোকসকল আপোনাৰ দৃষ্টি কৰিছিল; তেওঁলোকৰ ওপৰত আপোনাৰ শাসন থকা সময়ত তেওঁলোকে চয়তানৰ বিৰুদ্ধে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।
17 Kamar mace mai ciki da take gab da haihuwa takan yi ta murɗawa tana kuka saboda zafi, haka muka kasance a gabanka, ya Ubangiji.
১৭গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰা সময়ত যেনেকৈ ছটফটাই বেদনাত চিঞৰে, হে যিহোৱা, সেই দৰে আমি আপোনাৰ আগত আছিলোঁ।
18 Muna da ciki, mun yi ta murɗewa saboda zafi, amma mun haifi iska. Ba mu kawo ceto ga duniya ba; ba mu haifi mutanen duniya ba.
১৮আমি গৰ্ভৱতী আছিলোঁ, আমি বেদনাত আছিলোঁ, আমি যেন বতাহহে প্ৰসৱ কৰিছিলোঁ; আমাৰ দ্বাৰাই পৃথিৱীত কোনো পৰিত্ৰাণ সিদ্ধ হোৱা নাই, নাইবা পৃথিৱীৰ নিৰ্বাসীসকল পতিত হোৱা নাই।
19 Amma matattunka za su rayu; jikunansu za su tashi. Ku da kuke zama a ƙura, ku farka ku kuma yi sowa don farin ciki. Raɓarka kamar raɓar safiya ce; duniya za tă haifi matattunta.
১৯আপোনাৰ মৃত লোকসকল পুনৰায় জীব, আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব।
20 Ku tafi, mutanena, ku shiga ɗakunanku ku kuma kulle ƙofofi; ku ɓoye kanku na ɗan lokaci sai ya huce fushinsa.
২০হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।
21 Duba, Ubangiji yana fitowa daga mazauninsa don yă hukunta mutanen duniya saboda zunubansu. Duniya za tă bayyana zub da jinin da aka yi a kanta; ba za tă ƙara ɓoye waɗanda aka kashe a cikinta ba.
২১কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে, পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”

< Ishaya 26 >