< Farawa 26 >

1 Aka yi yunwa a ƙasar; ban da yunwar da aka yi da fari a zamanin Ibrahim, sai Ishaku ya tafi wurin Abimelek sarkin Filistiyawa a Gerar.
অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
2 Ubangiji kuwa ya bayyana ga Ishaku ya ce, “Kada ka gangara zuwa Masar; ka yi zauna a ƙasar da zan faɗa maka.
পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
3 Ka zauna a wannan ƙasa na ɗan lokaci, zan kuwa kasance tare da kai, zan kuma albarkace ka. Gama zan ba da waɗannan ƙasashe gare ka da kuma zuriyarka. Zan kuma cika rantsuwar da na yi wa mahaifinka Ibrahim.
তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
4 Zan sa zuriyarka ta yi yawa kamar taurari a sararin sama zan kuwa ba su dukan waɗannan ƙasashe, ta wurin’ya’yanka kuma za a albarkaci dukan al’umman duniya,
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
5 domin Ibrahim ya yi mini biyayya ya kuma kiyaye umarnaina, ƙa’idodina da kuma dokokina.”
কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
6 Sai Ishaku ya zauna a Gerar.
সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
7 Sa’ad da mutanen wurin suka tambaye shi game da matarsa, sai ya ce, “’Yar’uwata ce,” gama yana tsoro yă ce, “Ita matata ce.” Ya yi tunani, “Mutane wannan wuri za su kashe ni ta dalili Rebeka, domin kyakkyawa ce.”
সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
8 Sa’ad da Ishaku ya daɗe a can, sai Abimelek sarkin Filistiyawa ya duba daga taga ya ga Ishaku yana rungumar matarsa Rebeka.
পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
9 Saboda haka Abimelek ya aika Ishaku yă je, sa’an nan ya ce, “Tabbatacce ita matarka ce! Me ya sa ka ce, ‘Ita’yar’uwata ce?’” Ishaku ya amsa masa ya ce, “Don na yi tsammani zan rasa raina saboda ita.”
তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
10 Sa’an nan Abimelek ya ce, “Me ke nan ka yi mana? Da a ce wani daga mazanmu ya kwana da matarka, ai, da ka jawo laifi a kanmu.”
১০তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
11 Saboda haka Abimelek ya yi umarni ga dukan mutane. “Duk wanda ya fitine wannan mutum ko matarsa, tabbatacce za a kashe shi.”
১১পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
12 Ishaku ya shuka hatsi a wannan ƙasa, a shekaran nan ya yi girbi ninki ɗari, domin Ubangiji ya albarkace shi.
১২সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
13 Mutumin ya arzuta, arzikinsa ya yi ta haɓaka har ya zama attajiri.
১৩আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
14 Ya kasance da garkunan tumaki da na shanu da bayi masu yawa, har Filistiyawa suka yi ƙyashinsa.
১৪আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
15 Saboda haka dukan rijiyoyin da bayin mahaifinsa suka haƙa a kwanakin da mahaifinsa Ibrahim yake da rai, Filistiyawa sun toshe su, suka kuma ciccike su da ƙasa.
১৫ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
16 Sai Abimelek ya ce wa Ishaku, “Fita daga cikinmu; ka fi ƙarfinmu.”
১৬পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
17 Saboda haka Ishaku ya fita daga can, ya yi sansani a Kwarin Gerar, ya kuma zauna a can.
১৭তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
18 Ishaku ya sāke tona rijiyoyi waɗanda dā aka haƙa a zamanin Ibrahim mahaifinsa, gama Filistiyawa suka tattoshe bayan mutuwar Ibrahim, ya kuma sa musu sunayen da mahaifinsa ya ba su.
১৮আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
19 Barorin Ishaku suka haƙa cikin kwarin suka kuwa sami rijiya mai ruwa mai kyau a can.
১৯আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
20 Amma makiyayan Gerar suka yi faɗa da na Ishaku suka ce, “Ruwan namu ne!” Saboda haka Ishaku ya ba wa rijiyar suna Esek, domin sun yi faɗa da shi.
২০তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
21 Sai suka haƙa wata rijiya, amma suka yi faɗa a kanta ita ma, saboda haka ya ce da ita Sitna.
২১পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না” ৰাখিলে।
22 Sai Ishaku ya matsa daga can ya sāke haƙa wata rijiyar, babu wani kuma da yi faɗa a kanta. Sai ya ba ta suna Rehobot, yana cewa, “Yanzu Ubangiji ya ba mu wuri, za mu kuwa yi ta haihuwa a ƙasar.”
২২আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
23 Daga can ya haura zuwa Beyersheba.
২৩তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
24 A wannan dare Ubangiji ya bayyana gare shi ya ce, “Ni ne Allah na mahaifinka Ibrahim. Kada ka ji tsoro, gama ina tare da kai, zan albarkace ka, zan kuma ƙara yawan zuriyarka saboda bawana Ibrahim.”
২৪সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
25 Sai Ishaku ya gina bagade a can, ya kuma kira bisa sunan Ubangiji. A can ya kafa tentinsa, a can kuma bayinsa suka haƙa wata rijiya.
২৫পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
26 Ana cikin haka, sai Abimelek ya zo wurinsa daga Gerar, tare da Ahuzzat mai ba shi shawara da Fikol shugaban mayaƙansa.
২৬তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
27 Ishaku ya tambaye su, “Me ya kawo ku gare ni, da yake kun yi gāba da ni, kuka kuma kore ni?”
২৭তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
28 Suka amsa, “Mun ga a zahiri cewa Ubangiji yana tare da kai; saboda haka muka ce, ‘Dole rantsuwa ta kasance tsakaninmu da kai.’ Bari mu yi yarjejjeniya da kai
২৮তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
29 cewa ba za ka cuce mu ba, kamar yadda ba mu fitine ka ba, amma muka yi maka kirki, muka kuma sallame ka cikin salama. Yanzu kuwa kai albarkatacce ne na Ubangiji.”
২৯আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
30 Sai Ishaku ya shirya musu liyafa, suka ci suka kuma sha.
৩০তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
31 Kashegari da sassafe sai mutanen suka yi wa juna rantsuwa. Sa’an nan Ishaku ya sallame su, suka kuwa tafi cikin salama.
৩১পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
32 A wannan rana bayin Ishaku suka zo suka faɗa masa game da rijiyar da suka haƙa. Suka ce, “Mun sami ruwa!”
৩২আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
33 Sai ya kira ta Shiba, don haka har wa yau ana kira garin Beyersheba.
৩৩তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
34 Sa’ad da Yaƙub ya kai shekaru arba’in da haihuwa, sai ya auri Yudit’yar Beyeri mutumin Hitti, da kuma Basemat’yar Elon mutumin Hitti.
৩৪পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
35 Su ne suka zama sanadin baƙin ciki ga Ishaku da Rebeka.
৩৫কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।

< Farawa 26 >