< Hosiya 11 >

1 “Sa’ad da Isra’ila yake yaro, na ƙaunace shi, daga Masar kuma na kira ɗana.
ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
2 Amma yawan kiran da na yi wa Isra’ila haka nesa da ni da suke ta yi. Suka miƙa hadaya ga Ba’al suka kuma ƙona turare ga siffofi.
মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।
3 Ni ne na koya wa Efraim tafiya ina kama su da hannu; amma ba su gane cewa ni ne na warkar da su ba.
তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।
4 Na bishe su da linzamin alheri da tausayi, da ragamar ƙauna; Na cire karkiya daga wuyansu na kuma rusuna na ciyar da su.
মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।
5 “Ba za su koma Masar ba Assuriya kuma ba za tă yi mulki a bisansu ba saboda sun ƙi su tuba ba?
যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।
6 Takuba za su yi ta wulgawa a biranensu, za su hallaka sandunan ƙarafan ƙofofinsu su kuma kawo ƙarshen ƙulle-ƙullensu.
তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।
7 Mutanena sun ƙudura su juye daga gare ni. Ko da ma suka yi kira ga Mafi Ɗaukaka, ta ko ƙaƙa ba zai girmama su ba.
মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
8 “Yaya zan ba da kai, Efraim? Yaya zan miƙa ka, Isra’ila? Yaya zan yi da kai kamar Adma? Yaya zan yi da kai kamar Zeboyim? Zuciyata ta canja a cikina; dukan tausayina ya huru.
হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
9 Ba zan zartar da fushina mai zafi ba, ba kuwa zan juya in ragargaza Efraim ba. Gama ni Allah ne, ba mutum ba, Mai Tsarki a cikinku. Ba zan zo cikin fushi ba.
মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
10 Za su bi Ubangiji; zai yi ruri kamar zaki. Sa’ad da ya yi ruri,’ya’yansa za su zo da rawan jiki daga yamma.
১০তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
11 Za su zo da rawan jiki kamar tsuntsaye daga Masar, kamar kurciyoyi daga Assuriya. Zan zaunar da su a cikin gidajensu,” in ji Ubangiji.
১১মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।
12 Mutanen Efraim sun kewaye ni da ƙarairayi, gidan Isra’ila da ruɗu. Mutanen Yahuda kuma suna yi wa Allah ƙin ji, har ma a kan Mai Tsarkin nan mai aminci.
১২যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।

< Hosiya 11 >