< Farawa 24 >

1 Yanzu fa Ibrahim ya tsufa, yana da shekaru masu yawa, Ubangiji kuma ya albarkace shi a kowace hanya.
অব্ৰাহাম অতিশয় বৃদ্ধ অৱস্থালৈ জীয়াই আছিল। আৰু যিহোৱাই সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল।
2 Sai Ibrahim ya ce wa babban bawan gidansa, wanda yake lura da duk abin da yake da shi, “Sa hannunka a ƙarƙashin cinyata.
পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
3 Ina so ka rantse da sunan Ubangiji Allah na sama da ƙasa, cewa ba za ka samo wa ɗana mata daga’yan matan Kan’aniyawa, waɗanda nake zama cikinsu ba.
মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা,
4 Amma za ka tafi ƙasata da kuma cikin’yan’uwana, ka samo mata saboda ɗana Ishaku.”
তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।”
5 Bawan ya ce masa, “Me zai faru in matar ba tă yarda tă zo tare da ni zuwa wannan ƙasa ba? In komar da ɗanka a ƙasar da ka fito ne ke nan?”
তেতিয়া সেই দাসে তেওঁক ক’লে, “যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়? পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল, মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যাম নে?”
6 Ibrahim ya ce, “Ka tabbata ba ka komar da ɗana can ba.”
অব্ৰাহামে তেওঁক ক’লে, “সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা!
7 Ubangiji Allah na sama, wanda ya fitar da ni daga gidan mahaifina, da kuma ƙasar asalina wanda kuma ya yi magana da ni, ya yi mini alkawari da rantsuwa cewa, “Ga zuriyarka zan ba da wannan ƙasa, zai aika mala’ikansa yă sha gabanka domin ka samo wa ɗana mata daga can.
স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।
8 In matar ba tă yarda tă zo tare da kai ba, za a kuɓutar da kai daga wannan rantsuwa. Sai dai kada ka kai ɗana a can.”
যদি কোনো ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হ’বা; কিন্তু মোৰ পুত্ৰক হ’লে তালৈ পুনৰাই নিনিবা।”
9 Saboda haka bawan ya sa hannunsa a ƙarƙashin cinyar maigidansa Ibrahim, ya kuma rantse masa game da wannan al’amari.
তাতে, সেই দাসে নিজ প্ৰভু অব্ৰাহামৰ কৰঙনৰ তলত হাত দি, সেই বিষয়ে তেওঁৰ আগত শপত কৰিলে।
10 Sai bawan ya ɗibi raƙuma goma na maigidansa ya tafi, ɗauke da kowane irin abubuwa masu kyau daga wurin maigidansa. Ya fita don yă tafi Aram-Naharayim, ya kama hanyarsa zuwa garin Nahor.
১০পাছত সেই দাসে নিজ প্ৰভুৰ উটবোৰৰ মাজৰ দহোটা উট লগত ল’লে; আৰু নিজ প্ৰভুৰ পৰা সকলো ধৰণৰ উত্তম উত্তম বস্তুৰ অলপ লৈ সেই ঠাইৰ পৰা অৰাম-নহৰিয়মৰ নাহোৰ নগৰৰ ওচৰ পালে।
11 Ya sa raƙuman suka durƙusa kusa da rijiya a bayan gari; wajen yamma ne, lokacin da mata sukan fita ɗiban ruwa.
১১তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।
12 Sai ya yi addu’a ya ce, “Ya Ubangiji Allah na maigidana Ibrahim, ka ba ni nasara yau, ka kuma nuna alheri ga maigidana Ibrahim.
১২তেতিয়া সেই দাসে ক’লে, “হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, আজি মোক সহায় কৰি সফল কৰক। মোৰ প্ৰভু, অব্ৰাহামৰ পুত্রৰ বাবে এগৰাকী যোগ্য পাত্ৰী বাচিবলৈ সহায় কৰক। অনুগ্ৰহ কৰি মোৰ প্রভু অব্রাহমক এই দয়া কৰক।
13 Duba, ina tsaye a bakin rijiyar ruwa,’ya’ya matan mutanen gari kuma suna fitowa domin ɗiban ruwa.
১৩চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; পাছত সেই নগৰীয়া মানুহৰ ছোৱালীবোৰ পানী তুলিবলৈ ওলাই আহিব।
14 Bari yă zama sa’ad da na ce wa wata yarinya, ‘Ina roƙonki ki saukar da tulunki domin in sha,’ in ta ce, ‘Ka sha, zan kuma ba wa raƙumanka ma’; bari tă zama ita ce ka zaɓa wa bawanka Ishaku. Ta haka zan san cewa ka nuna wa maigidana alheri.”
১৪ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।”
15 Kafin ya gama addu’a, sai Rebeka ta fito da tulu a kafaɗarta. Ita’yar Betuwel ɗan Milka, matar Nahor, ɗan’uwan Ibrahim.
১৫পাছত তেওঁ প্রার্থনা শেষ কৰাৰ আগতে, ৰিবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। ৰিবেকা অব্ৰাহামৰ ভাই নাহোৰৰ ভার্যা মিল্কাৰ পুতেক বথোৱেলৰ জীয়েক।
16 Yarinyar kuwa kyakkyawa ce, budurwa, ba namijin da ya taɓa kwana da ita. Ta gangara zuwa rijiyar, ta cika tulunta ta kuma hauro.
১৬সেই যুৱতী দেখাত পৰম সুন্দৰী আৰু কোনো পুৰুষৰ সৈতে সংস্পর্শ নথকা কুমাৰী আছিল। তাই ভুমুকলৈ নামি কলহ ভৰাই উঠি আহিল।
17 Bawan ya yi sauri ya same ta ya ce, “Ina roƙonki ki ba ni ɗan ruwa daga tulunki.”
১৭এনেতে, দাসজনে লৰি গৈ, তাইৰে সৈতে সাক্ষাত কৰি ক’লে, “বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া।”
18 Ta ce, “Ka sha, ranka yă daɗe,” ta yi sauri ta saukar da tulun a hannuwanta, ta kuma ba shi, ya sha.
১৮তাতে তাই ক’লে, “আপুনি খাওঁক,” এই বুলি তাই হাতত লৈ অহা কলহটো নমাই থলে আৰু সেই দাসক পানী খাবলৈ দিলে।
19 Bayan ta ba shi ya sha, sai ta ce, “Zan ɗebo wa raƙumanka ruwa su ma, har sai sun gama sha.”
১৯এনেদৰে পানী খুৱাই অঁতোৱাৰ পাছত তাই ক’লে, “আৰু আপোনাৰ উটবোৰেও পানী খাই নুঠালৈকে মই সিহঁতলৈকো তুলিম।”
20 Sai ta yi sauri ta juye ruwan da yake tulunta cikin kwami, ta koma zuwa rijiyar da gudu don ta ƙara ɗebo ruwa, ta kuma ɗebo isashe saboda dukan raƙumansa.
২০এই বুলি তাই বেগতে ঘোলনিত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ কুৱাঁলৈ গৈ, উটবোৰলৈ পানী তুলি দি আছিল।
21 Mutumin bai ce uffam ba, ya dai kalle ta sosai don yă san ko Ubangiji ya ba shi nasara a tafiyarsa ko babu.
২১তাতে সেই দাসে তাইৰ সকলো কর্ম নীৰৱে লক্ষ্য কৰি আছিল। তেওঁ নিশ্চিত হ’ব বিচাৰিছিল যে যিহোৱাই তেওঁৰ যাত্রা সফল কৰিছে নে নাই।
22 Sa’ad da raƙuman suka gama shan ruwa, mutumin ya fitar da zoben hanci na zinariya mai nauyin giram biyar da woroworo biyu na zinariya masu nauyin shekel goma, ya ba ta.
২২উটবোৰে পানী খাই শেষ কৰাৰ পাছত, সেই দাসজনে আধা চেকল সোণৰ এটা নথ আৰু হাতৰ কাৰণে দহ চেকল সোণৰ এযোৰ খাৰু লৈ তাইক ক’লে,
23 Sa’an nan ya tambaye ta ya ce, “Ke’yar wace ce? Ina roƙonki ki faɗa mini, akwai wuri a gidan mahaifinki da za mu kwana?”
২৩“কোৱাচোন তুমি কাৰ জীয়েক? বিনয় কৰোঁ, এই ৰাতি থাকিবলৈ তোমাৰ পিতৃৰ ঘৰত আমাৰ বাবে ঠাই হ’ব নে?”
24 Sai ta ce masa, “Ni’yar Betuwel ce ɗan da Milka ta haifa wa Nahor.”
২৪তেতিয়া তাই ক’লে, “মই নাহোৰ আৰু মিল্কাৰ পুত্র বথোৱেলৰ জীয়েক।”
25 Ta ƙara da cewa, “Muna da isashen ciyawa da abincin dabbobi, da kuma wuri domin ku kwana.”
২৫তাই তেওঁক আৰু ক’লে, “আমাৰ তাত খেৰ আৰু দানা বহুত আছে ৰাতি থাকিবলৈ কোঁঠালিও আছে।”
26 Sa’an nan mutumin ya rusuna ya yi wa Ubangiji sujada,
২৬তেতিয়া সেই দাসজনে মূৰ দোঁৱালে আৰু যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
27 yana cewa, “Yabo ya tabbata ga Ubangiji Allah na maigidana Ibrahim, wanda bai daina nuna alheri da amincinsa ga maigidana ba. Ni kam, Ubangiji ya bishe ni a tafiyata zuwa gidan’yan’uwan maigidana.”
২৭তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”
28 Yariyan ta gudu ta faɗa wa mutanen gidan mahaifiyarta game da abubuwan nan.
২৮পাছত সেই ছোৱালীজনী বেগাই ঘৰলৈ গ’ল আৰু মাকৰ লগতে ঘৰৰ সকলোকে এই সকলো কথা ক’লে।
29 Rebeka fa tana da wani ɗan’uwa mai suna Laban, sai ya yi hanzari ya fita zuwa wurin mutumin a rijiyar.
২৯ৰিবেকাৰ লাবন নামেৰে এজন ককায়েক আছিল; তেতিয়া লাবনে বেগাই সেই ভুমুকৰ ওচৰত থকা সেই পুৰুষজনৰ ওচৰলৈ গ’ল।
30 Nan da nan da ya ga zoben hancin da woroworo a hannuwan’yar’uwansa, ya kuma ji Rebeka ta faɗa abin da mutumin ya ce mata, sai ya fita zuwa wurin mutumin, ya same shi yana tsaye wajen raƙuma kusa da rijiyar.
৩০তেওঁ যেতিয়া ভনীয়েকৰ হাতত খাৰু আৰু নথ দেখিলে আৰু নিজৰ ভনী ৰিবেকাৰ মুখেৰে যেতিয়া “তেওঁ এই কথা ক’লে,” বুলি শুনিলে, তেতিয়া তেওঁ সেই পুৰুষজনৰ ওচৰলৈ গ’ল। সেই পুৰুষজন তেতিয়া উটবোৰৰ সৈতে পানীৰ ভুমুকটোৰ ওচৰত থিয় হৈ আছিল।
31 Sai ya ce, “Zo, ya kai mai albarka na Ubangiji, don me kake tsaye a waje? Gama na shirya gida da wuri domin raƙuma.”
৩১লাবনে ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত লোক, আহঁক; বাহিৰত কিয় এনেদৰে থিয় হৈ আছে? মই আপোনাৰ বাবে ঘৰ আৰু উটবোৰলৈয়ো ঠাই যুগুত কৰিছোঁ।”
32 Don haka mutumin ya tafi gidan, aka kuma saukar da kaya kan raƙuman. Aka kawo wa raƙuman ciyawa da abincin dabbobi, aka kuma kawo ruwa dominsa da mutanensa su wanke ƙafafunsu.
৩২তেতিয়া পুৰুষজন গৈ সেই ঘৰত সোমাল। উটবোৰৰ পৰা বোজাবোৰ নমালে আৰু খাবলৈ খেৰ আৰু দানা দিলে। তাৰ পাছত তেওঁক আৰু তেওঁৰ লগত যোৱা লোকসকলক ভৰি ধুবলৈ পানী দিলে।
33 Sa’an nan aka ajiye abinci a gabansa, amma ya ce, “Ba zan ci ba, sai na faɗi abin da yake tafe da ni.” Sai Laban ya ce, “Faɗa mana.”
৩৩পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে; কিন্তু তেওঁ খাবলৈ সন্মত নহ’ল। তেওঁ ক’লে, “মোৰ ক’বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্রহণ নকৰোঁ।” তেতিয়া লাবনে ক’লে, “তেনেহ’লে কওঁক।”
34 Saboda haka ya ce, “Ni bawan Ibrahim ne.
৩৪তেতিয়া তেওঁ ক’লে, “মই অব্ৰাহামৰ দাস।
35 Ubangiji ya albarkaci maigidana sosai, ya kuma zama mai arziki. Ya ba shi tumaki, shanu, azurfa, zinariya, bayi maza da mata, raƙuma, da kuma jakuna.
৩৫যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।
36 Saratu matar maigidana ta haifa masa ɗa a tsufanta, ya kuma ba shi duk mallakarsa.
৩৬চাৰা, মোৰ প্রভুৰ ভার্য্যাই বৃদ্ধ কালত মোৰ প্ৰভুলৈ এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁকেই তেওঁ নিজৰ সকলোখিনি দিছে।
37 Maigidana ya sa na yi rantsuwa, ya kuma ce, ‘Kada ka ɗauko wa ɗana mata daga’ya’ya matan Kan’aniyawa, waɗanda nake zama a ƙasarsu,
৩৭মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, ‘মই যি কনান দেশত বাস কৰিছোঁ, তুমি মোৰ পুত্রৰ ভার্য্যাৰূপে এই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা।
38 amma ka tafi wajen gidan mahaifina da kuma dangina, ka ɗauko wa ɗana mata.’
৩৮ইয়াৰ পৰিবর্তে, মোৰ পিতৃৰ আৰু মোৰ আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্রৰ বাবে এগৰাকী ভার্য্যা লৈ আহাঁ’।
39 “Sai na ce wa maigidana, ‘A ce matar ba tă yarda tă zo tare da ni ba fa?’
৩৯মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’।
40 “Maigidana ya ce, ‘Ubangiji wanda yake tare da ni zai aiki mala’ikansa tare da kai, yă kuma sa tafiyarka tă yi nasara, don ka samo wa ɗana mata daga dangina, daga kuma gidan mahaifina.
৪০কিন্তু তেওঁ মোক ক’লে, ‘যিজনৰ সাক্ষাতত মই জীৱন-যাপন কৰি আছোঁ, সেইজনা যিহোৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁৰ দূত পঠিয়াই দিব, আৰু তোমাৰ পথ উন্নত কৰিব; তাতে তুমি মোৰ পুত্রৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃৰ বংশৰ পৰা ভার্য্যা আনিব পাৰিবা।
41 Ta haka za ka kuɓuta daga rantsuwata sa’ad da ka tafi wurin dangina, ko ma sun ƙi su ba ka ita, za ka kuɓuta daga rantsuwata.’
৪১কিন্তু তুমি যদি মোৰ আত্মীয়সকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে যদি মোৰ পুত্ৰৰ বাবে ছোৱালী দিবলৈ অস্বীকাৰ কৰে, তেনেহলে তুমি মোৰ এই শপতৰ পৰা মুক্ত হ’বা’।
42 “Sa’ad da na zo rijiya a yau, na ce, ‘Ya Ubangiji Allah na maigidana Ibrahim, ina roƙonka ka ba ni nasara a tafiyar da na yi.
৪২সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক’লো, ‘হে যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰা সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা।
43 Duba, ina tsaye kusa da wannan rijiya; in wata yarinya ta fito domin tă ɗiba ruwa, wadda in na ce mata, “Ina roƙonki bari in ɗan sha ruwa daga tulunki,”
৪৩তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’।
44 in ta ce, “Ka sha, zan kuma ba wa raƙumanka ma,” bari tă zama wadda Ubangiji ya zaɓar wa ɗan maigidana.’
৪৪তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক।
45 “Kafin in gama addu’ar, a zuciyata, sai ga Rebeka ta fito da tulunta a kafaɗarta. Ta gangara zuwa rijiyar ta ɗebo ruwa, na kuma ce mata, ‘Ina roƙonki ki ba ni ɗan ruwa daga tulunki.’
৪৫এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’।
46 “Ta yi sauri ta saukar da tulun daga kafaɗarta ta ce, ‘Sha, zan kuma ba wa raƙumanka su ma.’ Sai na sha, ta kuma shayar da raƙumana su ma.
৪৬তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, ‘খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম’। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে।
47 “Na tambaye ta, ‘Ke’yar wane ne?’ “Ta ce, ‘’Yar Betuwel ɗan Nahor, wanda Milka ta haifa masa.’ “Sai na sa mata zobe a hancinta, woroworo kuma a hannuwata,
৪৭পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ।
48 na kuma sunkuya na yi wa Ubangiji sujada. Na yabi Ubangiji Allah na maigidana Ibrahim wanda ya bi da ni a hanyar da take daidai, don in samo wa ɗan maigidana jikanyar ɗan’uwansa.
৪৮তেতিয়া মই মুৰ দোৱালো আৰু যিহোৱাৰ আৰাধনা কৰিলোঁ। ধন্য যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; মোৰ প্ৰভুৰ পুত্ৰৰ বাবে তেওঁৰ আত্মীয়ৰ পৰা কন্যা বিচাৰি আনিবলৈ তেওঁ মোক সঠিক পথত চলায় আনিলে।
49 Yanzu fa in za ku nuna wa maigidana alheri da aminci, ku faɗa mini, in kuma ba haka ba, ku faɗa mini, don in san hanyar da zan juya.”
৪৯এতিয়া মই কওঁ, ‘তুমি যদি মোৰ প্ৰভুৰ পৰিয়ালৰ সৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ’বলৈ সন্মত হোৱা, তেনেহলে মোক কোৱা; কিন্তু যদি নহোৱা, তেনেহলেও মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম।”
50 Laban da Betuwel suka ce, “Wannan daga wurin Ubangiji ne, ba abin da za mu ce I, ko a’a ba.
৫০তেতিয়া লাবন আৰু বথোৱেলে উত্তৰ দি ক’লে, “এই বিষয় যিহোৱাৰ পৰা আহিল; সেয়ে এই বিষয়টো ভাল বা বেয়া বুলি আমি তোমাক ক’ব নোৱাৰিম।
51 Ga Rebeka, ɗauke ta ku tafi, bari tă zama matar ɗan maigidanka, yadda Ubangiji ya umarta.”
৫১চোৱা, ৰিবেকা তোমাৰ ওচৰতে আছে; তাইক লৈ যোৱা; যিহোৱাই কোৱাৰ দৰেই তাই তোমাৰ প্ৰভুৰ পুত্ৰৰ ভাৰ্যা হওক।”
52 Sa’ad da bawan Ibrahim ya ji abin da suka ce, sai ya rusuna har ƙasa a gaban Ubangiji.
৫২যেতিয়া অব্ৰাহামৰ দাসে তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ মাটিত আঠুকাঢ়ি যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
53 Sa’an nan bawan ya fito da kayan ado na zinariya da azurfa da kayayyaki na tufafi ya ba wa Rebeka; ya kuma ba wa ɗan’uwanta da mahaifiyarta kyautai masu tsada.
৫৩পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।
54 Sa’an nan shi da mutanen da suke tare da shi suka ci, suka sha, suka kuma kwana a can. Kashegari da safe da suka tashi sai ya ce, “A sallame ni in koma wurin maigidana.”
৫৪পাছত তাতে তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ভোজন-পান কৰিলে আৰু ৰাতিটো থাকিল। তাতে ৰাতিপুৱা তেওঁলোক যেতিয়া উঠিল, তেতিয়া সেই দাসে ক’লে, “এতিয়া মোৰ প্ৰভুৰ ওচৰলৈ মোক যাবলৈ দিয়ক।”
55 Amma ɗan’uwanta da mahaifiyarta suka ce, “Bari yarinyar ta ɗan zauna tare da mu kwana goma ko fiye, sa’an nan ka ta fi.”
৫৫তেতিয়া তেওঁৰ ককায়েক আৰু মাকে ক’লে, “আমাৰ লগত পুনৰ কিছু দিনলৈ কন্যাজনী থাকক; অতি কমেও দহ দিন মান থাকক। তাৰ পাছত তেওঁ যাব।”
56 Amma ya ce musu, “Kada ku tsai da ni, tun da Ubangiji ya ba ni nasara a tafiyata. Ku sallame ni domin in tafi wurin maigidana.”
৫৬কিন্তু তেওঁ তেওঁলোকক ক’লে, “যিহোৱাই মোৰ যাত্ৰা সফল কৰিছে; এতেকে মোক পলম কৰি নাৰাখিব; মই মোৰ প্ৰভুৰ ওচৰলৈ যাওঁ, মোক বিদায় দিয়ক।”
57 Sa’an nan suka ce, “Bari mu kira yarinyar mu tambaye ta game da zancen.”
৫৭তেতিয়া তেওঁলোকে ক’লে, “আমি আমাৰ ছোৱালীক মাতি আনো আৰু তেওঁৰ মুখৰ কথা শুনো।”
58 Saboda haka suka kira Rebeka suka ce mata, “Za ki tafi tare da mutumin nan?” Sai ta ce, “Zan tafi.”
৫৮তাৰ পাছত তেওঁলোকে ৰিবেকাক মাতি আনি সুধিলে, “তুমি এই জন মানুহৰ লগত যাবা নে?” তেতিয়া তেওঁ উত্তৰ দিলে, “হয়, মই যাম।”
59 Saboda haka suka sallame Rebeka,’yar’uwarsu, duk da uwar goyonta da bawan Ibrahim da mutanensa.
৫৯তেতিয়া তেওঁ নিজ ভনী ৰিবেকা আৰু ৰিবেকাৰ আলপৈচান ধৰা দাসীগৰাকীক অব্ৰাহামৰ দাস আৰু তেওঁৰ সৈতে অহা লোকসকলৰ লগত যাত্রা কৰিবলৈ পঠিয়াই দিলে।
60 Suka kuma albarkaci Rebeka suka ce mata, “’Yar’uwarmu, bari ki zama mahaifiyar dubu dubbai, bari zuriyarki su mallaki ƙofofin abokan gābansu.”
৬০তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
61 Sa’an nan Rebeka da bayinta mata suka shirya suka hau raƙumansu suka koma tare da mutumin. Da haka bawan ya ɗauki Rebeka ya tafi.
৬১তেতিয়া ৰিবেকা আৰু তেওঁৰ দাসীয়ে আহি উটত উঠিল আৰু সেই লোকজনক অনুসৰণ কৰিলে। তাতে সেই দাসে ৰিবেকাক লগত ল’লে আৰু তেওঁৰ পথত যাত্রা কৰিব ধৰিলে।
62 Ishaku kuwa ya zo daga Beyer-Lahai-Royi, gama yana zama a Negeb.
৬২সেই সময়ত ইচহাকে নেগেভত বাস কৰিছিল, আৰু তেওঁ বেৰ-লহয়-ৰোৱীৰ পৰা উভতি আহিছিলহে মাত্র।
63 Wata rana da yamma ya fita zuwa fili domin yă yi tunani, sa’ad da ya ɗaga ido, sai ya ga raƙuma suna zuwa.
৬৩ইচহাকে সন্ধিয়া সময়ত কোনো বিষয় বিবেচনা কৰি পথাৰলৈ গৈছিল। তাতে তেওঁ যেতিয়া চকু তুলি চালে, তেতিয়া উটবোৰক আহি থকা দেখিলে।
64 Rebeka ma ta ɗaga ido sai ta ga Ishaku. Ta sauka daga raƙuminta da sauri,
৬৪তাতে ইচহাকক যেতিয়া ৰিবেকাই দেখা পালে, তেতিয়া তেওঁ লগে লগে উটৰ পৰা নামিল।
65 ta ce wa bawan, “Wane ne mutumin can a fili, da yake zuwa yă tarye mu?” Bawan ya ce, “Maigidana ne.” Saboda haka ta ɗauki mayafinta to rufe kanta.
৬৫আৰু সেই দাসক তেওঁ সুধিলে, “আমাক সাক্ষাত কৰিবলৈ পথাৰৰ মাজেদি খোজকাঢ়ি আহি থকা সেইজন কোন?” সেই দাসে ক’লে, “এইজন মোৰ প্ৰভু।” তেতিয়া ৰিবেকাই ওৰণি ল’লে আৰু নিজকে ঢাকিলে।
66 Sai bawan ya faɗa wa Ishaku duk abin da ya yi.
৬৬পাছত সেই দাসে নিজে কৰা সকলো কাৰ্যৰ কথা ইচহাকক জনালে।
67 Ishaku ya kawo ta cikin tentin mahaifiyarsa Saratu, ya kuma auri Rebeka. Ta haka ta zama matarsa, ya kuwa ƙaunace ta; Ishaku kuma ya ta’azantu bayan rasuwar mahaifiyarsa.
৬৭তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।

< Farawa 24 >