< Hosiya 7 >

1 a duka sa’ad da zan warkar da Isra’ila, zunuban Efraim za su tonu za a kuma bayyana laifofin Samariya. Suna ruɗu, ɓarayi sukan fasa su shiga gidaje,’yan fashi sukan yi fashi a tituna;
যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
2 amma ba su gane cewa na tuna da dukan ayyukan muguntarsu ba. Zunubansu sun kewaye su; kullum suna a gabana.
কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
3 “Suna faranta wa sarki zuciya da muguntarsu, shugabanni kuma da ƙarairayinsu.
তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
4 Dukansu mazinata ne suna ƙuna kamar matoya wadda mai gashin burodi ba ya bukata yă tura mata wuta daga cuɗe kullu har kumburinsa.
তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
5 A ranar bikin sarkinmu shugabanni sukan bugu da ruwan inabi, yă yi cuɗanya da masu ba’a.
আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
6 Zukatansu suna kamar matoya; sukan kusace shi da wayo. Muguwar aniyarsu takan yi ta ci dukan dare; da safe sai ta ƙuna kamar harshen wuta.
কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
7 Dukansu suna da zafi kamar matoya; suna kashe masu mulkinsu. Dukan sarakunansu sukan fāɗi, kuma babu waninsu da yake kira gare ni.
তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
8 “Efraim yana cuɗanya da al’ummai; Efraim waina ne mai fāɗi da ba a juye ba.
ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
9 Baƙi sun tsotse ƙarfinsa, amma bai gane ba. Gashi kansa ya cika da furfura, amma bai lura ba.
বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
10 Girmankan Isra’ila ya ba da shaida a kansa, amma duk da haka bai dawo ga Ubangiji Allahnsa ko yă neme shi ba.
১০ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
11 “Efraim yana kama da kurciya, marar wayo, marar hankali, yanzu yana kira ga Masar, yanzu yana juyewa ga Assuriya.
১১ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
12 Sa’ad da suka tafi, zan jefa ragata a kansu; zai janye su ƙasa kamar tsuntsayen sararin sama. Sa’ad da na ji suna tafiya tare, zan kama su.
১২কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।
13 Kaitonsu, domin sun kauce daga gare ni! Hallaka za tă aukar musu, domin sun tayar mini! Na ƙudura in cece su amma suna faɗar ƙarya a kaina.
১৩তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
14 Ba sa yin mini kuka da zuciyarsu amma suna ihu a kan gadajensu. Sukan taru wurin ɗaya don hatsi da ruwan inabi amma su juya mini baya.
১৪তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
15 Na horar da su na kuma ƙarfafa su, amma sun ƙulla mini maƙarƙashiya.
১৫যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।
16 Ba sa juya ga Mafi Ɗaukaka; suna kama da tanƙwararren baka. Za a kashe shugabanninsu da takobi saboda banzan maganganunsu. Saboda wannan za a wulaƙanta su a ƙasar Masar.
১৬তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।

< Hosiya 7 >