< Hosiya 12 >

1 Efraim yana kiwo a kan iska; yana fafarar iskar gabas dukan yini yana riɓaɓɓanya ƙarairayi da rikici. Ya yi yarjejjeniya da Assuriya ya kuma aika wa Masar man zaitun.
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
2 Ubangiji yana da ƙarar da zai kawo a kan Yahuda; zai hukunta Yaƙub bisa ga hanyoyinsa zai sāka masa bisa ga ayyukansa.
যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
3 A cikin mahaifa ya cafke ɗiɗɗigen ɗan’uwansa; a matsayin mutum ya yi kokawa da Allah.
গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল; বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল।
4 Ya yi kokawa da mala’ika ya kuma rinjaye shi; ya yi kuka ya kuma yi roƙo don tagomashi. Ya same shi a Betel ya kuma yi magana da shi a can,
তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।
5 Ubangiji Allah Maɗaukaki, Ubangiji ne sunansa sananne!
তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
6 Amma dole ku koma ga Allahnku; ku ci gaba da ƙauna da yin gaskiya, ku kuma saurari Allahnku kullum.
এতিয়া হে যাকোবৰ বংশ, তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ। প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
7 Ɗan kasuwa yana amfani da mudu marar gaskiya; yana jin daɗin cuta.
যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
8 Efraim yana fariya yana cewa, “Ni mai arziki ne ƙwarai; na azurta. Da dukan wadatata ba za a sami wani laifi ko zunubi a gare ni ba.”
ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
9 “Ni ne Ubangiji Allahnku, wanda ya fitar da ku daga Masar; zan sa ku sāke zauna a tentuna, kamar a kwanakin ƙayyadaddun bukukkuwanku.
কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
10 Na yi magana da annabawa, na ba su wahayi da yawa na kuma ba da misalai ta wurinsu.”
১০মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
11 Gileyad mugu ne? Mutanensa mutanen banza ne! Suna miƙa bijimai a Gilgal? Bagadansu za su zama tsibin duwatsu. A gonar da aka nome.
১১গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ। গিলগলত লোকসকলে বলধ উৎসর্গ কৰে; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
12 Yaƙub ya gudu zuwa ƙasar Aram; Isra’ila ya yi bauta don yă sami mata, domin kuma yă biya, sai da ya yi kiwon tumaki.
১২যাকোব অৰাম দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
13 Ubangiji ya yi amfani da annabi don yă fitar da Isra’ila daga Masar ta wurin annabi ya lura da shi.
১৩যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল; এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
14 Amma Efraim ya yi muguwar tsokana da ta sa ya yi fushi; shugabansa zai ɗora musu hakkin jini a kansa kuma zai sāka masa saboda wulaƙancinsa.
১৪কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে; সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব; তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।

< Hosiya 12 >