< Farawa 42 >

1 Sa’ad da Yaƙub ya sami labari cewa akwai hatsi a Masar, sai ya ce wa’ya’yansa maza, “Don me kuke duban juna kawai?”
যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
2 Ya ci gaba, “Na ji cewa akwai hatsi a Masar. Ku gangara can ku sayo mana, domin mu rayu kada mu mutu.”
তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
3 Sai goma daga cikin’yan’uwan Yusuf suka gangara don su saya hatsi daga Masar.
যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
4 Amma Yaƙub bai aiki Benyamin, ɗan’uwan Yusuf tare da sauran ba, gama yana tsoro kada wani abu yă faru da shi.
কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
5 Sai’ya’yan Yaƙub suka isa Masar tare da sauran mutanen don sayen abinci, gama yunwar ta kai yankin Kan’ana ma.
এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
6 To, Yusuf ne gwamnar ƙasar wanda yake sayar da hatsi ga dukan mutanenta. Saboda haka sa’ad da’yan’uwan Yusuf suka isa, sai suka rusuna masa har ƙasa da fuskokinsu.
সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
7 Nan da nan da Yusuf ya ga’yan’uwansa, sai ya gane su, amma ya yi kamar baƙo, ya kuma yi musu magana da tsawa. Ya tambaya, “Daga ina kuka fito?” Suka amsa, “Daga ƙasar Kan’ana, don mu saya abinci.”
তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
8 Ko da yake Yusuf ya gane’yan’uwansa, su ba su gane shi ba.
এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
9 Sa’an nan ya tuna da mafarkansa game da su, ya kuma ce musu, “Ku’yan leƙen asiri ne! Kun zo don ku leƙi asirin ƙasar ku ga inda ba ta da tsaro.”
যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
10 Suka amsa suka ce, “A’a, ranka yă daɗe, bayinka sun zo don saya abinci ne.
১০তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
11 Mu duka’ya’yan mutum ɗaya maza ne. Bayinka mutane ne masu gaskiya, ba’yan leƙen asiri ba ne.”
১১আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
12 Ya ce musu “Sam! Kun zo ne ku ga inda ƙasarmu babu tsaro.”
১২তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
13 Amma suka amsa suka ce, “Bayinka dā su goma sha biyu ne,’yan’uwa,’ya’yan mutum guda maza, wanda yake zama a ƙasar Kan’ana. Ƙaraminmu yanzu yana tare da mahaifinmu, ɗayan kuma ya rasu.”
১৩কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
14 Yusuf ya ce musu, “Daidai ne yadda na faɗa muku. Ku’yan leƙen asiri ne!
১৪যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
15 Ga kuwa yadda za a gwada ku. Muddin Fir’auna yana a raye, ba za ku bar wannan wuri ba sai ƙaramin ɗan’uwanku ya zo nan.
১৫ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
16 Ku aiki ɗaya daga cikinku yă kawo ɗan’uwanku; za a sa sauranku a kurkuku, saboda a gwada maganarku a ga ko gaskiya ce kuke faɗi. In ba haka ba, to, da ran Fir’auna, ku’yan leƙen asiri ne!”
১৬সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
17 Ya kuwa sa su duka a kurkuku na kwana uku.
১৭এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
18 A rana ta uku, Yusuf ya ce musu, “Ku yi wannan za ku kuwa rayu, gama ina tsoron Allah.
১৮তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
19 In ku mutane masu gaskiya ne, ku bar ɗaya daga cikin’yan’uwanku yă zauna a kurkuku, yayinda sauranku su tafi, su kai hatsi don gidajenku da suke yunwa.
১৯তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
20 Amma dole ku kawo ƙaramin ɗan’uwanku gare ni, saboda a tabbatar da maganarku har ba za ku mutu ba.” Suka kuwa yi haka.
২০তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
21 Sai suka ce wa juna, “Tabbatacce ana hukunta mu ne saboda ɗan’uwanmu. Mun ga yadda ya yi wahala sa’ad da ya roƙe mu saboda ransa, amma ba mu saurare shi ba, shi ya sa wannan wahala ta zo mana.”
২১তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
22 Ruben ya amsa, “Ban faɗa muku cewa kada ku ɗauki alhakin yaron nan ba, sai kuka ƙi ji, to, yau ga alhakin jininsa muke biya.”
২২তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
23 Ba su san cewa Yusuf yana jin su ba, da yake yana amfani da mai fassara ne.
২৩যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
24 Sai ya juya daga gare su ya yi kuka, sa’an nan ya dawo ya yi musu magana kuma. Ya sa aka ɗauke Simeyon daga gare su, aka daure shi a idanunsu.
২৪পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
25 Yusuf ya yi umarni a cika buhunansu da hatsi, a kuma sa azurfan kowane mutum a cikin buhunsa, a kuma ba su kalaci don tafiyarsu. Bayan aka yi musu wannan,
২৫তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
26 suka jibga hatsinsu a kan jakuna, sai suka kama hanya.
২৬তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
27 A wurin da suka tsaya don su kwana, ɗaya daga cikinsu ya buɗe buhunsa don yă ciyar da jakinsa, sai ya ga azurfansa a bakin buhunsa.
২৭পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
28 Sai ya ce wa’yan’uwansa, “An mayar mini da azurfata. Ga shi a cikin buhuna.” Zuciyarsu ta karai, suka dubi juna suna rawan jiki, suka ce, “Mene ne wannan da Allah ya yi mana?”
২৮তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
29 Sa’ad da suka zo wurin mahaifinsu Yaƙub a ƙasar Kan’ana, suka faɗa masa dukan abin da ya faru da su. Suka ce,
২৯কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
30 “Mutumin da yake shugaba a ƙasar ya yi mana matsananciyar magana, ya kuma ɗauke mu tamƙar’yan leƙen asirin ƙasa.
৩০“যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
31 Amma muka ce masa, ‘Mu masu gaskiya ne; mu ba’yan leƙen asiri ba ne.
৩১কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
32 Dā mu’yan’uwa ne goma sha biyu,’ya’yan mahaifi guda maza. Ɗayanmu ya rasu, kuma ƙaramin yanzu yana tare da mahaifinmu a Kan’ana.’
৩২আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
33 “Sai mutumin wanda yake shugaba a kan ƙasar ya ce mana, ‘Ga yadda zan san ko ku mutane masu gaskiya ne. Ku bar ɗaya daga cikin’yan’uwanku a nan tare da ni, ku ɗauki abinci domin gidajenku masu yunwa, ku tafi.
৩৩তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
34 Amma ku kawo mini ƙaramin ɗan’uwanku domin in san cewa ku ba’yan leƙen asiri ba ne, amma mutane ne masu gaskiya. Sa’an nan zan mayar muku da ɗan’uwanku, ku kuma iya yin sana’a a ƙasar.’”
৩৪তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
35 Yayinda suke juyewa hatsi daga buhunansu, sai ga ƙunshin azurfan kowane mutum a buhunsa! Sa’ad da su da mahaifinsu suka ga ƙunshe-ƙunshen kuɗi, suka firgita.
৩৫তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
36 Yaƙub mahaifinsu, ya ce musu, “Kun sa ni rashin’ya’yana. Yusuf ya rasu, Simeyon kuma ba ya nan, yanzu kuma kuna so ku ɗauki Benyamin. Kome yana gāba da ni!”
৩৬তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
37 Sai Ruben ya ce wa mahaifinsa, “Ka kashe dukan’ya’yana maza, in ban dawo da shi gare ka ba. Ka sa shi ga kulawata, zan kuwa dawo da shi.”
৩৭ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
38 Amma Yaƙub ya ce, “Ɗana ba zai gangara zuwa can tare da ku ba, ɗan’uwansa ya rasu, shi ne kaɗai ya rage. In wani abu ya faru da shi a tafiyar da za ku yi, za ku sa furfurata ta gangara zuwa kabari cikin baƙin ciki.” (Sheol h7585)
৩৮তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” (Sheol h7585)

< Farawa 42 >