< Ishaya 21 >

1 Abin da Allah ya faɗa game da Hamada da take kusa da Teku. Kamar guguwa mai share cikin ƙasar kudu, mai hari ya zo daga hamada, daga ƙasar mai banrazana.
সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
2 An nuna mini mugun wahayi, mai bashewa ya bashe, mai washewa ya washe. Elam, ki yi yaƙi! Mediya, ki yi kwanto! Zan kawo ƙarshen dukan nishe-nishen da ta jawo.
এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
3 Game da wannan jikina yana ciwo, zafi ya kama ni, kamar na mace mai naƙuda; na razana game da abin da na ji, na yi mamakin abin da na gani.
এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
4 Gabana tana ta fāɗuwa, tsoro ya sa ina rawan jiki; hasken da nake marmari ya zo da razana gare ni.
মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
5 Sun shirya teburori, sun shimfiɗa dardumai, sun ci, sun sha! Tashi, ku hafsoshi, sa mai a garkuwoyi!
তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
6 Ga abin da mai girma ya ce mini, “Tafi, ka sa mai tsaro ka kuma sa ya ba da rahoton abin da ya gani.
কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
7 Sa’ad da ya ga kekunan yaƙi tare da ƙungiyoyin dawakai, mahaya a kan jakuna, ko mahaya a kan raƙuma, to, fa ya zauna a faɗake, ya kintsa sosai.”
যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
8 Mai tsaron kuma ya yi ihu, “Kowace rana, ranka yă daɗe, nakan tsaya a hasumiyar tsaro; kowane dare nakan tsaya a wurin aikina.
সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
9 Duba, ga wani mutum tafe a keken yaƙin tare da ƙungiyar dawakai. Ya kuma mayar da amsa, ‘Babilon ta fāɗi, ta fāɗi! Dukan siffofin allolinta kwance a ragargaje a ƙasa!’”
ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
10 Ya mutanena, an ragargaje ku a masussuka, na faɗa muku abin da na ji daga Ubangiji Maɗaukaki, daga Allah na Isra’ila.
১০হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
11 Abin da Allah ya faɗa game da Duma, Wani ya kira ni daga Seyir, “Mai tsaro, me ya rage a daren? Mai tsaro, me ya rage a daren?”
১১দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
12 Mai tsaro ya amsa, “Safiya ta gabato, haka kuma dare. In za ka yi tambaya, to, yi tambaya; sai ka sāke zuwa, ka tambaya.”
১২প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
13 Abin da Allah ya faɗa game da Arabiya. Ku ayarin Dedanawa, ku da kuka sauka a jejin Arabiya,
১৩আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
14 ku kawo ruwa don ƙishirwa; ku da kuke zama a Tema, ku kawo abinci don masu gudun hijira.
১৪তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
15 Sun gudu daga takobi, daga takobin da aka janye, daga bakan da aka tanƙware da kuma daga zafin yaƙi.
১৫কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
16 Ga abin da mai girma ya ce mini, “Cikin shekara ɗaya, kamar yadda bawan da aka bautar da shi bisa ga yarjejjeniya zai lissafta, dukan sojojin Kedar za su zo ga ƙarshe.
১৬সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
17 Waɗanda suka yi rai na maharba, jarumawan Kedar, za su zama kaɗan.” Ubangiji, Allah na Isra’ila, ya faɗa.
১৭আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।

< Ishaya 21 >