< Farawa 15 >
1 Bayan wannan, maganar Ubangiji ta zo wa Abram cikin mafarki cewa, “Kada ka ji tsoro, Abram. Ni ne garkuwarka, kuma ladanka zai zama mai girma.”
১এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
2 Amma Abram ya ce, “Ya Ubangiji Mai Iko Duka, mene ne za ka ba ni, ganin cewa ba na haihuwa, wanda kuma zai gāji gādon gidana shi ne Eliyezer mutumin Damaskus?”
২অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
3 Abram ya kuma ce, “Ga shi ba ka ba ni ɗa ba, don haka bawan da aka haifa a gidana ne zai zama magājina.”
৩অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
4 Sa’an nan maganar Ubangiji ta zo gare shi cewa, “Wannan mutum ba zai zama magājinka ba, ɗa da yake zuwa daga jikinka ne zai zama magājinka.”
৪তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
5 Sai Ubangiji ya fito da kai shi waje ya ce, “Ka dubi sammai ka kuma ƙirga taurari, in har za ka iya ƙirga su.” Sa’an nan ya ce masa, “Haka zuriyarka za tă zama.”
৫তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
6 Abram ya gaskata, Ubangiji kuma ya lasafta shi adalci ga Abram.
৬তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে।
7 Ubangiji ya kuma ce wa Abram, “Ni ne Ubangiji wanda ya fitar da kai daga Ur na Kaldiyawa, domin in ba ka wannan ƙasa ka mallake ta.”
৭পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”
8 Amma Abram ya ce, “Ya Ubangiji Mai Iko Duka, yaya zan san cewa zan mallake ta?”
৮তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?”
9 Saboda haka Allah ya ce masa, “Kawo mini karsana, akuya, da kuma rago kowanne yă kasance shi shekara uku ne, da kurciya da kuma ɗan tattabara.”
৯তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
10 Abram ya kawo waɗannan duka a gaban Allah, ya raba kowannensu a tsakiya, ya ajiye su gab da juna, amma bai tsaga tsuntsayen a tsaka ba.
১০অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে।
11 Sai tsuntsaye masu cin nama suka sauko a kan gawawwakin, amma Abram ya kore su.
১১পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে।
12 Yayinda rana tana fāɗuwa, sai Abram ya yi barci mai zurfi, sai wani duhu mai kauri mai kuma bantsoro ya rufe shi.
১২পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল।
13 Sa’an nan Ubangiji ya ce wa Abram, “Ka sani tabbatacce cewa shekaru ɗari huɗu, zuriyarka za tă zama baƙi a ƙasar da ba tasu ba, za a mai da su bayi, a kuma wulaƙanta su.
১৩তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব।
14 Amma zan hukunta al’ummar da suka yi bauta kamar bayi, daga baya kuma za su fita da mallaka mai yawa.
১৪তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
15 Amma kai za ka koma wurin kakanninka cikin salama a kuma binne ka da kyakkyawan tsufa.
১৫কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।
16 A tsara ta huɗu zuriyarka za tă komo nan, saboda zunubin Amoriyawa bai riga ya cika ba.”
১৬তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”
17 Sa’ad da rana ta fāɗi, aka kuwa yi duhu, sai wata tukunya mai hayaƙi, mai harshen wuta mai ci, ta bayyana, ta kuma wuce tsakanin abubuwan nan da aka tsaga.
১৭বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল।
18 A wannan rana, Ubangiji ya yi alkawari da Abram ya ce, “Ga zuriyarka na ba da wannan ƙasa, daga kogin Masar zuwa babban kogi, Yuferites ke nan,
১৮সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
19 ƙasar Keniyawa, Kenizziyawa, Kadmoniyawa,
১৯তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া,
20 Hittiyawa, Ferizziyawa, Refahiyawa,
২০হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া,
21 Amoriyawa, Kan’aniyawa, Girgashiyawa da kuma Yebusiyawa.”
২১ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।”