< Farawa 38 >

1 A wannan lokaci, Yahuda ya bar’yan’uwansa ya gangara don yă zauna da mutumin Adullam, mai suna Hira.
পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।
2 A can Yahuda ya sadu da’yar wani Bakan’ane, mai suna Shuwa. Ya aure ta, ya kuma kwana da ita;
সেই ঠাইত যিহূদাই চুৱা নামৰ কোনো এজন কনানীয়া মানুহৰ ছোৱালীক দেখা পাই তেওঁ সেই ছোৱালীজনীক বিয়া কৰিলে আৰু তাইৰ সৈতে শয়ন কৰিলে।
3 ta yi ciki, ta kuma haifi ɗa, wanda aka kira Er.
পাছত তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু ল’ৰাটিৰ নাম এৰ ৰাখিলে।
4 Ta sāke yin ciki, ta haifi wani ɗa, ta kira shi Onan.
পুনৰায় তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম ওনন ৰাখিলে।
5 Ta kuma haifi wani ɗa har yanzu, aka kuwa ba shi suna Shela. A Kezib ne ta haife shi.
তাই পুনৰ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তাৰ নাম চেলা ৰাখিলে; তাই এই পুত্র কজীবত থকাৰ সময়ত প্ৰসৱ কৰিলে।
6 Sai Yahuda ya auro wa Er mata, ɗansa na fari, sunanta Tamar.
পাছত যিহূদাই তেওঁৰ জেষ্ঠ্য পুত্ৰ এৰৰ লগত তামাৰ নামেৰে এজনী ছোৱালীক বিয়া কৰাই দিলে।
7 Amma Er, ɗan farin Yahuda mugu ne a fuskar Ubangiji, saboda haka Ubangiji ya kashe shi.
কিন্তু যিহূদাৰ জ্যেষ্ঠ পুত্ৰ এৰ যিহোৱাৰ দৃষ্টিত দুষ্ট হোৱাত যিহোৱাই তাক বিনষ্ট কৰিলে।
8 Sa’an nan Yahuda ya ce wa Onan, “Ka kwana da matar ɗan’uwanka ka cika wajibinka gare ta a matsayin ɗan’uwan miji, don ka samar wa ɗan’uwanka’ya’ya.”
তেতিয়া যিহূদাই ওননক ক’লে, “তুমি তোমাৰ ককায়েৰাৰ ভার্য্যাক বিয়া কৰোঁৱা। দেওৰেক হিচাবে তুমি তাইলৈ কৰিবলগীয়া কর্তব্য কৰা আৰু তোমাৰ ককায়েৰাৰ বংশ বৃদ্ধি কৰা।”
9 Amma Onan ya san cewa’ya’yan ba za su zama nasa ba; saboda haka a duk sa’ad da ya kwana da matar ɗan’uwansa, sai yă zub da maniyyinsa a ƙasa don kada yă samar wa ɗan’uwansa’ya’ya.
কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে।
10 Abin nan da ya yi mugunta ce a gaban Ubangiji, saboda haka Ubangiji ya kashe shi, shi ma.
১০তেওঁ কৰা কার্য্য যিহোৱাৰ দৃষ্টিত দুষ্টতা আছিল। সেয়ে যিহোৱাই তেওঁকো বিনষ্ট কৰিলে।
11 Sai Yahuda ya ce wa surukarsa Tamar, “Ki yi zama kamar gwauruwa a gidan mahaifinki sai ɗana Shela ya yi girma.” Gama ya yi tunani, “Shi ma zai mutu, kamar’yan’uwansa.” Saboda haka Tamar ta je ta zauna a gidan mahaifinta.
১১তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
12 Bayan an daɗe sai matar Yahuda,’yar Shuwa ta rasu. Sa’ad da Yahuda ya gama makoki, sai ya haura zuwa Timna, zuwa wurin mutanen da suke askin tumakinsa, abokinsa Hira mutumin Adullam kuwa ya tafi tare da shi.
১২পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ মেৰ-ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল।
13 Sa’ad da aka faɗa wa Tamar cewa, “Surukinki yana kan hanyarsa zuwa Timna don askin tumakinsa,”
১৩তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।”
14 sai ta tuɓe rigunan gwaurancinta ta rufe kanta da lulluɓi don ta ɓad da kamanninta, sa’an nan ta je ta zauna a ƙofar shigar Enayim, wadda take a hanyar zuwa Timna. Gama ta lura cewa ko da yake Shela yanzu ya yi girma, ba a ba da ita gare shi ta zama matarsa ba.
১৪তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰমুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।
15 Sa’ad da Yahuda ya gan ta, ya yi tsammani karuwa ce, gama ta lulluɓe fuskarta.
১৫তেতিয়া যিহূদাই তাইক দেখি বেশ্যা বুলি জানিলে; কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল।
16 Bai san cewa ita surukarsa ce ba, sai ya ratse zuwa wurinta a gefen hanya ya ce, “Zo mana, in kwana da ke.” Sai ta ce, “Me za ka ba ni in na kwana da kai?”
১৬তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?”
17 Ya ce, “Zan aika miki da ɗan akuya daga garkena.” Sai ta ce, “Za ka ba ni wani abu jingina, kafin ka aika da shi?”
১৭তেওঁ ক’লে, “মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম।” তাতে তাই ক’লে, “তাক পঠাই নিদিয়েমানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে?”
18 Ya ce, “Wace jingina zan ba ki?” Sai ta amsa, “Hatiminka da ka rataye a wuya da kuma sandan da yake a hannunka.” Ya ba da su gare ta, ya kuma kwana da ita, sai ta yi ciki.
১৮যিহূদাই ক’লে, “কি বন্ধক ৰাখিম?” তাই ক’লে, “জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক।” তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে; তাৰফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ’ল।
19 Bayan ta tafi, sai ta tuɓe lulluɓin, ta sāke sa tufafin gwaurancinta.
১৯পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে।
20 Ana cikin haka sai Yahuda ya aika da ɗan akuya ta hannun abokinsa mutumin Adullam don yă karɓo masa jinginar daga wurin macen, amma bai same ta a can ba.
২০যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।
21 Ya tambayi mutanen da suke zama a can ya ce, “Ina karuwar haikalin da take a bakin hanya a Enayim?” Sai suka ce, “Ba a taɓa kasance da karuwar haikali a nan ba.”
২১তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।”
22 Saboda haka sai ya koma zuwa wurin Yahuda ya ce, “Ban same ta ba. Ban da haka ma, mutanen da suke zama a can, sun ce, ‘Ba a taɓa kasance da wata karuwar haikali a nan ba.’”
২২তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।”
23 Sa’an nan Yahuda ya ce, “Bari tă riƙe kayan kiɗa garin nema mu zama abin dariya. Ni kam, na aika da tunkiyar amma ba a same ta ba.”
২৩যিহূদাই ক’লে, “তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতে থাকক, নহলে আমাক লাজত পেলাব; মইতো ছাগলী পোৱালি পঠায়েই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা।”
24 Bayan misalin wata uku sai aka faɗa wa Yahuda cewa, “Tamar, surukarka ta yi laifin karuwanci, a sakamakon haka yanzu ta yi ciki.” Yahuda ya ce, “A fid da ita, a ƙone!”
২৪ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
25 Yayinda ake fitar da ita, sai ta aika saƙo zuwa wurin surukinta, ta ce, “Mutumin da yake da waɗannan kayan ne ya yi mini ciki.” Ta kuma ƙara da cewa, “Duba ko za ka gane da hatimin nan, da abin ɗamaran nan, da kuma sandan nan, ko na wane ne?”
২৫পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।”
26 Yahuda ya gane su, sai ya ce, “Ai, ta fi ni gaskiya, da yake ban ba da ita ga ɗana Shela ba.” Bai kuwa ƙara kwana da ita ba.
২৬তেতিয়া যিহূদাই সেইবোৰ চিনি পাই ক’লে, “তাই মোৰ তুলনাত অধিক ধাৰ্মিক; কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ।” তাৰ পিছত যিহূদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে।
27 Sa’ad da lokaci ya yi da za tă haihu, ashe, tagwaye’yan maza ne suke cikinta.
২৭পাছত তাইৰ প্ৰসৱৰ কাল ওচৰ হোৱাত দেখা গ’ল তামাৰৰ গৰ্ভত এহাল যঁজা ল’ৰা আছে।
28 Yayinda take haihuwa, ɗaya daga cikinsu ya fid da hannunsa; sai ungonzomar ta ɗauki jan zare ta ɗaura a hannun, ta ce, “Wannan ne ya fito da farko.”
২৮জন্ম হওঁতে, এটা সন্তানে তাৰ হাতখন বাহিৰ কৰিলে; তেতিয়া ধাত্ৰীয়ে এডাল ৰঙা সূতা লৈ তাৰ সেই হাতত বান্ধি ক’লে, “এইটোৰ জন্ম প্ৰথমে হৈছে।”
29 Amma sa’ad da ya janye hannunsa, sai ɗan’uwansa ya fito, sai ta ce, “Wato, haka ne ka keta ka fito!” Sai aka ba shi suna Ferez.
২৯কিন্তু সি যেতিয়া নিজৰ হাতখন ভিতৰলৈ সুমুৱাই নিলে, তেতিয়াই তাৰ ভায়েক প্রথমে বাহিৰ ওলাই আহিল; তাতে ধাত্ৰীয়ে ক’লে, “তুমি কেনেকৈ ভেদ ভাঙি ওলাই আহিলা!” এই কাৰণে তেওঁৰ নাম পেৰচ ৰখা হ’ল।
30 Sa’an nan ɗan’uwansa wanda yake da jan zare a hannunsa ya fito, aka kuma ba shi suna Zera.
৩০পাছত হাতত ৰঙা সূতা বন্ধা তাৰ ভায়েক বাহিৰ হ’ল আৰু তাৰ নাম জেৰহ ৰাখিলে।

< Farawa 38 >