< Farawa 41 >

1 Bayan shekaru biyu cif, Fir’auna ya yi mafarki. A mafarkin, ya ga yana tsaye kusa da Nilu,
এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।
2 sai ga shanu bakwai masu ƙiba mulmul, suka fito daga kogin, suna kiwo a cikin kyauro.
এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
3 Bayansu, sai ga waɗansu shanu bakwai, munana, ramammu, suka fito daga Nilu, suka tsaya kusa da waɗancan masu ƙiban, a bakin kogin.
তাৰ পাছত, দেখিবলৈ কুচ্ছিত আৰু ক্ষীণোৱা আন সাতজনী গৰুও সেই কেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই, নদীৰ দাঁতিত আগতে অহা গৰু কেইজনীৰ ওচৰতে আহি থিয় হ’ল।
4 Shanun nan da suke munana ramammu, suka cinye shanu bakwai nan masu ƙiba mulmul. Sai Fir’auna ya farka.
তাতে সেই ক্ষীণোৱা আৰু দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰৌণে সাৰ পালে।
5 Ya sāke yin barci, sai ya yi mafarki na biyu; ya ga kawuna bakwai na dawa, ƙosassu masu kyau, suka yi girma a kara guda.
তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয় বাৰ সপোন দেখিলে; তেওঁ দেখিলে ঘেহুঁৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা সাতোটা থোক ওলাল।
6 Bayansu, sai ga waɗansu kawuna bakwai na dawa, suka fito sirara waɗanda iskar gabas ta sa suka yanƙwane.
তেতিয়া চোৱা, সেইবোৰৰ পাছতে, পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে সাতোটা থোক ওলাল।
7 Siraran dawan suka haɗiye kawuna bakwai nan ƙosassu masu kyau. Sai Fir’auna ya farka, ashe, mafarki ne.
লেৰেলা থোকবোৰে গুটিৰে ভৰা সেই সাতোটা পূৰঠ থোক গিলি পেলালে। তেতিয়া ফৰৌণে সাৰ পাই দেখিলে যে, এইটো সপোনহে।
8 Da safe sai hankalinsa ya tashi, saboda haka sai ya aika a kawo dukan masu duba da masu hikima na Masar. Fir’auna ya faɗa musu mafarkansa, amma babu wanda ya iya ba shi fassararsu.
যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
9 Sai shugaban masu shayarwa ya ce wa Fir’auna, “Yau an tuna mini da kāsawata.
তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে।
10 Sai ya ci gaba ya ce, Fir’auna ya taɓa husata da bayinsa, ya kuma jefa ni da shugaban masu tuya a cikin kurkuku a gidan shugaban masu tsaro.
১০ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল।
11 Kowannenmu ya yi mafarki a wani dare, kowane mafarki kuma ya kasance da ma’anarsa.
১১তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল।
12 To, wani saurayi, mutumin Ibraniyawa ya kasance a can tare da mu, bawan shugaban masu tsaro. Sai muka faɗa masa mafarkanmu, ya kuwa fassara mana su, yana ba wa kowane mutum fassarar mafarkinsa.
১২তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে,
13 Abubuwan kuwa suka kasance daidai yadda ya fassara su gare mu; aka mai da ni a matsayina, ɗaya mutumin kuwa aka rataye shi.”
১৩আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”
14 Sai Fir’auna ya aika a kawo Yusuf, aka kuwa kawo shi da sauri daga kurkuku. Sa’ad da ya yi aski, ya kuma canja tufafinsa, sai ya zo gaban Fir’auna.
১৪তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।
15 Fir’auna ya ce wa Yusuf, “Na yi mafarki, kuma babu wanda ya iya fassara shi. Amma na ji an ce sa’ad da ka ji mafarki, kana iya fassara shi.”
১৫তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।”
16 Yusuf ya amsa wa Fir’auna ya ce, “Ba ni ne da iyawar ba, Allah zai iya ba wa Fir’auna amsar da yake nema.”
১৬তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
17 Sa’an nan Fir’auna ya ce wa Yusuf, “A cikin mafarkina, na ga ina tsaye a bakin Nilu,
১৭তেতিয়া ফৰৌণে যোচেফক ক’লে, “মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ;
18 sai ga shanu bakwai masu ƙiba mulmul, suka fito daga kogin, suna kiwo a cikin kyauro.
১৮এনে সময়ত নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাত জনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
19 Bayansu kuma, sai ga waɗansu shanu bakwai suka fito ƙanjamammu, munana, ramammu. Ban taɓa ganin irin munanan shanu haka a cikin dukan ƙasar Masar ba.
১৯পাছত চোৱা, ক্ষীণোৱা, দেখিবলৈ কূচ্ছিত, চেৰেলা গাৰে সাত জনী গৰুও সেই কেইজনীৰ পাছত ওলাই আহিল; তেনেকুৱা কুচ্ছিত গৰু মই গোটেই মিচৰ দেশত কেতিয়াও দেখা নাই।
20 Ramammun shanun nan munana, suka cinye shanun nan bakwai masu ƙiba da suka fito da fari.
২০আৰু চেৰেলা গাৰে দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাত জনী গিলি পেলালে।
21 Amma ko bayan da suka cinye su, babu wanda zai iya faɗa cewa sun yi haka; suna nan dai munana kamar yadda suke a dā. Sai na farka.
২১যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুচ্ছিত কেইজনীয়ে খালে, সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল। কিন্তু সিহঁত আগৰ দৰে কুচ্ছিত হৈয়েই থকিল। তেতিয়া মই সাৰ পালোঁ।
22 “Har yanzu kuma, a cikin mafarkina na ga kawuna bakwai na dawa ƙosassu masu kyau, suna girma a kara guda.
২২মই পুনৰাই সপোন দেখিলোঁ, একে ডাল ঠাৰিতে গুটিৰে ভৰা ঘেহুঁৰ উত্তম সাতোটা থোক ওলাল।
23 Bayansu, sai ga waɗansu kawuna bakwai suka fito, yanƙwananne sirara waɗanda iskar gabas ta yanƙwane.
২৩তেতিয়া সেইবোৰৰ পাছত শুকান, পতনুৱা সেইবোৰ পুবৰ গৰম বতাহত শুকায় গৈছিল, এনে সাতোটা থোকো ওলাল।
24 Siraran kawunan dawan nan suka haɗiye kawuna bakwai nan masu kyau. Na faɗa wannan wa masu duba, amma ba wanda ya iya fassara mini shi.”
২৪পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।”
25 Sai Yusuf ya ce wa Fir’auna, “Mafarkan Fir’auna, ɗaya ne. Allah ya bayyana wa Fir’auna abin da yake shirin yi.
২৫তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।
26 Shanu masu kyau nan, shekaru bakwai ne, kawunan dawa bakwai ƙosassun nan kuwa shekaru bakwai ne; mafarkan iri ɗaya ne.
২৬সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই।
27 Shanun nan ramammu, munana, da suka zo daga baya, shekaru bakwai ne, haka ma kawuna dawan nan shanyayyu da iskar gabas ta yanƙwane. Shekaru ne bakwai na yunwa.
২৭পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব।
28 “Haka yake kamar yadda na faɗa wa Fir’auna cewa Allah ya nuna wa Fir’auna abin da yake shirin yi.
২৮মই ফৰৌণৰ আগত ইয়াকে ক’লোঁ যে, ঈশ্বৰে যি কৰিব খুজিছে, তাকেহে তেওঁ ফৰৌণক দেখুৱাইছে।
29 Shekaru bakwai na yalwar abinci suna zuwa a dukan ƙasar Masar,
২৯তাতে গোটেই মিচৰ দেশত এনে সাতটা বছৰ আহিব য’ত বহুত শষ্য উৎপন্ন হ’ব।
30 amma shekaru bakwai na yunwa za su biyo bayansu. Tsananin yunwar za tă sa a manta da dukan isashen abincin da aka samu a ƙasar Masar, yunwa kuwa za tă rufe dukan ƙasar.
৩০সেইবোৰৰ পাছত হ’ব আকালৰ সাত বছৰ, তাতে মিচৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব; আৰু সেই আকালে দেশখনকে নষ্ট কৰিব।
31 Ba za a tuna da isashen abincin da aka samu a ƙasar ba, domin yunwar da za tă biyo baya za tă zama da tsanani ƙwarai.
৩১এই আকালৰ কাৰণে লোকসকলৰ দেশত, আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব। কিয়নো এইটো অতিশয় ভয়ংকৰ হ’ব।
32 Dalilin da aka ba wa Fir’auna mafarkan nan kashi biyu kuwa shi ne cewa Allah ya riga ya ƙaddara al’amarin. Allah zai aikata shi, ba da daɗewa ba.
৩২ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।
33 “Yanzu fa, bari Fir’auna yă nemi mutum mai basira da kuma hikima, yă sa shi yă shugabanci ƙasar Masar.
৩৩এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।
34 Bari Fir’auna yă naɗa komishinoni a kan ƙasar don su karɓi kashi ɗaya bisa biyar na girbin Masar a lokacin shekaru bakwai na yalwar abinci.
৩৪ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।
35 Ya kamata su tara dukan abincin waɗannan shekaru masu kyau da suke zuwa, su yi ajiyar hatsin a ƙarƙashin ikon Fir’auna, don a ajiye a birane don abinci.
৩৫এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।
36 Ya kamata a adana abincin nan don ƙasar, kāriya shekaru bakwai na yunwa, domin a yi amfani da shi a lokacin shekarun yunwan da za su zo wa Masar, saboda kada ƙasar ta lalace da yunwa.”
৩৬এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”
37 Shirin ya yi wa Fir’auna da kuma dukan hafsoshinsa kyau.
৩৭তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।
38 Saboda haka Fir’auna ya tambaye su, “Za mu iya samun wani kamar wannan mutum, wannan wanda Ruhun Allah yake cikinsa?”
৩৮তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
39 Sai Fir’auna ya ce wa Yusuf, “Da yake Allah ya ba ka sanin dukan waɗannan, babu wani mai basira da kuma hikima kamar ka.
৩৯তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।
40 Za ka shugabanci fadata, kuma dukan mutanena za su zama a ƙarƙashinka. Da sarauta kaɗai zan fi ka girma.”
৪০তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”
41 Saboda haka Fir’auna ya ce wa Yusuf, “Ga shi na sa ka zama shugaban dukan ƙasar Masar.”
৪১ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।”
42 Sa’an nan Fir’auna ya zare zoben sarauta daga yatsarsa, ya sa shi a yatsan Yusuf. Ya sanya masa rigar lallausan lilin, ya kuma sa masa sarƙar zinariya a wuyansa.
৪২পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।
43 Ya sa shi ya hau keken yaƙi a matsayi mai binsa na biyu, mutane kuwa suka yi shela a gabansa suna cewa, “A ba da hanya!” Ta haka ya sa shi shugaba a kan dukan ƙasar Masar.
৪৩তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।
44 Sa’an nan Fir’auna ya ce wa Yusuf, “Ni ne Fir’auna, amma in ba tare da umarninka ba, ba wanda zai ɗaga hannu ko ƙafa a cikin dukan Masar.”
৪৪ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”
45 Fir’auna ya ba wa Yusuf suna Zafenat-Faneya, ya kuma ba shi Asenat’yar Fotifera firist na On, ta zama matarsa. Yusuf kuwa ya zaga dukan ƙasar Masar.
৪৫ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।
46 Yusuf yana zuwa shekara talatin sa’ad da ya shiga hidimar Fir’auna sarkin Masar. Yusuf kuwa ya fita daga gaban Fir’auna, ya zaga ko’ina a Masar.
৪৬যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।
47 A shekaru bakwai na yalwa, ƙasar ta ba da amfani mai yawa.
৪৭তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে।
48 Yusuf ya tattara dukan abincin da aka samu a waɗannan shekaru bakwai na yalwa a Masar, ya kuma yi ajiyarsu a cikin birane. A kowane birni, ya sa abincin da aka nome a kewayensa.
৪৮মিচৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই, তেওঁ নগৰে নগৰে সাঁচি হ’ল; প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ’ল, তাক তেওঁ সেই নগৰতে সাঁচি থলে।
49 Sai Yusuf ya tara hatsi da yawan gaske, kamar yashi a bakin teku, har sai da ya kāsa iya auna shi, gama ba a iya aunawa.
৪৯এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।
50 Kafin shekarun yunwa su zo, Asenat’yar Fotifera, firist na On, ta haifa wa Yusuf’ya’ya maza biyu.
৫০যোচেফৰ দুটি পুত্র আকাল অহাৰ আগেয়ে জন্ম পালে, ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে জন্ম দিলে।
51 Yusuf ya ba wa ɗansa na fari suna Manasse ya ce, “Gama Allah ya sa na mance dukan wahalata da dukan gidan mahaifina.”
৫১তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
52 Ya ba wa ɗansa na biyu suna Efraim ya ce, “Gama Allah ya wadata ni cikin wahalata.”
৫২দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”
53 Shekaru bakwai na yalwa a Masar suka zo ga ƙarshe,
৫৩তাৰ পাছত মিচৰ দেশত বহু শষ্য উৎপন্ন হোৱা সাত বছৰ শেষ হ’ল।
54 sai shekaru bakwai na yunwa suka soma shigowa, kamar yadda Yusuf ya faɗa. Aka yi yunwa ko’ina amma ban da ƙasar Masar. Don akwai abinci.
৫৪তাতে যোচেফে কোৱাৰ দৰেই আকালৰ সাত বছৰ আৰম্ভ হ’ল, তেতিয়া সকলো দেশতে আকাল হ’ল; কিন্তু গোটেই মিচৰ দেশত হ’লে আহাৰ আছিল।
55 Sa’ad da dukan Masar ta fara jin yunwa, sai mutane suka yi wa Fir’auna kuka don abinci. Sai Fir’auna ya ce wa dukan Masarawa, “Ku tafi wurin Yusuf, ku kuma yi abin da ya faɗa muku.”
৫৫যেতিয়া মিচৰ দেশৰ গোটেইখনতে আকাল হ’বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰৌণ ৰজাৰ আগত ভিক্ষা খুজিলে গৈ; তাতে ফৰৌণে সকলো মিচৰীয়াকে ক’লে, “তোমালোকে যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যি কৰিবলৈ কয়, তাকে তোমালোকে কৰিবা।”
56 Sa’ad da yunwa ta bazu a dukan ƙasar, sai Yusuf ya buɗe gidajen ajiya, ya kuma sayar da hatsi ga Masarawa, gama yunwa ta yi tsanani a dukan Masar.
৫৬তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল।
57 Dukan ƙasashe kuwa suka zo Masar don saya hatsi daga Yusuf, gama yunwa ta yi tsanani a dukan duniya.
৫৭সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।

< Farawa 41 >